নাগালেণ্ড আৰু মিজোৰাম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে; উদ্বোধন কৰিব হৰ্ণবিল মহোৎসৱ

Story by  atv | Posted by  Munni Begum • 36 m ago
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ
 
নতুন দিল্লী
 
আজিৰ পৰা ২ ডিচেম্বৰলৈ তিনিখন ৰাজ্যৰ ছদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে নাগালেণ্ড আৰু মিজোৰাম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে নাগালেণ্ডৰ ২৭ সংখ্যক হৰ্ণবিল মহোৎসৱ উদ্বোধন কৰাৰ লগতে মিজোৰামৰ জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় পৰিদৰ্শন কৰিব। 
 
বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, অহা ২৯ নৱেম্বৰত মূৰ্মূৱে মিজোৰামৰ কেলছিহত অৱস্থিত ৰোপুইলিয়ানি জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় পৰিদৰ্শন কৰিব। 
 
৩০ নৱেম্বৰত তেওঁ আইজলত মিজোৰাম বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন আৰু বিশ্ববিদ্যালয়খনৰ ৰূপালী জয়ন্তী উদ্‌যাপনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
 
ইয়াৰ পাছতে ১ ডিচেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে নাগালেণ্ড ভ্ৰমণ কৰি কিছামাত অনুষ্ঠিত হ’বলগীয়া ২৭ সংখ্যক হৰ্ণবিল মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নাগালেণ্ডৰ অন্যতম প্ৰধান সাংস্কৃতিক উৎসৱ হিচাপে পৰিচিত এই মহোৎসৱত ৰাজ্যখনৰ বিভিন্ন জনজাতিৰ পৰম্পৰা, সাংস্কৃতিক ঐতিহ্য, সংগীত আৰু হস্তশিল্পৰ বৈচিত্ৰ্য প্ৰতিফলিত হয়।
 
উত্তৰ-পূৰ্বাঞ্চললৈ অহাৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে কেৰালাম ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ২৭ নৱেম্বৰত তেওঁ থালায়াট্টুমপিল্লিত অৱস্থিত আদি শংকৰাচাৰ্যৰ জন্মস্থান পৰিদৰ্শন কৰাৰ লগতে ত্ৰিশূৰৰ বৈদ্যৰত্নম আয়ুৰ্বেদ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদ্‌যাপনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 
 
আনহাতে, ২৮ নৱেম্বৰত এঝিমালাত অৱস্থিত ভাৰতীয় নৌসেনা একাডেমীৰ ২০২৬ বৰ্ষৰ শৰৎকালীন প্ৰশিক্ষণৰ সামৰণী কুচকাৱাজত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। অহা ২ ডিচেম্বৰত ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ছদিনীয়া ভ্ৰমণসূচীৰ সামৰণি পৰিব।