শাৰীৰিক প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰা আঢ়ৈ ফুট উচ্চতাৰ ছ’চিয়েল মিডিয়া ছেনছেছন ৱাজিৰ মহম্মদ

Story by  atv | Posted by  Munni Begum • 1 h ago
ৱাজিৰ মহম্মদ
ৱাজিৰ মহম্মদ
 
ফাৰহান ইজৰাইলী / জয়পুৰ 
 
উচ্চতা মাত্ৰ আঢ়ৈ ফুট আৰু ওজন ২০ কিলোগ্ৰামতকৈয়ো কম! শৰীৰত এনে এবিধ বিৰল ৰোগ যিটোৰ সমগ্ৰ বিশ্বতে কোনো চিকিৎসা নাই। কিন্তু জয়পুৰৰ চাৰ দৰৱাজা এলেকাত বসবাস কৰা ৱাজিৰ মহম্মদে যেতিয়া কথা কয়, তেতিয়া তেওঁৰ কথাত ফুটি উঠে এক অসাধাৰণ আত্মবিশ্বাস। 'আৱাজ - দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত ৱাজিৰে স্পষ্টকৈ কয়, “মই নিজকে কেৱল চুটি ৰীলছৰ মাজতে আৱদ্ধ কৰি ৰাখিব নিবিচাৰো, কাৰণ মই ইয়াতকৈ বহুত বেছি ডাঙৰ সফলতা অৰ্জন কৰাৰ সাহস ৰাখোঁ।”
 
গুৰুতৰ শাৰীৰিক সীমাবদ্ধতা থকাৰ পিছতো ৱাজিৰে নিজকে কেতিয়াও অসহায় বুলি ভবা নাছিল। কাৰোবাৰ পুতৌৰ পাত্ৰ হৈ জীয়াই থকা বা কাৰোবাৰ পৰা সহায় বিচৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ সাহসৰ ওপৰত বিশ্বাস ৰাখিছিল। ইনষ্টাগ্ৰাম আৰু ইউটিউবত নিজৰ কনটেণ্ট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। আজি নিজৰ একাগ্ৰতাৰ বলত তেওঁ এজন পৰিচিত ডিজিটেল ক্ৰিয়েটৰ আৰু চেলিব্ৰিটি হৈ পৰিছে। তেওঁ নিজৰ সকলো খৰচ নিজেই বহন কৰে আৰু ইণ্টাৰনেটৰ জৰিয়তে যথেষ্ট উপাৰ্জনো কৰি আছে।
 
 
যেতিয়া হাড়বোৰ কপাহৰ দৰে কোমল হৈ পৰে
 
২০০৩ চনৰ ১৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৱাজিৰ জন্মৰ পৰাই অষ্টিঅ'জেনেচিছ ইম্পাৰফেক্টা (Osteogenesis Imperfecta - Brittle Bone Disease) নামৰ এবিধ গুৰুতৰ ৰোগত আক্ৰান্ত। এই ৰোগৰ বিষয়ে বুজাই তেওঁ কয় যে কপাহ হেঁচি দিলে যিদৰে চেপেটা হৈ যায়, তেওঁৰ হাড়বোৰো ঠিক সিমানেই ঠুনুকা। হাড় ভাঙি যোৱাৰ পিছত পোনে পোনে জোৰা নালাগে আৰু ফ্ৰেকচাৰ নোহোৱাকৈয়ে সময়ৰ লগে লগে বেকা হ'বলৈ ধৰে। চিকিৎসকৰ মতে, এয়া এবিধ জিনীয় ৰোগ আৰু ইয়াৰ কোনো স্থায়ী চিকিৎসা নাই। তেওঁৰ ভগ্নী খুছনুমাও একেই ৰোগত আক্ৰান্ত।
 
ৰোগৰ ভয়তে ৱাজিৰে প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে কেতিয়াও স্কুললৈ যাব পৰা নাছিল। মাক তছলিম আখতাৰৰ সদায় ভয় আছিল যে খেলি থকা ল'ৰা-ছোৱালীৰ মাজত তেওঁ হয়তো আঘাত পাব বা হাড় ভাঙি যাব পাৰে। সেয়ে দুয়ো ভাই-ভনীৰ প্ৰাথমিক শিক্ষা ঘৰতেই হৈছিল। কিন্তু অষ্টম শ্ৰেণীলৈ উঠাৰ লগে লগে ৱাজিৰে স্কুললৈ যোৱাৰ জেদ ধৰিলে। তেওঁৰ যুক্তি আছিল যে পৰীক্ষাত ভাল নম্বৰ পাবলৈ স্কুললৈ যোৱাটো অতি প্ৰয়োজনীয়। মাকে ভয় খাই খাই অনুমতি দিলে।
 
স্কুলৰ পৰিৱেশ আশা কৰাতকৈ বহু বেছি ভাল আছিল। সহপাঠী আৰু শিক্ষকসকলে ৱাজিৰক আন্তৰিকতাৰে আঁকোৱালি ল'লে। তেওঁৰ কোকোৰা চুলিৰ বাবে সকলোৱে মৰমতে তেওঁক "ঘবৰু" বুলি মাতিছিল। ৱাজিৰে মনত পেলায় যে কোনেও কেতিয়াও তেওঁক লৈ ইতিকিং কৰা নাছিল, সকলোৱে সহায়হে কৰিছিল। অৱশ্যে, ওচৰ-চুবুৰীয়াৰ কিছুমান মানুহে ককৰ্থনা কৰিছিল যে এনে অৱস্থাত পঢ়ি-শুনি কি লাভ হ'ব! কিন্তু তেওঁৰ পৰিয়াল সদায় এক ঢালৰ দৰে তেওঁৰ লগত থিয় দিছিল। আ-অলংকাৰৰ কামৰ সৈতে জড়িত পিতৃ আব্ৰাৰ মহম্মদ আৰু ভাতৃ আদিল মহম্মদে তেওঁক সদায় সাহস যোগাইছিল।
 
চিকিৎসক হোৱাৰ সপোন আৰু ভাইৰেল ৰীলছৰ আৰম্ভণি
 
দশম শ্ৰেণীৰ পঢ়া-শুনাৰ বাবে ৱাজিৰ কোটালৈ যায় আৰু নিজৰ মোমায়েকৰ কোচিং চেণ্টাৰত নামভৰ্তি কৰে। দশম শ্ৰেণীত ৫৯ শতাংশ নম্বৰ লাভ কৰাৰ পিছত তেওঁ এখন চৰকাৰী বিদ্যালয়ৰ পৰা বিজ্ঞান শাখা (জীৱবিজ্ঞান)ত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ 'নীট' পৰীক্ষাত অৱতীৰ্ণ হয়, যদিও সফলতা লাভ কৰিব নোৱাৰিলে। সেই সময়ছোৱাতে ছ'চিয়েল মিডিয়াত তেওঁৰ এক সুকীয়া পৰিচয় গঢ় লৈ উঠিছিল, যাৰ বাবে একেলগে পঢ়া-শুনা আৰু ভিডিঅ' নিৰ্মাণৰ কাম চম্ভালাটো টান হৈ পৰিছিল। ৱাজিৰে জনোৱা মতে তেওঁৰ দুটা সপোন আছিল- এটা হ'ল বিখ্যাত হোৱা আৰু আনটো হ'ল চিকিৎসক হোৱা। ইয়াৰে এটা সপোন প্ৰায় পূৰণ হৈছে, কিন্তু চিকিৎসক হোৱাৰ হেঁপাহ এতিয়াও আধৰুৱা হৈ আছে। তেওঁ ভৱিষ্যতে মহাবিদ্যালয়ত নামভৰ্তি কৰি নিজৰ পঢ়া-শুনা সম্পূৰ্ণ কৰিব বিচাৰে।
 
 ৱাজিৰ মহম্মদ
 
ভিডিঅ' বনোৱাৰ যাত্ৰা ২০১৬ চনত Musically এপৰ জৰিয়তে আৰম্ভ হৈছিল, যিটো পিছলৈ TikTok হৈ পৰিছিল। সেই সময়ত ৱাজিৰৰ নিজৰ কোনো ফোন নাছিল। তেওঁ নিজৰ সম্পৰ্কীয় ভাতৃ ইজহাৰৰ ম'বাইলৰ জৰিয়তে চখত ভিডিঅ' বনাইছিল। পৰৱৰ্তী সময়ত যেতিয়া পঢ়িবলৈ এটা স্মাৰ্টফোন পালে, তেতিয়া ইনষ্টাগ্ৰাম ৰীলছে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
 
দ্বাদশ শ্ৰেণীত পঢ়ি থকা সময়ত প্ৰসিদ্ধ কবি ৰাহত ইন্দোৰীৰ এটা শ্বায়েৰীৰ ওপৰত বনোৱা তেওঁৰ এটা ৰীল হঠাতে ভাইৰেল হৈ পৰে। সেই ভিডিঅ'টোৱে লাখ লাখ ভিউজ লাভ কৰে। ইয়াৰ পিছৰ পৰাই যেন সফলতাৰ ধাৰাবাহিকতা আৰম্ভ হ'ল। তেওঁৰ ভিডিঅ'বোৰ প্ৰতিদিনে ১০ মিলিয়নৰ পৰা ৩০ মিলিয়নলৈকে মানুহে চাবলৈ ধৰিলে। মাত্ৰ আঠ দিনৰ ভিতৰতে তেওঁৰ ফল'ৱাৰ্ছৰ সংখ্যা ৪,০০০ ৰ পৰা বৃদ্ধি পাই ৭৫,০০০ হ'লগৈ। সেই সময়লৈকে তেওঁ ঘৰৰ ভিতৰতে ভিডিঅ' বনাইছিল আৰু আনকি চুবুৰীয়া লোকেও জনা নাছিল যে তেওঁলোকৰ মাজতেই এজন ছ'চিয়েল মিডিয়া ষ্টাৰ লুকাই আছে। পিছত তেওঁৰ ভাতৃ আৰু সম্পৰ্কীয় ভাতৃয়ে তেওঁক প্ৰথমবাৰৰ বাবে বাহিৰলৈ লৈ গৈ শ্বুট কৰাবলৈ আৰম্ভ কৰিলে।
 
যেতিয়া অহংকাৰ আৰু ষ্ট্ৰাইকে ৰীচ কমাই দিলে
 
হঠাতে পোৱা এই সফলতাক চম্ভালাটো ইমান সহজ নাছিল। ৱাজিৰে কোনো কুণ্ঠাবোধ নকৰাকৈ স্বীকাৰ কৰে যে কম বয়সতে পোৱা এই খ্যাতিৰ বাবে তেওঁৰ মনত অজানিতে অলপ অহংকাৰৰ ভাব সোমাই পৰিছিল। ইয়াৰ মাজতে, এটা প্ৰম'চনেল ভিডিঅ'ত ইনষ্টাগ্ৰামৰ কমিউনিটি গাইডলাইন ভংগ হোৱাৰ বাবে একাউণ্টত ষ্ট্ৰাইক আহিল। যিটো একাউণ্টৰ ৰীচ এদিন ১০০ মিলিয়ন স্পৰ্শ কৰিছিল, সেয়া দ্ৰুতগতিত তললৈ নামি আহিল।
 
২০২২ ৰ পৰা ২০২৩ চনৰ সময়ছোৱা তেওঁৰ বাবে অতি কঠিন আছিল। ফল'ৱাৰ্ছৰ সংখ্যা ৭৫,০০০ ৰ পৰা ঘটি পোনে পোনে ৪৫,০০০ লৈ নামি আহিল। কিন্তু ৱাজিৰে হাৰ নামানিলে। তেওঁ বিশ্বাস কৰে যে নিজৰ ভুল স্বীকাৰ কৰিহে মানুহে জীৱনত আগুৱাই যাব পাৰে। তেওঁ হাৰ মনাৰ পৰিৱৰ্তে প্ৰায় ডেৰ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে কাম কৰি গ'ল।
 
ৱাজিৰ মহম্মদ
 
পুৰণি বন্ধুসকলেও এই কঠিন সময়ত তেওঁক সংগ দিলে। বন্ধু জিছানৰ জৰিয়তে তেওঁ ক্ৰিয়েটৰ ছাকিবক লগ পালে আৰু দুয়োৱে মিলি কনটেণ্ট বনাবলৈ আৰম্ভ কৰিলে। লাহে লাহে একাউণ্টৰ পৰা ষ্ট্ৰাইক আঁতৰিল, ভিডিঅ' আকৌ ভাইৰেল হ'বলৈ ধৰিলে আৰু ফল'ৱাৰ্ছৰ সংখ্যা ১ লাখ অতিক্ৰম কৰিলে।
 
ৰাষ্ট্ৰীয় পৰিচয় আৰু ৱৰ্ল্ড ৰেকৰ্ডত নাম
 
আজিৰ দিনত ৱাজিৰ মহম্মদক ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰলৈ চেলিব্ৰিটি হিচাপে আমন্ত্ৰণ জনোৱা হয়। তেওঁক জয়পুৰৰ বিৰলা অডিটৰিয়ামত 'জয়পুৰ বেষ্ট ক্ৰিয়েটৰ এৱাৰ্ড ২০২৩' ৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছত 'ইনফ্লুৱেন্সাৰ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ'ত তেওঁৰ নাম সন্নিৱিষ্ট হয়। শেহতীয়াকৈ, ২০২৬ চনৰ আগষ্ট মাহত গাজিয়াবাদত আয়োজিত এক এনাৰ্জি ড্ৰিংক ইভেণ্টত তেওঁ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে, য'ত তেওঁ নৃত্য প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে। ইয়াৰ উপৰি, তেওঁ জয়পুৰত অনুষ্ঠিত হোৱা স্নেপচাটৰ অফিচিয়েল ক্ৰিয়েটৰ মিটআপৰো অংশ আছিল।
 
বৰ্তমান ইনষ্টাগ্ৰামত ৱাজিৰৰ ৩.৫ লাখতকৈ অধিক ফল'ৱাৰ্ছ আছে। ফেচবুকত প্ৰায় ১ লাখ লোকে তেওঁক ফল' কৰে আৰু ইউটিউবতো ১৩ হেজাৰতকৈ অধিক ছাবস্ক্ৰাইবাৰ সংযুক্ত হৈছে। তেওঁ এতিয়ালৈকে ৫০০ ৰ পৰা ৬০০ ভিডিঅ' নিৰ্মাণ কৰিছে, যিবোৰত গড় হিচাপে ৫ লাখৰ পৰা ১০ লাখলৈকে ভিউজ আহে।
 
ৱাজিৰ মহম্মদ
 
তেওঁ এক্সন, ড্ৰামা, কমেডী আৰু ইম'চনেল ষ্ট'ৰীটেলিং- সকলো ধৰণৰ কনটেণ্ট বনায়। শ্বুটিং ম'বাইলৰ জৰিয়তে হয় আৰু সম্পাদনাৰ কামো তেওঁ নিজেই কৰে, কাৰণ তেওঁ নিজৰ কামত সৃষ্টিশীলতাৰ সৈতে কোনো ধৰণৰ আপোচ কৰিব নিবিচাৰে। ঘৰত ভিডিঅ' শ্বুট কৰাত তেওঁৰ বৌৱেক ফাহৰীনে সহায় কৰে।
 
নিজৰ কষ্ট আৰু অধ্যৱসায়ৰ জৰিয়তে ৱাজিৰে আজি সমাজৰ বাবে এক শক্তিশালী নিদৰ্শন দাঙি ধৰিছে। এতিয়া তেওঁৰ লক্ষ্য 'বিগ বছ'ৰ দৰে ডাঙৰ ৰিয়েলিটী শ্ব' আৰু বলিউডৰ ৰূপালী পৰ্দা। তেওঁৰ জীৱনৰ দৰ্শন অতি স্পষ্ট- “নিজৰ বাবে যিমান ডাঙৰ সপোন দেখিব, সিমানেই ডাঙৰ সফলতা অৰ্জন কৰিব পাৰিব। কেতিয়াও নাভাবিব যে আপোনাৰ যাত্ৰা ইমানতেই শেষ।”