কাশ্মীৰত ঋতুৰ প্ৰথমটো শূন্য ডিগ্ৰীৰ তলৰ নিশা; শ্ৰীনগৰত তাপমাত্ৰা মাইনাছ ০.১ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
শ্ৰীনগৰ
 
কাশ্মীৰ উপত্যকাত ক্ৰমাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। সোমবাৰে নিশা শ্ৰীনগৰকে ধৰি কাশ্মীৰৰ অধিকাংশ অঞ্চলত চলিত ঋতুৰ প্ৰথমবাৰৰ বাবে তাপমাত্ৰা শূন্য ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি যায়। মঙলবাৰে এই তথ্য সদৰী কৰে সংশ্লিষ্ট বিষয়াসকলে।
 
জম্মু-কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰত চলিত ঋতুৰ এতিয়ালৈকে আটাইতকৈ শীতল নিশা অনুভূত হয়। চহৰখনত নিশাৰ সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ০.১ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। বিষয়াসকলে জনোৱা মতে, এই সময়ছোৱাৰ স্বাভাৱিক তাপমাত্ৰাতকৈ ই ০.৮ ডিগ্ৰী চেলছিয়াছ কম।
 
আনহাতে, দক্ষিণ কাশ্মীৰৰ উপত্যকালৈ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত কাজিগুণ্ডত সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ১ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়।
 
উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ বিখ্যাত স্কি পৰ্যটনস্থলী গুলমাৰ্গত তাপমাত্ৰা মাইনাছ ৩.৪ ডিগ্ৰী চেলছিয়াছলৈ নামি অহাৰ বিপৰীতে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ জনপ্ৰিয় পৰ্যটনস্থলী পহেলগামত সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ৩.৮ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। ইয়াৰ লগে লগে পহেলগাম জম্মু-কাশ্মীৰৰ আটাইতকৈ শীতল স্থান হিচাপে চিহ্নিত হয়।
 
ইফালে, দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ৩.৬ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। উত্তৰ কাশ্মীৰৰ কুপৱাৰাত মাইনাছ ০.৯ ডিগ্ৰী চেলছিয়াছ আৰু কোকাৰনাগত ১.১ ডিগ্ৰী চেলছিয়াছ সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হয়।
 
জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চল আৰু উচ্চভূমিসমূহত শেহতীয়াকৈ হোৱা তুষাৰপাতৰ পাছতেই সমগ্ৰ উপত্যকাটোত শীতৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, চলিত মাহৰ শেষলৈকে কাশ্মীৰ উপত্যকাৰ বতৰ প্ৰধানকৈ শুকান হৈ থকাৰ সম্ভাৱনা আছে।