গুৱাহাটী
লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা সংবিধান (১৩২ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬লৈ কেন্দ্ৰীয় কেবিনেটে জনোৱা অনুমোদনক আদৰণি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তক এক ‘ঐতিহাসিক পদক্ষেপ’ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰস্তাৱিত বিধেয়কখনে গণতান্ত্ৰিক ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণক এক নতুন উচ্চতালৈ লৈ যোৱাৰ লগতে দেশৰ নীতি নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকৰ ভূমিকা অধিক শক্তিশালী কৰিব।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক কৃতিত্ব দিয়ে। তেওঁ কয় যে বিধায়িনী সংস্থাসমূহত মহিলাৰ বাবে এক-তৃতীয়াংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ দিশত কেন্দ্ৰীয় কেবিনেটৰ এই অনুমোদন এক ‘নিৰ্ণায়ক পদক্ষেপ’।
সোমবাৰে কেন্দ্ৰীয় চৰকাৰে লোকসভাত বিধেয়কখন উত্থাপন কৰাৰ কথা। মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ সুবিধাৰ্থে লোকসভাত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে নিৰ্ধাৰিত আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিধেয়কখনত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ লগতে ৰাজ্যিক বিধানসভাসমূহৰ আসনৰ সংখ্যাও সেই অনুপাতে বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে।
আসন আবণ্টন আৰু সমষ্টিৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ ২০৫১ চনলৈকে অপৰিৱৰ্তিত থাকিব। ইয়াৰ উপৰি, বিধেয়কখনত লোকসভাৰ বৰ্তমানৰ সৰ্বোচ্চ সদস্যসংখ্যাৰ সীমা বৃদ্ধি কৰি ৮৫০ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰে সৰ্বাধিক ৮১৫ গৰাকী সদস্য ৰাজ্যসমূহৰ পৰা আৰু ৩৫ গৰাকী সদস্য কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ পৰা নিৰ্বাচিত হ’ব।