স্বামী বিবেকানন্দই ভাৰতীয় সমাজক সচেতন কৰিবলৈ আধ্যাত্মিকতাক অস্ত্ৰ কৰি লৈছিলঃ অজিত ডোভাল

Story by  atv | Posted by   Imtiaz Ahmed • 2 h ago
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
নতুন দিল্লী

স্বামী বিবেকানন্দ আছিল এজন দূৰদৰ্শী কৌশলবিদ। ভাৰতীয় সমাজৰ হৃত আত্মবিশ্বাস ঘূৰাই আনি মানুহক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ তেওঁ আধ্যাত্মিকতাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। ৰাজীৱ ছিক্ৰিৰ এখন গ্ৰন্থক লৈ বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেচনে আয়োজন কৰা আলোচনাত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এইদৰে কয়। অনুষ্ঠানত ফাউণ্ডেচনৰ অধ্যক্ষ শ্ৰী গুৰুমূৰ্তি, জেনেৰেল অনিল চৌহান, ফাউণ্ডেচনৰ সঞ্চালক, ছিক্ৰি আৰু বিশিষ্ট অতিথিসকল উপস্থিত আছিল।

ডোভালৰ মতে, বিবেকানন্দই প্ৰতিটো জাতিৰ পৰিচয় আৰু ৰাষ্ট্ৰসত্তাৰ ভেটি হিচাপে এক স্বকীয় বৈশিষ্ট্য চিনাক্ত কৰিছিল। ভাৰতৰ ক্ষেত্ৰত সেয়া আধ্যাত্মিকতা। ইয়াৰ তাৎপৰ্য ধৰ্মীয় পৰিসৰ আৰু পাশ্চাত্য ৰাষ্ট্ৰধাৰণাৰ ঊৰ্ধ্বত। সভ্যতাৰ মূল্যবোধ আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে আধ্যাত্মিকতাই যুগে যুগে ভাৰতক একত্ৰিত কৰিছে। বিবেকানন্দৰ বাবে ধৰ্মৰ মৰ্ম আছিল আচাৰ-অনুষ্ঠানৰ ঊৰ্ধ্বলৈ গৈ বিশ্বব্ৰহ্মাণ্ড পৰিচালনাকাৰী মৌলিক সত্যৰ সন্ধান কৰা। প্ৰতিটো ধৰ্মতে সত্যৰ অংশ আছে বুলি বিশ্বাস কৰা বিবেকানন্দই ভিন্ন ধৰ্ম-মতক সহিষ্ণুতাৰে বুজিবলৈ আহ্বান জনাইছিল।

"শতিকাজোৰা দুখ-অপমান আৰু নিপীড়নে সমাজৰ একাংশৰ আত্মমৰ্যাদা ক্ষুণ্ণ কৰিছিল। বহুতেই নিজৰ ইতিহাস, পূৰ্বপুৰুষ আৰু ঐতিহ্যক লৈ গৌৰৱ কৰিবলৈ এৰি পশ্চিমীয়া মূল্যবোধ আৰু জীৱনশৈলী অনুকৰণ কৰিছিল। চিকাগোৰ বিশ্ব ধৰ্ম মহাসভাত যোগ দিয়াৰ আগতে ১৮৮৮ৰ পৰা ১৮৯৩লৈ আহাৰ-আশ্ৰয়ৰ নিশ্চয়তা অবিহনে পৰিব্ৰাজক সন্ন্যাসী হিচাপে দেশ ভ্ৰমণ কৰি বিবেকানন্দই সাধাৰণ মানুহৰ দুৰ্দশা আৰু অন্তৰ্নিহিত শক্তি উপলব্ধি কৰিছিল," তেওঁ কয়।

"১৮৮৮ত বাৰাণসীত উপাধ্যায় নামৰ সংস্কৃত পণ্ডিত এজনে তেওঁক ছয় দৃশ্যৰ হিন্দী নাটক ‘ভাৰত দুৰ্দশা’ৰ সৈতে পৰিচয় কৰাইছিল। প্ৰথম দৃশ্যৰ শান্ত, বিদ্বেষমুক্ত, সকলোৰে হিতাকাংক্ষী সন্ন্যাসীৰ বিপৰীতে পৰৱৰ্তী দৃশ্যবোৰত নৈতিকতা, সত্যনিষ্ঠা আৰু আত্মবিশ্বাসৰ অৱক্ষয়, আত্মঘাতী কলহ, মোগল-ব্ৰিটিছ শাসনত নিৰ্যাতিতৰ প্ৰাণভিক্ষা, এলাহ আৰু অজ্ঞানতাৰ ছবি ফুটিছিল। শেষত বাৰে বাৰে আঘাত পাই অচেতন ভাৰতক সন্ন্যাসীয়ে জগাবলৈ চেষ্টা কৰে," ডোভালে ইয়াত বিবেকানন্দৰ জীৱনব্ৰতৰ প্ৰতিফলন দেখে।

কঠোপনিষদত অজ্ঞানতা অতিক্ৰম কৰি জ্ঞানীৰ পৰা শিক্ষা লৈ মুক্তিলাভৰ আহ্বানক বিবেকানন্দই জাতীয় জাগৰণৰ বাণী কৰিলে — “উঠা, জাগা, লক্ষ্যত উপনীত নোহোৱালৈকে নৰ’বা।” তেওঁৰ স্বপ্নৰ নৱভাৰত গঢ়ি উঠিব কৃষক-মাছমৰীয়াৰ জুপুৰি, মুচিৰ দোকান, কল-কাৰখানা, হাট-বজাৰ, হাবি-পাহাৰৰ পৰা। "প্ৰতিজন ব্যক্তি, প্ৰতিটো পৰিয়াল, গাঁও আৰু সম্প্ৰদায়ক ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় কৰিবলৈ ব্যক্তিগত সামৰ্থ্যক সংগঠন আৰু সমন্বয়ৰ জৰিয়তে সামূহিক শক্তিত পৰিণত কৰাই আছিল তেওঁৰ কৌশল," ডোভালে কয়।

সৈন্য, অস্ত্ৰ বা ধন অবিহনেও সনাতন পৰম্পৰাত বিশ্বাসী হিন্দু সমাজকে ধৰি ভাৰতবাসীৰ সুপ্ত আধ্যাত্মিক শক্তি উজাগৰ কৰিব বিচাৰিছিল বিবেকানন্দই। জীৱনকালতে সুফল নাপালেও সেয়া দেশৰ ভৱিষ্যৎ বিকাশৰ ভেটি হ’ব বুলি তেওঁ বিশ্বাস কৰিছিল। ডোভালৰ মতে, এই গণজাগৰণেই আধুনিক যোগাযোগব্যৱস্থা অবিহনে গান্ধীক হাজাৰজনক সংগঠিত কৰাত সহায় কৰিছিল আৰু ভগৎ সিং, চন্দ্ৰশেখৰ আজাদক শাসকশক্তিক প্ৰত্যাহ্বান জনোৱাৰ সাহস দিছিল।

আনৰ পক্ষপাতদুষ্ট ব্যাখ্যা এৰাই বিবেকানন্দৰ নটা খণ্ডৰ ৰচনাৱলীৰ পৰা বাছি লোৱা উদ্ধৃতি বিষয়ভিত্তিকভাৱে সজাই ছিক্ৰিয়ে তেওঁৰ চিন্তা সহজবোধ্য কৰিছে বুলি ডোভালে কয়। সামৰণিৰ অধ্যায়টোক প্ৰেৰণাদায়ক আৰু চিন্তাউদ্ৰেককাৰী আখ্যা দি তেওঁ ৰূপা পাব্লিকেশ্যনছক অভিনন্দন জনায় আৰু গ্ৰন্থখনে প্ৰাপ্য স্বীকৃতি আৰু পাঠক লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।