গুৱাহাটী
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰস্তাৱিত উত্তৰ ভাৰতৰ বুলেট ট্ৰেইন কৰিড'ৰক লৈ এক নতুন পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে। এই প্ৰকল্প বাস্তৱায়িত হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাত এক উল্লেখযোগ্য পৰিৱৰ্তন অহাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সামাজিক মাধ্যম ‘এক্স’ত দিয়া এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে যে, প্ৰস্তাৱিত দিল্লী-শিলিগুৰি বুলেট ট্ৰেইন কৰিড'ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্প কাৰ্যকৰী হ’লে বৰ্তমান দিল্লীৰ পৰা গুৱাহাটীলৈ ৰে’লযাত্ৰাত প্ৰয়োজন হোৱা ৩০ ঘণ্টাতকৈও অধিক সময় হ্ৰাস পাই আঠ ঘণ্টাতকৈ কম সময়ৰ ভিতৰতে গন্তব্যস্থানত উপস্থিত হ’ব পৰা যাব।
প্ৰায় ১,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰস্তাৱিত কৰিড'ৰে দিল্লী, আগ্ৰা, কানপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, প্ৰয়াগৰাজ, পাটনা, শিলিগুৰি আৰু গুৱাহাটীকে ধৰি মুঠ ১০খন গুৰুত্বপূৰ্ণ চহৰক সংযোগ কৰিব।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই বুলেট ট্ৰেইনৰ ভাড়া বিমানযাত্ৰাৰ তুলনাত কম হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত যাত্ৰীসকলে কম সময় আৰু তুলনামূলকভাৱে কম খৰচত যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব। একে সময়তে ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ, নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি আৰু বিভিন্ন অঞ্চলৰ মাজত যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে উল্লেখ কৰে যে, এই প্ৰকল্পই ৰাষ্ট্ৰীয় সংহতি অধিক শক্তিশালী কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু কৌশলগত যোগাযোগ ব্যৱস্থা উন্নত কৰাত বিশেষ অৰিহণা যোগাব পাৰে।
সামাজিক মাধ্যমত এই প্ৰস্তাৱিত পৰিকল্পনাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক দেশৰ ৰাজধানী দিল্লী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত যাতায়াত, ব্যৱসায়-বাণিজ্য তথা অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন দিগন্ত মুকলি কৰাৰ সম্ভাৱনাময় পদক্ষেপ হিচাপে অভিহিত কৰে।