বাংলাদেশৰ ভূখণ্ডত অসাৱধানতাবশতঃ প্ৰৱেশ কৰাৰ বাবে বিজিবিয়ে বিএছএফৰ জোৱানক আটক কৰে; পিছত নিৰাপদে উভতাই দিয়ে

Story by  atv | Posted by   Imtiaz Ahmed • 2 h ago
বিজিবিৰ দুজন জোৱানে বিএছএফ জোৱানজনক আটক কৰে, মঙলবাৰে
বিজিবিৰ দুজন জোৱানে বিএছএফ জোৱানজনক আটক কৰে, মঙলবাৰে
গুৱাহাটী

অসাৱধানতাবশতঃ চুবুৰীয়া বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন সশস্ত্ৰ জোৱানক মঙলবাৰে ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশে (বিজিবি) আটক কৰে। বাংলাদেশৰ চিলেট জিলাৰ সীমান্তৱৰ্তী মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত দুপৰীয়া প্ৰায় ১২:৩০ বজাত এই ঘটনা সংঘটিত হয়।

বাংলাদেশৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চিলেটৰ বিছনাকান্দি সীমান্ত অঞ্চলত বিএছএফ জোৱানজনক আটক কৰা হয়। অঞ্চলটোত থকা বিজিবিৰ এটা টহলদাৰী দলে জোৱানজনক প্ৰত্যক্ষ কৰে। বাতৰিসমূহত লগতে উল্লেখ কৰা হৈছে যে জোৱানজনক বিজিবিৰ বিছনাকান্দি সীমান্ত চকীৰ শিবিৰলৈ লৈ যোৱা হয়।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’সমূহত বিজিবিৰ দুজন জোৱানে ইনছাছ ৰাইফল আৰু ৱাকী-টকী ছেট লোৱা বিএছএফ জোৱানজনক লৈ যোৱা দেখা যায়। সেই সময়ত তেওঁক ঘেৰি ধৰা একাংশ বাংলাদেশী লোকে তেওঁক গালি-গালাজ কৰিছিল। জোৱানজনে নিজৰ ৱাকী-টকীৰ জৰিয়তে “কিউআৰটি ভেজো” অৰ্থাৎ “দ্ৰুত সঁহাৰিদানকাৰী দল পঠিয়াওক” বুলি কোৱা শুনা যায়।
পিছত বিজিবিৰ জোৱানসকলে স্থানীয় এজন লোকৰ মটৰচাইকেলেৰে তেওঁক লৈ যায়। 

শেহতীয়া বাতৰি অনুসৰি বিষয়াসকলৰ উদ্ধৃতিৰে জোৱানজন সুৰক্ষিতভাৱে উভতি আহিছে।

বিজিবিৰ অভিযোগ অনুসৰি, বিএছএফৰ এজন জোৱানে সীমান্ত অতিক্ৰম কৰি বাংলাদেশৰ ভূখণ্ডৰ প্ৰায় ২০০ গজ ভিতৰলৈ প্ৰৱেশ কৰিছিল। 

ঘটনাৰ পিছতে দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীয়ে পাৰস্পৰিক সমন্বয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। বিষয়টো নিষ্পত্তি কৰাৰ লগতে বিএছএফ জোৱানজনক হস্তান্তৰ কৰাৰ সুবিধাৰ্থে জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এখন পতাকা বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
এই ঘটনাক লৈ দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীয়ে বিশেষ তৎপৰতা অৱলম্বন কৰে। 

ভাৰত আৰু বাংলাদেশৰ মাজত ৪,০০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ স্থলসীমান্ত আছে। ইয়াৰ কেইবাটাও অংশত বেৰ দিয়া আছে যদিও কিছুমান অংশৰে এতিয়াও অননুমোদিতভাৱে সীমান্ত অতিক্ৰম কৰাৰ আশংকা আছে। সীমান্ত অতিক্ৰমৰ সৈতে জড়িত ঘটনাসমূহ কেতিয়াবা দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত সমন্বয় আৰু পতাকা বৈঠকৰ জৰিয়তে নিষ্পত্তি কৰা হয়।