ইউৰোপীয় সংঘ-ভাৰতৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমত নতুন সম্ভাৱনা আৰু সুযোগৰ দুৱাৰ মুকলি কৰিব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  [email protected] • 1 h ago
ভাৰতস্থিত ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত জীন-এৰিক পেকু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ভাৰতস্থিত ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত জীন-এৰিক পেকু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
অসমৰ সৰ্বাংগীণ উন্নয়ন আৰু বিশ্বায়িত অৰ্থনৈতিক বিকাশৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত ভাৰতস্থিত ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত জীন-এৰিক পেকুৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰে। দুয়োগৰাকী শীৰ্ষ নেতাই ইউৰোপীয় ইউনিয়ন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ, বিশেষকৈ অসমৰ মাজত দ্বিপাক্ষিক সহযোগিতা আৰু অংশীদাৰিত্ব অধিক সুদৃঢ় কৰি তোলাৰ বিভিন্ন দিশ সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনাত মিলিত হয়।
 
আলোচনাৰ মূল কেন্দ্ৰবিন্দু আছিল প্ৰস্তাৱিত ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তি। এই চুক্তিয়ে কেনেদৰে বিনিয়োগ, দক্ষতা বিকাশ, নৱ-উন্মেষ আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক আদান-প্ৰদানৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিব পাৰে, তাৰ ওপৰত বৈঠকত বিশদভাৱে আলোকপাত কৰা হয়।
বৈঠকৰ অন্তত ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত জীন-এৰিক পেকুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এই মত বিনিময়ক অতি 'ইতিবাচক' বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে উল্লেখ কৰে যে 'অসম ব্লু ভেলী' উদ্যোগৰ পদক্ষেপে ভৱিষ্যতৰ সহযোগিতাৰ বাবে এক শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ভেটি নিৰ্মাণ কৰিব। ৰাষ্ট্ৰদূতগৰাকীয়ে নিজৰ পোষ্টটোত উল্লেখ কৰে, "ই ইউ-ভাৰত মুক্ত বাণিজ্য চুক্তিয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেনেধৰণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে— সেয়া লাগিলে বিনিয়োগ, দক্ষতা বিকাশ, উদ্ভাৱন বা মানুহৰ সৈতে মানুহৰ সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰতেই নহওক কিয়, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক অত্যন্ত ইতিবাচক বৈঠক সম্পন্ন হয়।"
 
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো দিছপুৰত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ সন্দৰ্ভত 'এক্স'ত নিজৰ মত প্ৰকাশ কৰে। ৰাজ্যখনৰ অগ্ৰগতিক অগ্ৰাধিকাৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ উন্নয়নমূলক অগ্ৰাধিকাৰসমূহৰ সৈতে সংগতি ৰাখি, দুয়োপক্ষৰ পাৰস্পৰিক স্বাৰ্থজড়িত ক্ষেত্ৰসমূহত ভৱিষ্যতৰ সহযোগিতা আৰু অংশীদাৰিত্ব বৃদ্ধিৰ সম্ভাৱনাৰ অন্বেষণ কৰাৰ ওপৰত আলোচনাত গুৰুত্ব আৰোপ কৰা হয়।"
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্যৰ আধাৰত, এই বৈঠকত ২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৬ সংখ্যক ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰা হয়। উক্ত সন্মিলনত গ্ৰহণ কৰা যুটীয়া বিস্তৃত কৌশলগত কাৰ্যসূচীৰ অধীনত দুয়োপক্ষই লাভ কৰা সাম্প্ৰতিক অগ্ৰগতিৰ দিশসমূহ বিশ্লেষণ কৰা হয়।
 
কেৱল বাণিজ্য চুক্তিতে আৱদ্ধ নাথাকি এই বৈঠকত আন কেইবাটাও সমসাময়িক গুৰুত্বপূৰ্ণ বিষয় স্থান পায়। প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিৰ লগতে বিনিয়োগ সুৰক্ষা চুক্তি আৰু ভৌগোলিক সূচক চুক্তিৰ সময়ানুবৰ্তী স্বাক্ষৰ আৰু ৰূপায়ণৰ ওপৰত দুয়োপক্ষই জোৰ দিয়ে। তদুপৰি, গোলকীয় প্ৰেক্ষাপটৰ সৈতে সংগতি ৰাখি স্বচ্ছ শক্তিৰ পৰিৱৰ্তন, কৃত্ৰিম বুদ্ধিমত্তা, উন্নত ছেমিকণ্ডাক্টৰ, জৈৱ প্ৰযুক্তি আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ দৰে আধুনিক প্ৰযুক্তিগত বিষয়সমূহৰ ওপৰতো বিশদভাৱে আলোচনা কৰা হয়।