নতুন দিল্লী
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ)ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা কেডেটে নিজ নিজ শাখাত শীৰ্ষস্থান দখল কৰি এক নতুন ইতিহাস ৰচনা কৰিছে।
পুনেস্থিত দেশৰ আগশাৰীৰ এই প্ৰতিৰক্ষা শিক্ষানুষ্ঠানটোৱে শনিবাৰে এক বিবৃতিযোগে জনোৱা অনুসৰি, কেডেট গাৰ্গী পালিৱালে কম্পিউটাৰ বিজ্ঞান শাখাত আৰু কেডেট দিব্যা গোদাৰাই কলা শাখাত প্ৰথম স্থান লাভ কৰিছে।
এই কৃতিত্বৰ বাবে গাৰ্গী পালিৱালক নৌসেনা প্ৰধানৰ ট্ৰফী আৰু কমাণ্ডেণ্টৰ ৰূপৰ পদক প্ৰদান কৰা হ’ব। আনহাতে, দিব্যা গোদাৰাক বায়ুসেনা প্ৰধানৰ ট্ৰফী আৰু কমাণ্ডেণ্টৰ ৰূপৰ পদকেৰে সন্মানিত কৰা হ’ব।
২০২২ চনত প্ৰথমবাৰৰ বাবে মহিলা কেডেটৰ বাবে একাডেমীৰ দুৱাৰ মুকলি কৰাৰ চাৰি বছৰৰ পাছতেই গাৰ্গী আৰু দিব্যাই এই উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে।
ইফালে, বিজ্ঞান শাখাত কেডেট আয়ুষ কুমাৰে প্ৰথম স্থান লাভ কৰিছে। শৈক্ষিক ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে তেওঁক স্থলসেনা প্ৰধানৰ ট্ৰফী আৰু কমাণ্ডেণ্টৰ ৰূপৰ পদক প্ৰদান কৰা হ’ব।
বি টেক শাখাত প্ৰথমৰ পৰা ষষ্ঠ ছেমিষ্টাৰলৈ সামগ্ৰিক মেধাৰ ভিত্তিত কেডেট প্ৰশান্ত কুমাৰে শীৰ্ষস্থান দখল কৰিছে। তেওঁক চি আই এছ চি, এইচ কিউ আই ডি এছ ট্ৰফী আৰু কমাণ্ডেণ্টৰ ৰূপৰ পদকেৰে সন্মানিত কৰা হ’ব।
এইবাৰ একাডেমীৰ পৰা মুঠ ৩৬৫ গৰাকী কেডেটে স্নাতক ডিগ্ৰী লাভ কৰিছে। ইয়াৰে ১২ গৰাকী ভাৰতৰ মিত্ৰ বিদেশী ৰাষ্ট্ৰৰ কেডেট।
১৫১ সংখ্যক পাঠ্যক্ৰমৰ সমাৱৰ্তন অনুষ্ঠানত প্ৰতিৰক্ষা উন্নত প্ৰযুক্তি প্ৰতিষ্ঠান (ডি আই এ টি)ৰ উপাচাৰ্য ড০ বি এইচ ভি এছ নাৰায়ণ মূৰ্তিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
ৰাজস্থানৰ চিত্তোৰগড়ৰ বাসিন্দা গাৰ্গী পালিৱালে জানিবলৈ দিয়ে যে, তেওঁৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় সেনাবাহিনীৰ এগৰাকী কৰ্মৰত বিষয়া আৰু তেওঁৰ ভগ্নীয়ে সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয় (এ এফ এম চি)ত এম বি বি এছ অধ্যয়ন কৰি আছে।
নিজৰ সাফল্য সন্দৰ্ভত গাৰ্গীয়ে কয়, "এন ডি এত আৰম্ভণিৰ দিনবোৰ কিছু কঠিন আছিল। অৱশ্যে, লাহে লাহে মই পঢ়া-শুনা আৰু শাৰীৰিক প্ৰশিক্ষণ দুয়োটাৰে সৈতে খাপ খুৱাবলৈ সক্ষম হ’লোঁ। মই মোৰ এই ট্ৰফী পিতৃ-মাতৃৰ নামত উৎসৰ্গা কৰিব বিচাৰোঁ। জ্যেষ্ঠ কেডেট আৰু প্ৰশিক্ষকসকলে মোক যথেষ্ট সহায় কৰাৰ লগতে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰাতো বিশেষ ভূমিকা পালন কৰিছে।"