আল জাজিৰাত কৰ্মৰত পেলেষ্টাইনী সাংবাদিক হামাছৰ সামৰিক শাখাৰ জ্যেষ্ঠ অধিনায়ক বুলি দাবী ইজৰাইল সেনাৰ

Story by  atv | Posted by  Munni Begum • 5 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী   
 
গাজা ষ্ট্ৰিপত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰা ছবি আৰু নথি অনুসৰি আল জাজিৰাত কাম কৰা এজন পেলেষ্টাইনী সাংবাদিক হামাছৰ সামৰিক শাখাৰ জ্যেষ্ঠ অধিনায়ক বুলিও দাবী কৰিছে ইজৰাইল সেনাই।
 
আইডিএফৰ আৰবী ভাষাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল আভিচাই আদ্ৰাইয়ে কয় যে যোৱা কেইমাহমানত আল জাজিৰাৰ সম্প্ৰচাৰত প্ৰকাশ পোৱা মহম্মদ ৱাশ্বাহৰ লেপটপৰ পৰা এই প্ৰমাণ উদ্ধাৰ কৰা হৈছে।
 
আদ্ৰাইয়ে কয় যে কেইবা সপ্তাহ পূৰ্বে উত্তৰ গাজা ষ্ট্ৰিপৰ হামাছৰ এটা শিবিৰৰ ভিতৰত আইডিএফৰ অভিযানৰ সময়ত ৱাশ্বাহৰ লেপটপৰ পৰা এই প্ৰমাণ উদ্ধাৰ কৰা হৈছিল। ইজৰাইলে দাবী কৰিছিল যে প্ৰাপ্য প্ৰমাণে এই কথা প্ৰকাশ কৰিছে যে ৱাশ্বাহ হামাছৰ এণ্টি টেংক মিছাইল ইউনিটৰ এজন “বিশিষ্ট কমাণ্ডাৰ” আছিল আৰু ২০২২ চনৰ শেষৰ ফালে তেওঁ সন্ত্ৰাসবাদী সংগঠনটোৰ এয়াৰ ইউনিটৰ বাবে গৱেষণা আৰু উন্নয়নৰ কাম আৰম্ভ কৰিছিল। 
 
আদ্ৰাইয়ে টুইট কৰি কয় যে কম্পিউটাৰত চলোৱা চোৰাংচোৱা তদন্তত মহম্মদ ৱাশ্বাহ নামৰ ব্যক্তিজনক হামাছৰ ভিতৰৰ কাৰ্যকলাপৰ সৈতে সংযোগ কৰা ছবি উন্মোচিত হৈছে। অদূৰ ভৱিষ্যতে সাংবাদিকতাৰ পোছাক পিন্ধা আন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে আমি কিমান সবিশেষ প্ৰকাশ কৰিম কোনে জানে। 
 
আইডিএফে টুইট কৰি কয় যে, "হে আল জাজিৰা, আমি ভাবিছিলো যে আপোনাৰ সাংবাদিকসকলে পৰিস্থিতিৰ ওপৰত নিৰপেক্ষ প্ৰতিবেদন দিয়াৰ কথা, হামাছৰ সন্ত্ৰাসবাদী হিচাপে ফ্ৰণ্ট লাইনত সৃষ্টি কৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা উচিত নহয়।" 
 
যোৱা মাহত গাজাৰ ৰাফাহত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হোৱা আল জাজিৰাৰ দুজন সাংবাদিকক পিছত আইডিএফে হামাছ আৰু পেলেষ্টাইন ইছলামিক জেহাদ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি অভিযোগ উত্থাপন কৰিছিল।