আৱাজ - দ্য ভইচ ব্যুৰ’ / গুৱাহাটী
পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এজন ব্যক্তিৰ সদিচ্ছাই কিদৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মধ্যপ্ৰদেশৰ এজন যুৱকে। ছ’চিয়েল মিডিয়াত ‘বিট্টু তাবাহী’ নামেৰে পৰিচিত এই যুৱকজনে অকলশৰীয়া প্ৰচেষ্টাৰে এখন প্ৰদূষিত নদী পৰিষ্কাৰ কৰি এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হোৱাই নহয়, লাভ কৰিছে বিদেশৰ পৰা চাকৰিৰ প্ৰস্তাৱো।
মধ্যপ্ৰদেশৰ ২১ বছৰীয়া ছাত্ৰ সুৰেন্দ্ৰ সিং চৌধুৰী, যি অনলাইন জগতত 'বিট্টু তাবাহী' নামেৰে পৰিচিত, তেওঁৰ এক অকলশৰীয়া প্ৰচেষ্টাৰ বাবে নেদাৰলেণ্ডছস্থিত পৰিৱেশ সংস্থা 'দ্য অ'চেন ক্লীনআপ'ৰ পৰা এটা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে। এখন প্ৰদূষিত নদী পৰিষ্কাৰ কৰাৰ তেওঁৰ এই পদক্ষেপে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পিছতেই তেওঁলৈ এই প্ৰস্তাৱ আহে। অতি সোনকালেই তেওঁৰ এই প্ৰচেষ্টাই উদ্যোগপতি আনন্দ মহিন্দ্ৰা, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰে।
'এক্স'ত চৌধুৰীৰ প্ৰচেষ্টাক লৈ কৰা এটা পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বয়ান শ্লেটে। পোষ্টটোত তেওঁক "২০ বছৰীয়া ভাৰতীয় যুৱক" বুলি উল্লেখ কৰা হৈছিল, যিয়ে কেইবামাহ ধৰি অকলেই প্ৰদূষিত নদীখন পৰিষ্কাৰ কৰি আছিল। পোষ্টটোত নদীখন পৰিষ্কাৰ কৰাৰ আগৰ আৰু পাছৰ ছবিও সন্নিৱিষ্ট কৰা হৈছিল।
সুৰেন্দ্ৰ সিং চৌধুৰীক নেদাৰলেণ্ডস্থিত 'দ্য অ'চেন ক্লিনআপ'ৰ প্ৰতিষ্ঠাপকগৰাকীৰ চাকৰিৰ বাবে জনোৱা এই আমন্ত্ৰণে এতিয়া এটা স্থানীয় প্ৰচেষ্টাক এক বিশ্বস্তৰীয় সুযোগলৈ ৰূপান্তৰিত কৰিছে।
উল্লেখ্য যে বয়ান শ্লেটে নিজেই মাত্ৰ ১৬ বছৰ বয়সত সাগৰৰ প্লাষ্টিক পৰিষ্কাৰ কৰাৰ সপোন দেখিছিল আৰু পিছলৈ বিশ্ববিদ্যালয়ৰ পঢ়া আধৰুৱাকৈ এৰি ২০১৩ চনত 'দ্য অ'চেন ক্লিনআপ' প্ৰতিষ্ঠা কৰিছিল। সাগৰৰ পৰা বৃহৎ পৰিমাণৰ প্লাষ্টিক আঁতৰাবলৈ সক্ষম হোৱা প্ৰযুক্তি নিৰ্মাণ কৰা হৈছিল। অৱশ্যে প্ৰথম অৱস্থাৰ সংস্কৰণসমূহে সম্পূৰ্ণ নিখুঁতভাৱে কাম কৰা নাছিল। বৰ্তমান, 'দ্য অ'চেন ক্লিনআপ'-ৰ ছিষ্টেমসমূহে 'গ্ৰেট পেচিফিক গাৰ্বেজ পেচ্ছ'ৰ পৰা সক্ৰিয়ভাৱে প্লাষ্টিক আঁতৰাই আছে আৰু নদীৰ আৱৰ্জনা সাগৰত পৰাৰ আগতেই আৱদ্ধ কৰাৰ কাম কৰি আছে। পানীত অত্যাধিক প্লাষ্টিক দেখি চিন্তিত হোৱা এজন কিশোৰৰ জৰিয়তেই ইয়াৰ আৰম্ভণি ঘটিছিল। বয়ানে সুৰেন্দ্ৰৰ মাজত নিজৰেই প্ৰতিচ্ছবি দেখা পাইছিল, যাৰ বাবে এটা স্থানীয় প্ৰচেষ্টা আজি বিশ্বস্তৰীয় সুযোগলৈ ৰূপান্তৰিত হ'ল।
ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচেনে চৌধুৰীৰ এই প্ৰচেষ্টাক "বীৰত্বপূৰ্ণ" আখ্যা দি প্ৰশংসা কৰাৰ পিছতেই ৰাজগড় জিলাৰ বিয়াওৰাত এই যুৱ পৰিৱেশ স্বেচ্ছাসেৱকজনে কৰা কামৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষিত হয়।
যোৱা ২৬ জানুৱাৰীত বিয়াওৰাৰ অজনৰ নদীখন প্লাষ্টিকৰ আৱৰ্জনাৰে বেয়াকৈ ভৰি থকা দেখি চৌধুৰীয়ে ইয়াক পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ কৰিছিল। তেওঁ নিজৰ গাঁঠিৰ ধন প্ৰায় ৩০,০০০ টকা খৰচ কৰি প্ৰাথমিক সঁজুলি আৰু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছিল আৰু নদীখনৰ তিনিটা প্ৰধান ঘাট পৰিষ্কাৰ কৰি উলিয়াইছিল।
তেওঁৰ হাতত কোনো gloves বা পিন্ধিবলৈ উপযুক্ত জোতা নথকাৰ পিছতো, আনকি সাঁতুৰিব নজনা সত্ত্বেও তেওঁ প্লাষ্টিক, শেলাই আৰু অন্যান্য আৱৰ্জনা আঁতৰাবলৈ প্ৰদূষিত পানীত নামিছিল। তেওঁ এই পৰিষ্কাৰ অভিযানৰ আগৰ আৰু পিছৰ অৱস্থাৰ ফটো তুলি ৰাখিছিল, যিবোৰ পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
স্থানীয় পৌৰসভায়ো তেওঁৰ এই অভিযানত সহায়ৰ হাত আগবঢ়াইছে আৰু পুৰণি জমা হোৱা আৱৰ্জনা তথা পলিথিন আঁতৰাবলৈ JCB আৰু পকলেইন মেচিন প্ৰদান কৰিছে।
তাবাহীৰ এই প্ৰচেষ্টাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিয়াওৰা পৌৰ নিগমৰ উপ-অভিযন্তা ৰূপেশ কুমাৰ নেতামে কয়, "বিট্টু (প্ৰকৃত নাম: সুৰেন্দ্ৰ সিং চৌধুৰী) নামৰ এজন যুৱক আছে যিয়ে নিয়মীয়াকৈ বিয়াওৰাৰ অজনাৰ নদীখন পৰিষ্কাৰ কৰে; পৌৰসভায়ো তেওঁক এই প্ৰচেষ্টাত সহায় আগবঢ়ায়।"
তেওঁ কয় যে পাঁচটা ডাঙৰ নলাৰ পানী বিয়াওৰা নদীত পৰে; এই দূষিত পানী বন্ধ কৰিবলৈ চৰকাৰে প্ৰায় ১৪.৭৭ কোটি টকা ব্যয় সাপেক্ষে এটা এছটিপি (STP - আৱৰ্জনা পানী শোধন প্ৰকল্প) নিৰ্মাণৰ প্ৰস্তাৱ প্ৰস্তুত কৰিছে।
তেওঁৰ এই কামে বহু শীৰ্ষ ব্যৱসায়িক নেতাৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
সুৰেন্দ্ৰ ওৰফে বিট্টুৰ এই কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে সদিচ্ছা আৰু একাগ্ৰতা থাকিলে সমাজত এক বৃহৎ ইতিবাচক পৰিৱৰ্তন অনাটো সম্ভৱ। এজন যুৱকৰ নিঃস্বাৰ্থ প্ৰচেষ্টাই আজি কেৱল এখন মৃতপ্ৰায় নদীকেই জীয়াই তোলা নাই, প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ বাবেই এক বিৰল আৰু অনুপ্ৰেৰণাদায়ক আদৰ্শ দাঙি ধৰিছে।