“সৰ্ব ধৰ্ম সম্ভৱ”- আন্তঃধৰ্মীয় সমন্বয় সপ্তাহ ২০২৬ত ভাৰতৰ অনুৰণিত কণ্ঠ

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 2 h ago
আন্তঃধৰ্মীয় অনুষ্ঠান
আন্তঃধৰ্মীয় অনুষ্ঠান
 
  পল্লৱ ভট্টাচাৰ্য্য
 
২০২৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বিশ্বব্যাপী আন্তঃধৰ্মীয় সমন্বয় সপ্তাহ পালন কৰা হ'ব। এই সপ্তাহটোৱে বিভিন্ন ধৰ্ম আৰু জাতিৰ মাজত একতাৰ ভাব জগাই তুলিব। ২০১০ চনৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত জৰ্দানৰ ৰজা দ্বিতীয় আব্দুল্লাই প্ৰথমবাৰৰ বাবে ইয়াৰ প্ৰস্তাৱ আগবঢ়ায় আৰু সেই বছৰৰে ২০ অক্টোবৰত সংকল্প A/65/5 ৰ জৰিয়তে ৰাষ্ট্ৰসংঘই ইয়াক গ্ৰহণ কৰে। এই প্ৰস্তাৱত শান্তিৰ সংস্কৃতিৰ বাবে পাৰস্পৰিক বুজাবুজি আৰু আন্তঃধৰ্মীয় আলোচনা অপৰিহাৰ্য বুলি দোহাৰি সকলো লোককে, ধৰ্মীয় বিশ্বাস যিয়েই নহওক কিয়, "ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম" বা "ভালৰ প্ৰতি প্ৰেম আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম" নীতিৰে ইয়াক উদযাপন কৰিবলৈ আহ্বান জনোৱা হয়। ২০১১ চনৰ পৰা আৰম্ভ হোৱা এই আন্দোলনে আজি বিশ্বজুৰি সহাৱস্থান আৰু সহানুভূতিৰ আহ্বানত পৰিণত হৈছে।
 
২০২৫ চনত দিল্লীত অনুষ্ঠিত হোৱা এই উৎসৱ ভাৰতৰ বহুত্ববাদী মানসিকতাৰ এক উজ্জ্বল প্ৰতিফলন। ‘গ্ল’বেল পিচ ফাউণ্ডেচন’ (GPF) ইণ্ডিয়াই আয়োজন কৰা তিনিদিনীয়া ‘আন্তঃধৰ্মীয় সন্মিলন ২০২৫’ত ভাৰতৰ প্ৰাচীন জ্ঞান ‘বসুধৈৱ কুটুম্বকম’ (সমগ্ৰ বিশ্বই এটা পৰিয়াল) আৰু আধুনিক শান্তি স্থাপনৰ আৰ্হিক একত্ৰিত কৰা হৈছিল। সন্মিলনত হিন্দু, বৌদ্ধ, মুছলমান, খ্ৰীষ্টান, জৈন, শিখ আৰু পাৰ্চী ধৰ্মৰ নেতাসকল একত্ৰিত হৈ এই বিভাজিত পৃথিৱীত ধৰ্মৰ ঐক্যবদ্ধ ভূমিকাৰ কথা পুনৰ দোহাৰে।
 
 
কনক্লেভৰ আৰম্ভণিতে GPF ইণ্ডিয়াৰ অধ্যক্ষ ড০ মাৰ্কাণ্ডে ৰয়ে সন্মিলনখন উদ্বোধন কৰি ভাৰতৰ সেই সভ্যতাৰ কথা সোঁৱৰাই দিয়ে যিয়ে সীমাৰ ঊৰ্ধত একতাৰ কথা কয়। ভাৰতীয় সৰ্বধৰ্ম সংসদৰ আহ্বায়ক গোস্বামী সুশীল জী মহাৰাজে ১৮৯৩ চনত চিকাগো ধৰ্ম মহাসভাত স্বামী বিবেকানন্দই দিয়া ভাষণক সম্প্ৰীতিৰ এক চিৰন্তন বাৰ্তা বুলি অভিহিত কৰে। ভিক্ষু সংঘসেনা, ফাদাৰ ৰাজকুমাৰ জোচেফ, ইমাম ফাইজান মুনিৰ আৰু স্বামী সৰ্বলোকানন্দৰ দৰে বক্তাসকলে ধৰ্মীয় পৰিচয়ৰ ঊৰ্ধত সত্য, সেৱা আৰু সহানুভূতিৰ দৰে উমৈহতীয়া নৈতিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
দিল্লীৰ এই উৎসৱ উদযাপনৰ বিশেষত্ব আছিল যুৱ প্ৰজন্মৰ অংশগ্ৰহণ আৰু সৃষ্টিশীল মনোভাৱ। এই অনুষ্ঠানৰ পূৰ্বে ‘সম্প্ৰীতিৰ বাবে কলা’ (Art for Harmony) শীৰ্ষক এক পোষ্টাৰ প্ৰতিযোগিতাৰ জৰিয়তে যুৱ শিল্পীসকলক শান্তিৰ ছবি আঁকিবলৈ আহ্বান জনোৱাৰ বিপৰীতে “স্কিলছ ফৰ ইণ্টাৰফেথ ডাইলগ”ৰ কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলক সহানুভূতি আৰু সন্মানজনক যোগাযোগৰ প্ৰশিক্ষণ দিয়া হৈছিল। যুৱক-যুৱতীসকলৰ নেতৃত্বত শান্তি স্থাপনৰ বাবে আয়োজিত বৃহৎ বৈঠকে প্ৰদৰ্শন কৰে যে আলোচনা আৰু কাৰ্যৰ সংমিশ্ৰণে সমাজক পৰিৱৰ্তন কৰিব পাৰে। এই পদক্ষেপবোৰে বিশ্বৰ সেই উন্নত প্ৰক্ৰিয়াৰ সৈতে সামঞ্জস্য ৰাখে, যিবোৰে আন্তঃধৰ্মীয় শিক্ষাক কলা, সেৱা আৰু নাগৰিক অংশগ্ৰহণৰ সৈতে সংযুক্ত কৰে।
 
সমগ্ৰ বিশ্বতে আন্তঃধৰ্মীয় আলোচনা শান্তিৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলাত পৰিণত হৈছে। ৰাষ্ট্ৰসংঘই ইয়াক এলায়েন্স অৱ চিভিলাইজেচনছ আৰু ইউনেস্ক’(UNESCO)ৰ আন্তঃসাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে উৎসাহিত কৰে। ইয়াৰ বহু উদাহৰণ আছেঃ ইণ্ডোনেছিয়াৰ ‘ফৰাম কেৰুকুনান উমত বেৰাগামা’ই স্থানীয় ধৰ্মীয় সহযোগিতাৰ প্ৰসাৰ ঘটায়; ইউৰোপৰ ব্ৰিটেইনত থকা ‘ইণ্টাৰ ফেইথ নেটৱৰ্ক’ৰ দৰে ব্যৱস্থাই গাঁথনিগত সংযোগক সমৰ্থন কৰে আৰু নাইজেৰিয়াৰ ‘ইণ্টাৰফেইথ মেডিয়েচন চেণ্টাৰ’ত ধৰ্মযাজক আৰু ইমামসকলে একগোট হৈ সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত সমাজ গঢ়াৰ কাম কৰে। এনে আৰ্হিয়ে প্ৰমাণ কৰে যে আধ্যাত্মিক পৰম্পৰাই সম্প্ৰীতি আৰু সামাজিক বিশ্বাস শক্তিশালী কৰিব পাৰে।
 
এই বিশ্বজোৰা আন্দোলনত ভাৰতৰ ভূমিকা অনন্য। ভাৰতৰ ইতিহাস গঢ় লৈ উঠিছে সকলোকে সাবটি লোৱাৰ আদৰ্শৰে— যেনে অশোকৰ সহনশীলতা, আকবৰৰ দীন-ই-ইলাহী, গুৰুনানকৰ বিশ্বজনীনতা আৰু গান্ধীৰ আন্তঃধৰ্মীয় প্ৰাৰ্থনা। আজিৰ মেৰুকৰণৰ যুগত ভাৰতীয় সংবিধানৰ ‘ভাতৃত্ববোধ’ৰ প্ৰতিশ্ৰুতিয়েই হ’ল পথ প্ৰদৰ্শক। ২০২৫ৰ কনক্লেভে পুনৰ প্ৰমাণ কৰে যে সম্প্ৰীতিৰ অৰ্থ কেৱল সহনশীলতা নহয়, বৰঞ্চ বৰঞ্চ শিক্ষা, পৰিৱেশ আৰু মহিলা সৱলীকৰণৰ বাবে ধৰ্মীয় নেতা আৰু নাগৰিকসকলে একেলগে কাম কৰাটোও বুজায়।
 
সন্মিলনত উপস্থিত থকা হিন্দু, বৌদ্ধ, মুছলমান, খ্ৰীষ্টান, জৈন, শিখ আৰু পাৰ্চী ধৰ্মৰ নেতাসকল
 
বিশ্বজুৰি যুৱক-যুৱতীসকল শান্তিৰ মূল কাৰক হৈ পৰিছে। জি পি এফ ইণ্ডিয়াৰ ‘ইউথ পিচ ক্লাব’(Youth Peace Clubs) আৰু 'ভাৰত-প্ৰশান্ত মহাসাগৰীয় শান্তি মঞ্চ'ৰ উদ্যোগত এই বিশ্বাস প্ৰতিফলিত হৈছে যে সম্প্ৰীতি ওপৰৰ পৰা জাপি দিয়া বস্তু নহয়, ইয়াক সমাজৰ ভিতৰৰ পৰা গঢ়ি তুলিব লাগিব।
 
সমগ্ৰ বিশ্বই ২০২৬ চনৰ আন্তঃধৰ্মীয় সমন্বয় সপ্তাহৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে দিল্লীৰ এই সন্মিলনখনে সোঁৱৰাই দিয়ে যে উমৈহতীয়া মূল্যবোধৰ ওপৰত আধাৰিত আলোচনাই বিভাজন দূৰ কৰিব পাৰে। ইয়ে এয়াও দেখুৱাইছে যে আন্তঃধৰ্মীয় সহযোগিতা কোনো আদৰ্শবাদী কল্পনা নহয়, বৰঞ্চ পৰিচয়ৰ সংঘাত, পৰিৱেশৰ অৱক্ষয় আৰু সামাজিক বিভাজনৰ সন্মুখীন হোৱা বৰ্তমানৰ পৃথিৱীখনত প্ৰকৃতাৰ্থত ইয়াৰ প্ৰয়োজন আছে। ভাৰতৰ ‘বসুধৈৱ কুটুম্বকম’ৰ দৰ্শন, যিটো জি-২০ (G20)ৰ মূল মন্ত্ৰ ‘এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যত’ প্ৰতিধ্বনিত হৈছে, সেয়া শান্তিৰ বাবে এই বিশ্বজনীন আন্দোলনটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
 
২০২৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ আন্তঃধৰ্মীয় সমন্বয় সপ্তাহ উপলক্ষে বিশ্বৰ বিভিন্ন মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ আৰু মঠ-মন্দিৰসমূহ বন্ধুত্বৰ বাবে পুনৰ মুকলি হ'ব। শ্ৰেণীকোঠা আৰু সমাজত, কলা, সংগীত আৰু সেৱাই পুনৰ নিশ্চিত কৰিব যে শান্তি শ্ৰৱণশীল হৃদয়ত আৰম্ভ হয়। দিল্লীৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ চুকে-কোণে জ্বলি উঠা ধৰ্মীয় বিশ্বাসৰ চাকিবোৰে মানৱ জাতিক সোঁৱৰাই দিব যে প্ৰতিটো পাৰ্থক্যৰ সিপাৰে ভালপোৱাৰ একেই হেঁপাহ লুকাই থাকে।
 
যি সময়ত বিশ্বই সহানুভূতিশীলতা পুনৰ আৱিষ্কাৰ কৰিবলৈ সংগ্ৰাম কৰি আছে, সেই সময়ত ভাৰতৰ দৃষ্টান্তই এক নৈতিক দিশ প্ৰদৰ্শন কৰিছে— ই দেখুৱাইছে যে সম্প্ৰীতি কোনো সপোন নহয়, বৰঞ্চ ই এক দৈনন্দিন অনুশীলন। যেতিয়া প্ৰতিটো ধৰ্মৰ মানুহে এই সপ্তাহটো উদযাপন কৰিবলৈ হাতত ধৰাধৰিকৈ থিয় হ’ব, তেতিয়া তেওঁলোকে এই সৰল সত্যটোকে প্ৰমাণ কৰিব যে যেতিয়া ভালপোৱাই আমাৰ কৰ্মক পৰিচালিত কৰে, তেতিয়া মানৱ জাতি প্ৰকৃততে এটা পৰিয়ালত পৰিণত হয়— একত্ৰিত হৈ জীয়াই থাকিবলৈ শিকা বিশ্বৰ বাবে এয়া এক আশাৰ বতৰা। 
 
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)