নতুন দিল্লী
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে, অহা ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব। লোকসভাৰ অধিৱেশন ৩০ নৱেম্বৰত আৰম্ভ হ’ব যদিও ৰাজ্যসভাৰ অধিৱেশন ২ ডিচেম্বৰৰ পৰাহে আৰম্ভ হ’ব বুলি ৰিজিজুৱে কয়।
এক্সত এক পোষ্টত মন্ত্ৰীগৰাকীয়ে কয়, "চৰকাৰে লোকসভাৰ সন্মানীয় অধ্যক্ষ আৰু ৰাজ্যসভাৰ সন্মানীয় অধ্যক্ষক অনুৰোধ জনাইছে যে, ২০২৬ চনৰ ৩০ নৱেম্বৰ সোমবাৰে লোকসভা আৰু ২০২৬ চনৰ ২ ডিচেম্বৰ বুধবাৰে ৰাজ্যসভাত অধিৱেশন অনুষ্ঠিত কৰি জৰুৰী চৰকাৰী বিজনেচৰ কাৰ্যক্ৰম চলাব লাগে। বিজনেচৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি দুয়োখন সদনৰ বৈঠক ২০২৬ চনৰ ৩ ডিচেম্বৰত সমাপ্ত হ’ব পাৰে।"
অৱশ্যে ৰিজিজুৱে অধিৱেশনৰ কাৰ্যসূচীৰ সবিশেষ তথ্য প্ৰদান কৰা নাই। ৩০ নৱেম্বৰৰ পৰা লোকসভাৰ বিশেষ বৈঠকৰ পূৰ্বে শুকুৰবাৰে বিয়লি চৰকাৰে কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে৷ এই বৈঠকত সীমা নিৰ্ধাৰণ সম্পৰ্কীয় মহিলা সংক্ষণ বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।
দিনৰ ১ বজাত সেৱা তীৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক আহ্বান কৰা হৈছে। গুৰুত্বপূৰ্ণ বৈঠকখনৰ বিষয়ে সকলো মন্ত্ৰীলৈ বাৰ্তা প্ৰেৰণ কৰি তাত তেওঁলোকৰ উপস্থিতি নিশ্চিত কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
ইফালে, কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কয় যে, সংসদৰ বিশেষ অধিৱেশনখন চৰকাৰে সীমা নিৰ্ধাৰণ বিধেয়কখন গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ প্ৰয়াস।
এক্সৰ এক পোষ্টত তেওঁ কয়, "২০২৬ চনৰ ১৪ এপ্ৰিলৰ আম্বেদকাৰ জয়ন্তীৰ সন্ধিয়া মোদী চৰকাৰে সীমা নিৰ্ধাৰণ বিধেয়কসমূহ প্ৰকাশ কৰে৷ ইয়াৰ প্ৰকৃত ফলাফল ২০২৬ চনৰ ১৭ এপ্ৰিলৰ নিশা প্ৰকাশ পাইছিল। এতিয়া সংবিধান দিৱসত, অপাৰেচন লোটাছৰ ১০৫ দিনৰ পাছত, মোদী চৰকাৰে সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশাত বিশেষ অধিৱেশনৰ ঘোষণা কৰিছে। সংবিধানৰ প্ৰতি ইয়াতকৈ ডাঙৰ অপমান আৰু আক্ৰমণ কি হ’ব পাৰে? যুঁজখন অব্যাহত আছে।"
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে এতিয়াও সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়সীমা বা আনুষ্ঠানিকভাৱে সমাপ্ত ঘোষণা কৰা নাই৷ এই বৈঠক সমাপ্ত হোৱাৰ ১০৫ দিনৰ পাছত অভিলেখ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ’ল চৰকাৰে অতি কমেও দুদিনৰ জাননী দি বৰ্তমানৰ অধিৱেশনৰ ভিতৰতে বিশেষ বৈঠক আহ্বান কৰিব পাৰে। নতুন অধিৱেশন আহ্বান কৰিবলৈ কমেও ১৪ দিনৰ জাননী দিব লাগিব।
যোৱা বছৰ চৰকাৰে শীতকালীন অধিবেশনৰ দিন ৮ নৱেম্বৰত ঘোষণা কৰিছিল। এইবাৰ শীতকালীন অধিৱেশনৰ কোনো তাৰিখ ঘোষণা কৰা হোৱা নাই। সংবিধান সংশোধনী বিধেয়ক প্ৰতিখন ৰাজ্যৰ জনসংখ্যাৰ অনুপাতে থকা আসনৰ নীতিৰ ওপৰত আধাৰিত। ইয়াৰ অৰ্থ হ’ল সমগ্ৰ ৰাজ্যৰ লোকসভা সমষ্টিত জনসংখ্যা প্ৰায় একে হ’ব।