গুৱাহাটী
অসম সাহিত্য সভাৰ ২০২৭-২৯ কাৰ্যকালৰ নিৰ্বাচনী প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। অহা ১৭ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলা আৰু শাখাসমূহলৈ বেলট পেপাৰ বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সাহিত্য সভাই। তিনিদিনীয়া কাৰ্যসূচীৰে পৰ্যায়ক্ৰমে চলিব এই বিতৰণ প্ৰক্ৰিয়া। ১৯ নৱেম্বৰত বেলট পেপাৰ বিতৰণৰ অন্তিম পৰ্যায় সম্পন্ন কৰা হ’ব।
গুৱাহাটীৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুশৃংখলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে বেলট পেপাৰ বিতৰণৰ বাবে বিশেষ সময়সূচী প্ৰস্তুত কৰা হৈছে।
ঘোষিত সময়সূচী অনুসৰি, ১৭ নৱেম্বৰত কাছাৰৰ পৰা বেলট পেপাৰ বিতৰণৰ কাম আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত বঙাইগাঁওসহ ৰাজ্যৰ প্ৰায় ১১ৰ পৰা ১২খন জিলালৈ বেলট পেপাৰ প্ৰেৰণ কৰা হ’ব। ইয়াৰ পিছত ১৮ নৱেম্বৰত অৱশিষ্ট জিলাসমূহলৈ বেলট পেপাৰ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে, ১৯ নৱেম্বৰত যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা বেলট পেপাৰ বিতৰণৰ অন্তিম পৰ্যায় সম্পন্ন কৰা হ’ব। নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলো সংশ্লিষ্ট শাখালৈ বেলট পেপাৰ প্ৰেৰণ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এইবাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অসম সাহিত্য সভাই নিষ্ক্ৰিয় শাখাসমূহৰ বাবেও বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি নিষ্ক্ৰিয় শাখাসমূহৰ সভাপতি আৰু সম্পাদকসকলে নিজে উপস্থিত হৈ বেলট পেপাৰ সংগ্ৰহ কৰিব লাগিব। এনে শাখাসমূহলৈ বেলট পেপাৰ প্ৰেৰণৰ বাবে অপেক্ষা নকৰি সংশ্লিষ্ট বিষয়ববীয়াসকলক ব্যক্তিগতভাৱে সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইফালে, নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা আৰু শাখাসমূহৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে কেতবোৰ নিয়মো নিৰ্ধাৰণ কৰিছে সাহিত্য সভাই। নতুন নিৰ্দেশনা অনুসৰি, ভোটগ্ৰহণৰ দিনা প্ৰতিখন শাখা সমিতিৰ কমেও ৫০ শতাংশ সদস্য উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে।
ইয়াৰ উপৰি ভোটদান প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো নিৰ্দিষ্ট নিয়ম মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। ভোটদানৰ সৈতে জড়িত বেলট পেপাৰসমূহ স্পীড পোষ্টৰ জৰিয়তে প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া নিৰ্ধাৰিত নিয়ম অনুসৰি সম্পন্ন কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আনহাতে, নিষ্ক্ৰিয় শাখাসমূহৰ নিৰ্বাচন সম্পৰ্কীয় কোনো আপত্তি বা অভিযোগ থাকিলে সেইসমূহ নিৰ্বাচনী সমিতিৰ ওচৰত দাখিল কৰিব পাৰিব। সংশ্লিষ্ট শাখাসমূহক নিজৰ অভিযোগ বা আপত্তি নিৰ্বাচনী সমিতিৰ জৰিয়তে উত্থাপন কৰাৰ সুযোগ প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে, অসম সাহিত্য সভাৰ ২০২৭-২৯ কাৰ্যকালৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি শাখাসমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে। বেলট পেপাৰ বিতৰণৰ এই তিনিদিনীয়া কাৰ্যসূচীৰ জৰিয়তে সাহিত্য সভাৰ আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এক গুৰুত্বপূৰ্ণ পৰ্যায় আৰম্ভ হ’ব।