তিনিদিনীয়া ভ্ৰমণসূচীৰে ফিলিপাইনছলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; আছিয়ান-ভাৰত আৰু পূব এছিয়া শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

Story by  atv | Posted by  Munni Begum • 19 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ফিলিপাইনছলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণকালত তেওঁ মেনিলাত অনুষ্ঠিত হ’বলগীয়া ২৩ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন আৰু ২১ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা, স্থিতিশীলতা আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
 
ফিলিপাইনছলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য প্ৰকাশ কৰে। তেওঁ কয় যে, মেনিলাত অনুষ্ঠিত হ’বলগীয়া দুখন গুৰুত্বপূৰ্ণ আঞ্চলিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফিলিপাইনছত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত-বিনিময় কৰিব। আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক নতুন গতি প্ৰদান কৰাই এই ভ্ৰমণৰ অন্যতম উদ্দেশ্য।
 
প্ৰধানমন্ত্ৰীয়ে এক্সত উল্লেখ কৰে যে, আছিয়ান দেশসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাক ভাৰতে বিশেষ অগ্ৰাধিকাৰ দিয়ে। এই দেশসমূহৰ সৈতে সহযোগিতা অধিক সম্প্ৰসাৰণৰ লগতে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সৈতে সাক্ষাতৰ বাবে তেওঁ আগ্ৰহ প্ৰকাশ কৰে।
 
ভ্ৰমণৰ পূৰ্বে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰৰ সৈতে সাক্ষাতৰ বিষয়েও উল্লেখ কৰে। ভাৰতৰ বৈদেশিক নীতিত আছিয়ানৰ গুৰুত্ব ব্যাখ্যা কৰি তেওঁ কয় যে, দেশখনৰ ‘এক্ট ইষ্ট পলিচি’ৰ কেন্দ্ৰবিন্দু হৈছে আছিয়ান। একেদৰে ভাৰতৰ সামুদ্ৰিক দৃষ্টিভংগীতো দক্ষিণ-পূব এছিয়াৰ দেশসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
 
মোদীয়ে উল্লেখ কৰে যে, ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্কৰ ভেটি বহু শতিকা পুৰণি সাংস্কৃতিক আৰু সভ্যতামূলক আদান-প্ৰদানৰ ওপৰত প্ৰতিষ্ঠিত। সময়ৰ লগে লগে এই সম্পৰ্ক বাণিজ্য, যোগাযোগ ব্যৱস্থা, সামুদ্ৰিক নিৰাপত্তা, প্ৰযুক্তিগত সহযোগিতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কলৈ সম্প্ৰসাৰিত হৈছে। বৰ্তমান এই অংশীদাৰিত্বই এক ব্যাপক কৌশলগত ৰূপ লাভ কৰিছে।
 
২৩ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক তথা বহুপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিশেষকৈ আঞ্চলিক উন্নয়ন, সংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু পাৰস্পৰিক সমৃদ্ধিৰ লক্ষ্য আগুৱাই নিয়াৰ বাবে আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
 
আনহাতে, ২১ সংখ্যক পূব এছিয়া শীৰ্ষ সন্মিলনক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে মত বিনিময়ৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে অভিহিত কৰিছে প্ৰধানমন্ত্ৰীয়ে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখা, সামুদ্ৰিক নিৰাপত্তা নিশ্চিত কৰা আৰু সদস্য দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়সমূহ এই সন্মিলনৰ আলোচনাৰ কেন্দ্ৰবিন্দু হোৱাৰ সম্ভাৱনা আছে।
 
উল্লেখযোগ্য যে, ফিলিপাইনছে ‘Navigating Our Future’ শীৰ্ষক মূল বিষয়বস্তুৰে ৪৯ সংখ্যক আছিয়ান শীৰ্ষ সন্মিলন আৰু ইয়াৰ সৈতে জড়িত অন্যান্য বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকসমূহত আঞ্চলিক নিৰাপত্তা, সামুদ্ৰিক সীমা আৰু বিবাদ, অৰ্থনৈতিক সহযোগিতা তথা বাণিজ্যিক সম্পৰ্কৰ দৰে বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰিব বুলি আশা কৰা হৈছে।
 
ভাৰতৰ বাবে এই ভ্ৰমণৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে আছিয়ান সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধি আৰু অৰ্থনৈতিক অংশীদাৰিত্ব অধিক গভীৰ কৰা। বিশেষকৈ আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি (AITIGA)ৰ চলিত পৰ্যালোচনাৰ বিষয়টো আলোচনাত স্থান পোৱাৰ সম্ভাৱনা আছে।
 
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ১৭ নৱেম্বৰত আছিয়ান-ভাৰত আৰু পূব এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছ জুনিয়ৰে আয়োজন কৰা অনুষ্ঠানতো উপস্থিত থাকিব। ইয়াৰ উপৰি ফিলিপাইনছত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিসকলৰ সৈতেও তেওঁ মত-বিনিময় কৰিব।
 
এই ভ্ৰমণক লৈ আশাবাদ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ইয়াৰ ফলত আছিয়ানৰ সৈতে ভাৰতৰ সম্পৰ্কত নতুন গতি সঞ্চাৰ হ’ব। লগতে এক শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু শক্তিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ সামূহিক দায়বদ্ধতা অধিক সুদৃঢ় হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।