কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰত CRPF ৰ সঞ্চালকপ্ৰধান জি পি সিং

Story by  atv | Posted by  Munni Begum • 17 h ago
কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰত CRPF ৰ সঞ্চালকপ্ৰধান জি পি সিং
কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰত CRPF ৰ সঞ্চালকপ্ৰধান জি পি সিং
 
নতুন দিল্লী
 
জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ তিনিজন জোৱান আহত হোৱাৰ পিছতে উপত্যকাটোৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ শ্ৰীনগৰত উপস্থিত হয় বাহিনীটোৰ সঞ্চালকপ্ৰধান জি পি সিং। 
 
তেওঁৰ সৈতে নতুন দিল্লীস্থিত চিআৰপিএফৰ মুখ্য কাৰ্যালয়ৰ বিশেষ সঞ্চালকপ্ৰধান বিতুল কুমাৰেও জম্মু-কাশ্মীৰ ভ্ৰমণ কৰে। সপ্তাহান্তত দুয়োগৰাকী শীৰ্ষ বিষয়াই সন্ত্ৰাসবাদবিৰোধী অভিযান আৰু নিৰাপত্তামূলক ব্যৱস্থাক লৈ একাধিক উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে।
 
সংশ্লিষ্ট সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শ্ৰীনগৰত উপস্থিত হৈ চিআৰপিএফৰ সঞ্চালকপ্ৰধানগৰাকীয়ে কাশ্মীৰ উপত্যকাৰ বিভিন্ন স্থানত নিয়োজিত বাহিনীটোৰ উপ-মহাপৰিদৰ্শক (ডিআইজি) আৰু বেটেলিয়নসমূহৰ কমাণ্ডেণ্টসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকসমূহত সন্ত্ৰাসবাদীৰ সম্ভাব্য আক্ৰমণ প্ৰতিহত কৰাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন নকৰিবলৈ নিৰ্দেশ দিয়া হয়।
 
বিশেষকৈ বিগত এবছৰত দেশজুৰি চিআৰপিএফৰ কোনো জোৱান অভিযানকালীন সন্ত্ৰাসবাদী বা সশস্ত্ৰ আক্ৰমণত নিহত নোহোৱাৰ অভিলেখৰ পৰিপ্ৰেক্ষিতত বাহিনীটোক অধিক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। নিৰাপত্তা বাহিনীৰ এই সফলতাৰ পিছত সন্ত্ৰাসবাদী সংগঠনসমূহে বাহিনীটোক লক্ষ্য কৰি নতুন আক্ৰমণ সংঘটিত কৰাৰ চেষ্টা চলাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে সংশ্লিষ্ট বিষয়াসকলে।
 
উল্লেখযোগ্য যে, ১ নৱেম্বৰত চিআৰপিএফে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৫ চনৰ ৩০ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩০ অক্টোবৰলৈকে একেৰাহে ১২ মাহ দেশৰ কোনো স্থানতে বাহিনীটোৰ অভিযানকালীন মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই। বিগত ৪৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাহিনীটোৱে এনে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
 
নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, উপত্যকাত নিয়োজিত সকলো জোৱান আৰু বিষয়াক নিৰ্ধাৰিত মানক কাৰ্যপদ্ধতি বা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছঅ'পি) কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। অভিযান চলোৱাৰ সময়ত প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ আৰু সুৰক্ষা সঁজুলিৰ ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে তালাচী অভিযানৰ ক্ষেত্ৰতো নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰণ কৰিবলৈ কোৱা হৈছে।
 
বিষয়াগৰাকীয়ে কয় যে, নিৰাপত্তা বাহিনীৰ সফলতাত বাধা সৃষ্টি কৰাৰ লগতে জোৱানসকলৰ মনোবল হ্ৰাস কৰাৰ উদ্দেশ্যে কিছুমান সন্ত্ৰাসবাদী গোটে আক্ৰমণৰ চেষ্টা চলাব পাৰে। সেইবাবে বিভিন্ন পৰ্যায়ত অনুষ্ঠিত বৈঠকসমূহত জোৱানসকলক সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কোনো পৰিস্থিতিতে নিৰাপত্তাৰ ক্ষেত্ৰত অৱহেলা নকৰিবলৈ আৰু সকলো অভিযানত নিৰ্ধাৰিত কাৰ্যপদ্ধতি মানি চলিবলৈ বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।
 
ইফালে, শনিবাৰে সামাজিক মাধ্যম এক্সত দিয়া এটা পোষ্টৰ জৰিয়তে চিআৰপিএফে সঞ্চালকপ্ৰধান জি পি সিঙৰ কুলগাম ভ্ৰমণৰ কথা প্ৰকাশ কৰে। বাহিনীটোৰ তথ্য অনুসৰি, সিঙে কুলগামত উপস্থিত হৈ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে উপত্যকাত চলি থকা সন্ত্ৰাসবাদবিৰোধী অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
 
তেওঁ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পিছতে শ্ৰীনগৰৰ সেনা চিকিৎসালয়লৈ গৈ চিকিৎসাধীন অৱস্থাত থকা আহত চিআৰপিএফ জোৱানগৰাকীৰ স্বাস্থ্যৰ খবৰ লয়।
 
আনহাতে, কুলগামত সংঘটিত আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকল অঞ্চলটোত আত্মগোপন কৰি থকাৰ সম্ভাৱনাৰ তথ্য লাভ কৰাৰ পিছতে সেনাবাহিনী আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে ব্যাপক ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰিছে। সন্ত্ৰাসবাদীসকলক বিচাৰি উলিওৱাৰ লক্ষ্যৰে সংশ্লিষ্ট অঞ্চলসমূহত নিৰাপত্তা অভিযান অব্যাহত ৰখা হৈছে।
 
চিআৰপিএফৰ পূৰ্বৰ হতাহতিৰ পৰিসংখ্যা অনুসৰি, ২০২৫ চনত বাহিনীটোৰ ৯জন জোৱানৰ মৃত্যু হৈছিল। ইয়াৰে আঠজন বাওঁপন্থী উগ্ৰবাদবিৰোধী অভিযানৰ সৈতে জড়িত ঘটনাত নিহত হোৱাৰ বিপৰীতে এজনৰ ক্ষেত্ৰত ফিল্ড ফায়াৰিং অনুশীলনৰ সময়ত মৃত্যুৰ ঘটনা সংঘটিত হৈছিল। আনহাতে, ২০২৪ চনত ছত্তীশগড়, জম্মু-কাশ্মীৰ আৰু মণিপুৰত মুঠ ১২জন জোৱানৰ মৃত্যুৰ ঘটনা নথিভুক্ত কৰা হৈছিল।
 
পূৰ্বৰ বছৰসমূহৰ তুলনাত চিআৰপিএফৰ জোৱানৰ মৃত্যুৰ সংখ্যা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। উপলব্ধ তথ্য অনুসৰি, ২০১০ চনত বাহিনীটোৰ কমেও ১৪৩জন, ২০০১ চনত ১০৩জন আৰু ২০১৯ চনত ৬০জন জোৱানৰ মৃত্যু হৈছিল। ইয়াৰ বিপৰীতে ২০২৫ চনৰ ৩০ অক্টোবৰৰ পিছৰ ১২ মাহত অভিযানকালীন মৃত্যুৰ ঘটনা নোহোৱাটো বাহিনীটোৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
 
কুলগামৰ শেহতীয়া আক্ৰমণৰ পিছত এই সফলতা অক্ষুণ্ণ ৰখাৰ লগতে সন্ত্ৰাসবাদীৰ সম্ভাব্য ভাবুকি প্ৰতিহত কৰিবলৈ নিৰাপত্তা বাহিনীসমূহক অধিক সতৰ্ক কৰি তোলা হৈছে। উপত্যকাত সন্ত্ৰাসবাদবিৰোধী অভিযান অব্যাহত ৰখাৰ সমান্তৰালভাৱে জোৱানসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰতো চিআৰপিএফৰ শীৰ্ষ নেতৃত্বই বিশেষ গুৰুত্ব আৰোপ কৰিছে।