গুৱাহাটী
এখন পুৰণি বেডফৰ্ড ট্ৰাকেৰে আৰম্ভ কৰিছিল জীৱনৰ এক নতুন যাত্ৰা। অদম্য ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰম আৰু দূৰদৰ্শিতাৰে সেই সৰু আৰম্ভণিকেই পৰৱৰ্তী সময়ত এক বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত কৰিছিল তেওঁ। অসমৰ যাত্ৰীবাহী পৰিবহণ খণ্ডত এক সুকীয়া পৰিচয় গঢ়ি তোলা ‘ব্লু হিলছ ট্ৰেভেলছ’ৰ প্ৰতিষ্ঠাতা ৰবীন দত্তই। আজিৰ তেওঁৰ বিয়োগে ৰাজ্যখনৰ উদ্যোগ আৰু পৰিবহণ খণ্ডত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে।
অসমৰ বাছ পৰিবহণ সেৱা ব্যৱহাৰ কৰা যাত্ৰীসকলৰ বাবে ‘ব্লু হিলছ ট্ৰেভেলছ’ এক অতি চিনাকি নাম। এই প্ৰতিষ্ঠানটোৰ আঁৰত আছিল ৰবীন দত্তৰ দূৰদৰ্শিতা, সাহস আৰু নিৰলস প্ৰচেষ্টা। ১৯৭৯ চনত এখন পুৰণি বেডফৰ্ড ট্ৰাকেৰে নিজৰ উদ্যোগিক যাত্ৰা আৰম্ভ কৰা দত্তই পৰৱৰ্তী সময়ত ‘ব্লু হিলছ ট্ৰেভেলছ’ক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম অগ্ৰণী যাত্ৰীবাহী পৰিবহণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
ৰবীন দত্তৰ এই উদ্যোগ কেৱল ব্যৱসায়িক সফলতাতে সীমাবদ্ধ নাছিল। তেওঁৰ প্ৰচেষ্টাই উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰ আৰু জনসাধাৰণৰ মাজত যাতায়াত তথা যোগাযোগৰ এক শক্তিশালী সংযোগ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অসংখ্য যাত্ৰীৰ দৈনন্দিন যাতায়াত সহজ কৰি তোলাৰ লগতে অঞ্চলটোৰ পৰিবহণ ব্যৱস্থাৰ বিকাশতো তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
ব্লু-হিল ট্ৰেভেলছৰ আঁৰৰ দূৰদৰ্শী উদ্যোগী ৰবীন দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রীয়ে যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত দত্তৰ অগ্ৰণী অৱদানক স্বীকাৰ কৰি তেওঁৰ এই প্ৰচেষ্টাই সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগৰ উন্নতিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে। লগতে তেওঁ শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ বাবে চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়। অঞ্চলটোৰ পৰিবহণ খণ্ডলৈ দত্তৰ অৱদানক সন্মানেৰে স্মৰণ কৰা হৈছে।
শূন্যৰ পৰা আৰম্ভ কৰি নিজৰ অধ্যৱসায়, আত্মবিশ্বাস আৰু ব্যৱসায়িক দূৰদৰ্শিতাৰে এক সফল উদ্যোগ গঢ়ি তোলা ৰবীন দত্তৰ জীৱনযাত্ৰা নতুন প্ৰজন্মৰ উদ্যোগীসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।
তেওঁৰ বিয়োগত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন তথা ‘ব্লু হিলছ ট্ৰেভেলছ’ৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত উদ্যোগীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে। অসমৰ উদ্যোগ আৰু পৰিবহণ খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰবীন দত্ত চিৰস্মৰণীয় হৈ ৰ’ব।