মালাউইৰ উপ-ৰাষ্ট্ৰপতি ছাউলছ চিলিমাৰ সৈতে আন ৯ জন বিমান দুৰ্ঘটনাত নিহত

Story by  atv | Posted by  [email protected] • 1 Months ago
মালাউইৰ উপ-ৰাষ্ট্ৰপতি ছাউলছ চিলিমা
মালাউইৰ উপ-ৰাষ্ট্ৰপতি ছাউলছ চিলিমা
 
নতুন দিল্লী
 
মঙলবাৰে ৰাষ্ট্ৰপতি লাজাৰছ চাকৱেৰাই নিশ্চিত কৰে যে মালাউইৰ উপ-ৰাষ্ট্ৰপতি ছাউলছ চিলিমা আৰু আন ৯ জন লোকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে।
 
৫১ বছৰীয়া চিলিমাই ভ্ৰমণ কৰি থকা সামৰিক বিমানখন বেয়া বতৰৰ বাবে উত্তৰ দিশৰ এখন চহৰ ম্জুজুত অৱতৰণ কৰিব নোৱাৰাৰ বাবে সোমবাৰে নিৰুদ্দেশ হয়। বিমানখন ৰাজধানী লিলংৱেলৈ উভতি যাবলৈ কোৱা হৈছিল যদিও বিমানখন পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। বহু সময় বিচাৰি ফুৰাৰ অন্তত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গ’ল আৰু উপ-ৰাষ্ট্ৰপতিৰ লগতে এজনো লোক জীৱিত নাছিল।
 
ৰাষ্ট্ৰপতি চাকৱেৰাই ৰাষ্ট্ৰীয় টেলিভিছনত এই মৰ্মান্তিক খবৰটো ঘোষণা কৰি গভীৰ দুখ প্ৰকাশ কৰি দুৰ্ঘটনাটোক “ভয়ংকৰ ট্ৰেজেডী” বুলি অভিহিত কৰে। তেওঁ কয়, "এয়া কিমান হৃদয়বিদাৰক কথা, শব্দৰে বৰ্ণনা কৰিব নোৱাৰি।"