ভাৰতীয় বংশোদ্ভৱ নাভানেথেম 'নাভি' পিল্লাইলৈ ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটা

Story by  Nikunja Nath | Posted by  Nikunja Nath • 1 h ago
ভাৰতীয় বংশোদ্ভৱ নাভানেথেম 'নাভি' পিল্লাইলৈ ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটা
ভাৰতীয় বংশোদ্ভৱ নাভানেথেম 'নাভি' পিল্লাইলৈ ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটা
 
নিকুঞ্জ নাথ / গুৱাহাটী
 
যিসময়ত সমগ্ৰ বিশ্ব সংঘাত আৰু যুদ্ধৰ বিভীষিকাৰ সন্মুখীন হৈছে, তেনে সময়তে ন্যায় আৰু মানৱ অধিকাৰৰ হকে অহৰহ মাত মাতি অহা এগৰাকী সাহসী নাৰী বিশ্বদৰবাৰত জিলিকি উঠিছে। দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ শীৰ্ষ পদবীলৈকে নিজৰ কৰ্মৰাজিৰে উজলি উঠা ভাৰতীয় বংশোদ্ভৱ নাভানেথেম "নাভি" পিল্লাইলৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ সৰ্বোচ্চ সন্মানীয় 'শান্তিৰ নোবেল বঁটা'। 
 
পৃথিৱীৰ সৰ্বোচ্চ মৰ্যাদাপূৰ্ণ বঁটা হিচাপে পৰিচিত শান্তিৰ নোবেল বঁটা শুকুৰবাৰে নৰৱেৰ ৰাজধানী অছলোত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। এই ঘোষণামৰ্মে ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী হিচাপে নাভানেথেম "নাভি" পিল্লাইৰ নাম সন্মানসহকাৰে প্ৰকাশ কৰা হৈছে।
 
নৰৱেৰ নোবেল সমিতিৰ অধ্যক্ষ জৰ্গেন ৱাটনে ফ্ৰিডনেছে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বিশ্ব শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰসাৰৰ ক্ষেত্ৰত পিল্লাইয়ে আগবঢ়োৱা নিৰলস প্ৰচেষ্টাৰ বাবেই তেওঁক এই বিৰল সন্মানেৰে বিভূষিত কৰা হৈছে। অধ্যক্ষগৰাকীয়ে পিল্লাইক প্ৰশংসা কৰি কয় যে তেওঁ "আন্তঃৰাষ্ট্ৰীয় আইনৰ পৰিসৰ আৰু প্ৰভাৱ যথেষ্ট বৃদ্ধি কৰিছে" আৰু "এক অধিক সৰ্বাংগীন বিশ্বব্যাপী আইনী ব্যৱস্থা" গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্বক পথ প্ৰদৰ্শন কৰিছে।
 
পিল্লাইলৈ শান্তিৰ নোবেল ঘোষণা কৰি প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত নোবেল সমিতিয়ে তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰে, "এনে এক সময়ত যিসময়ত বিশ্বত যুদ্ধ আৰু সংঘাতৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ ন্যায়াধীশ তথা প্ৰতিষ্ঠানসমূহে ৰাজনৈতিক আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে, তেনে সময়তে নোবেল সমিতিয়ে এই কথা পুনৰবাৰ সোঁৱৰাই দিব বিচাৰে যে শক্তি বা হিংসাৰ প্ৰয়োগ নকৰাকৈ সংঘাত নিৰাময় কৰাৰ ক্ষমতা কেৱল আন্তঃৰাষ্ট্ৰীয় আইনী শাসনৰ ওপৰতে নিৰ্ভৰশীল।" লগতে কোৱা হয়, "এখন শান্তিপূৰ্ণ পৃথিৱীৰ বাবে এনে এক আন্তঃৰাষ্ট্ৰীয় আইনী ব্যৱস্থা অপৰিহাৰ্য পূৰ্বচৰ্ত, য'ত যুদ্ধ অপৰাধীসকলক কঠোৰভাৱে জবাবদিহি কৰা হয় আৰু নিৰ্যাতনৰ বলি হোৱা অসহায় লোকসকলে প্ৰাপ্য ন্যায় লাভ কৰে।"
 
নাভানেথেম নাভি পিল্লাই
 
অৱশ্যে ফ্ৰিডনেছে লগতে জানিবলৈ দিয়ে যে নোবেল সমিতিয়ে বঁটা বিজয়ীগৰাকীক এই সুখবৰটো অৱগত কৰিবলৈ এতিয়ালৈকে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই।
 
নৰৱেৰ নোবেল সমিতিৰ অধ্যক্ষগৰাকীয়ে পিল্লাইৰ সুদীৰ্ঘ আৰু সংগ্ৰামী কৰ্মজীৱনৰ গভীৰ প্ৰশংসা কৰি উল্লেখ কৰে যে তেওঁ তীব্ৰ বৈষম্যৰ সন্মুখীন হৈও দক্ষিণ আফ্ৰিকাত এগৰাকী অধিবক্তা হিচাপে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল।
 
নাভি পিল্লাইৰ জন্ম হৈছিল ১৯৪১ চনত দক্ষিণ আফ্ৰিকাৰ ডাৰবানৰ এক দৰিদ্ৰ তামিল পৰিয়ালত। তেওঁৰ পিতৃ নাৰায়ণস্বামী নাইডু এজন বাছ চালক আছিল আৰু মাতৃ শান্তামা এগৰাকী গৃহিনী আছিল। তেওঁৰ ককাক-আইতাক ১৮৯০-ৰ দশকত ভাৰতৰ পৰা শ্ৰমিক হিচাপে দক্ষিণ আফ্ৰিকালৈ গৈছিল। বৰ্ণবাদ আৰু চৰম দৰিদ্ৰতাৰ মাজতো তেওঁৰ পৰিয়ালে ল'ৰা-ছোৱালীৰ মাজত সমতা ৰক্ষা কৰি শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। সেই সময়ত নামভৰ্তিৰ বাবে বিদ্যালয়ত আসনৰ অভাৱ আছিল যদিও তেওঁৰ মাতৃয়ে দীঘলীয়া শাৰীত থিয় দি সন্তানৰ শিক্ষা নিশ্চিত কৰিছিল। আনকি ধনৰ অভাৱৰ বাবে মাতৃয়ে পুৰণি বহীৰ উকা পাতবোৰ চিলাই কৰি তেওঁলোকৰ বাবে নতুন বহী তৈয়াৰ কৰি দিছিল।
 
স্থানীয় ভাৰতীয় সম্প্ৰদায়ৰ দান-বৰঙণি আৰু জলপানীৰ সহায়ত তেওঁ নাটাল বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৩ চনত কলা শাখাৰ স্নাতক (BA) আৰু ১৯৬৫ চনত আইনৰ স্নাতক (LLB) ডিগ্ৰী লাভ কৰে। বৰ্ণবাদী শাসনকালত তেওঁ শিক্ষাগ্ৰহণৰ সময়ত বহুতো বৈষম্যৰ সন্মুখীন হৈছিল। বিশ্ববিদ্যালয়ত কিতাপ আৰু অন্যান্য সা-সুবিধাৰ অভাৱ আছিল, আনকি চৰকাৰী আইনৰ বাবে তেওঁ আন বিশ্ববিদ্যালয়লৈও বদলি হ'বলগীয়া হৈছিল। পৰৱৰ্তী সময়ত ১৯৮১ চনত এখন বিশেষ বিনিময় কাৰ্যসূচীৰ অধীনত তেওঁ আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী (LLM) সম্পূৰ্ণ কৰে। ১৯৮৮ চনত তেওঁ হাৰ্ভাৰ্ড ল' স্কুলৰ পৰা আইনত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে। উল্লেখযোগ্য যে, হাৰ্ভাৰ্ডৰ পৰা আইনত ডক্টৰেট লাভ কৰা তেওঁৱেই হৈছে প্ৰথমগৰাকী দক্ষিণ আফ্ৰিকান।
 
বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি তেওঁ এন টি নাইকাৰ নামৰ এগৰাকী অপৰাধ প্ৰতিৰক্ষা অধিবক্তাৰ অধীনত কৰ্মজীৱন আৰম্ভ কৰে। এই সময়ছোৱাতেই তেওঁ বৰ্ণবাদ বিৰোধী আইনী যুঁজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। 
 
এজন সাধাৰণ বাছ চালকৰ কন্যা হিচাপে ডাঙৰ-দীঘল হোৱা পিল্লাইয়ে বৰ্ণবাদৰ সেই ঘোৰ অন্ধকাৰ সময়ছোৱাতে মানৱ অধিকাৰৰ হকে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৬৭ চনত দক্ষিণ আফ্ৰিকাৰ নাটাল প্ৰদেশত আইনৰ অনুশীলন আৰম্ভ কৰা তেওঁ আছিল প্ৰথমগৰাকী মহিলা। কেৱল সেয়াই নহয়, দক্ষিণ আফ্ৰিকাত নিজা ওকালতি প্ৰতিষ্ঠান স্থাপন কৰা আৰু পৰৱৰ্তী সময়ত দেশখনৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা তেৱেঁই আছিল প্ৰথমগৰাকী অশ্বেতাংগ মহিলা।
 
ভাৰতীয় তামিল মূলৰ দক্ষিণ আফ্ৰিকাৰ নাগৰিক ৮৫ বছৰীয়া এইগৰাকী প্ৰসিদ্ধ আইনজ্ঞই ২০০৮ চনৰ পৰা ২০১৪ চনলৈ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ মুৰব্বী হিচাপে অত্যন্ত সাহসেৰে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্ণবাদৰ বিৰোধী বহু নিৰ্যাতিত লোকৰ হৈ ওকালতি কৰাৰ পৰিপ্ৰেক্ষিতত, পিল্লাইক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৰৱাণ্ডাৰ বাবে গঠিত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ ন্যায়াধীশ হিচাপে নিৰ্বাচিত কৰিছিল। তেওঁ সুদীৰ্ঘ আঠ বছৰ ধৰি এই ন্যায়াধিকৰণত সেৱা আগবঢ়াইছিল, যাৰ ভিতৰত চাৰি বছৰ তেওঁ অত্যন্ত নিষ্ঠাৰে সভাপতিৰ দায়িত্ব পালন কৰিছিল।
 
তদুপৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপেও সেৱা আগবঢ়াইছিল। শেহতীয়া সময়ত পিল্লাইয়ে অধিকৃত পেলেষ্টাইনী ভূখণ্ডৰ ওপৰত গঠিত ৰাষ্ট্ৰসংঘৰ স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান আয়োগৰ অধ্যক্ষতাৰ গুৰু দায়িত্ব বহন কৰিছিল আৰু বৰ্তমান তেওঁ ম্যানমাৰৰ বিৰুদ্ধে উত্থাপিত ভয়ংকৰ গণহত্যাৰ অভিযোগৰ গোচৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
 
নাভানেথেম নাভি পিল্লাই
 
শান্তিৰ নোবেল বঁটাক সমগ্ৰ পৃথিৱীৰ সৰ্বোচ্চ মৰ্যাদাপূৰ্ণ আৰু আকাংক্ষিত সন্মান বুলি গণ্য কৰা হয়। চলিত বৰ্ষটোত এই ঐতিহাসিক শান্তিৰ বঁটাৰ ১২৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে। অছলোত থকা নৰৱেৰ নোবেল সমিতিয়ে এই বছৰৰ বঁটাৰ বাবে মুঠ ২৮৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন লাভ কৰিছিল, যাৰ ভিতৰত এক-চতুৰ্থাংশতকৈ অলপ বেছি সংখ্যক আছিল বিভিন্ন সংগঠন। বিশেষজ্ঞসকলৰ মতে, সমিতিয়ে সাধাৰণতে শান্তিৰ স্থায়িত্ব, আন্তঃৰাষ্ট্ৰীয় ভ্ৰাতৃত্ববোধৰ প্ৰসাৰ আৰু এই লক্ষ্যবোৰক শক্তিশালী কৰা প্ৰতিষ্ঠানসমূহৰ নীৰৱ তথা প্ৰভাৱশালী কৰ্মৰাজিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।
 
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, যোৱা বছৰ ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কোৰিনা মাচাডোৱে দক্ষিণ আমেৰিকাৰ দেশখনত গণতান্ত্ৰিক পৰিৱৰ্তন অনাৰ ধাৰাবাহিক সংগ্ৰামৰ বাবে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। তেওঁ "বৰ্ধিত অন্ধকাৰৰ মাজতো গণতন্ত্ৰৰ শিখা জ্বলাই ৰখা" এগৰাকী সাহসী মহিলা হিচাপে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই সেই সময়ৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক ক্ষমতাচ্যুত কৰাৰ কিছু সময়ৰ পিছতেই মাচাডোৱে তেওঁৰ নোবেল পদকটো প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰদান কৰিছিল। অৱশ্যে ই মূলতঃ এক প্ৰতীকী পদক্ষেপহে আছিল, কাৰণ নোবেল সমিতিয়ে স্পষ্টভাৱে নিৰ্ধাৰণ কৰি দিছে যে এই সন্মান কেতিয়াও আন কাৰোবালৈ হস্তান্তৰ কৰিব নোৱাৰি।
 
নাভি পিল্লাইৰ এই অভূতপূৰ্ব সাফল্য কেৱল তেওঁৰ ব্যক্তিগত জয় নহয়, ই সমগ্ৰ বিশ্বৰ শোষিত, নিপেড়িত আৰু নিষ্পেষিত জনতাৰ হৈ যুঁজ দিয়া প্ৰতিগৰাকী ব্যক্তিৰ বাবে আশা আৰু অনুপ্ৰেৰণাৰ এক চিৰন্তন উৎস। "যিসকলে এখন অধিক শান্তিপূৰ্ণ পৃথিৱী গঢ়ি তুলিব বিচাৰে, তেওঁলোক সকলোৰে বাবে পিল্লাইৰ কৰ্মৰাজি আশা আৰু অনুপ্ৰেৰণাৰ উৎস,"- অধ্যক্ষ ফ্ৰিডনেছৰ এই মন্তব্যই পিল্লাইৰ জীৱনৰ সাৰমৰ্ম দাঙি ধৰে।
 
দক্ষিণ আফ্ৰিকাৰ এখন দৰিদ্ৰ গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰ্ণবাদ আৰু বৈষম্যৰ সকলো কঠিন শিকলি ছিঙি বিশ্বৰ সৰ্বোচ্চ শান্তিৰ বঁটাৰে সন্মানিত হোৱা তেওঁৰ এই কণ্টকাকীৰ্ণ যাত্ৰাই আজি প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰি তুলিছে।