ভাৰতীয় শাৰী আৰু মছলাৰ সমৰ্থনত ওলাই আহিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা; বিৰোধীক কঠোৰ সমালোচনা

Story by  atv | Posted by  [email protected] • 3 Months ago
ভাৰতীয় শাৰী আৰু মছলাৰ সমৰ্থনত ওলাই আহিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
ভাৰতীয় শাৰী আৰু মছলাৰ সমৰ্থনত ওলাই আহিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
 
আৱাজ দ্য ভইচ/নতুন দিল্লী

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শেহতীয়াকৈ ‘ভাৰতীয় শাৰী আৰু মছলা’ৰ সমৰ্থনত এক আকৰ্ষণীয় অভিযান আৰম্ভ কৰিছে।ভাৰতীয় শাৰী আৰু মছলা বৰ্জনেৰে ভাৰত বিৰোধী আৱেগক উচটনি দিবলৈ চেষ্টা কৰি থকা বিৰোধীসকলৰ মুখ বন্ধ কৰিবলৈ তেওঁ এই অভিযান মুকলি কৰিছে।

ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা শ্বেখ হাছিনাই একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত জয়লাভ কৰাৰ লগে লগে বিৰোধীৰ এই প্ৰচেষ্টাই আৰু অধিক গতি লাভ কৰে। কিন্তু কেইবামাহো মৌন হৈ থকাৰ পিছত এতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ‘ভাৰত বৰ্জন’ অভিযানক লৈ বিৰোধীক আক্ৰমণ কৰিছে। হাছিনাই শাৰী ভাল পায়, কিন্তু এতিয়া ইয়াক ব্যৱহাৰ কৰি বিৰোধীৰ সৈতে তেওঁ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।

হাছিনা আৰু তেওঁৰ আৱামি লীগ দলৰ বিৰোধীসকলে হাছিনাক "ভাৰতৰ সমৰ্থক" বুলি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে। জানুৱাৰী মাহৰ নিৰ্বাচনত ভাৰতে তেওঁক জয়ী কৰাত সহায় কৰিছিল বুলিও তেওঁলোকে দাবী কৰিছে। ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ বিৰোধীয়ে বাংলাদেশৰ জনসাধাৰণক আহ্বান জনাইছে। 
বিষয়টোক লৈ কেইবামাহো মৌনতা অৱলম্বন কৰাৰ পিছত , হাছিনাই বাংলাদেশৰ মূল বিৰোধী দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ নেতাসকলক আক্ৰমণ কৰি ‘ভাৰত বৰ্জন অভিযান’ৰ প্ৰত্যুত্তৰ দিয়ে। বিএনপিয়ে বৰ্জন কৰা জানুৱাৰী মাহৰ নিৰ্বাচনত চমকপ্ৰদ বিজয়ৰ পিছত ক্ষমতালৈ অহা হাছিনাই 'বিনম্ৰ শাৰী' ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত "ভাৰতীয় সামগ্ৰী বৰ্জন কৰক" অভিযানক সমৰ্থন কৰা বিএনপিৰ নেতাসকলক পাঠ শিকায়। 
 
শ্বেখ হাছিনাই বিভিন্ন সময়ত ভাৰতক "মহান বন্ধু" বুলি প্ৰশংসা কৰি আহিছে। যোৱা সপ্তাহত হাছিনাই প্ৰশ্ন কৰিছিল যে, "তেওঁলোকৰ (বিএনপি নেতাৰ) পত্নীৰ কিমান ভাৰতীয় শাৰী আছে? ঢাকাৰ আৱামি লীগৰ কাৰ্যালয়ত একাংশ লোকক হাঁহিবলৈ বাধ্য কৰাই হাছিনাই আৰু প্ৰশ্ন কৰিছিল যে, "বিএনপিৰ নেতাই ভাৰতীয় সামগ্ৰী বৰ্জন কৰিছে। কিয় তেওঁলোকে নিজৰ পত্নীক বৰ্জন কৰা নাই?"
 
নিজে শাড়ীৰ প্ৰতি প্ৰেম আৰু ভাৰতীয় নেতাক উপহাৰ দিয়াৰ বাবে পৰিচিত হাছিনাই বিৰোধী নেতাসকলক সমালোচনা কৰি কয়, "যেতিয়া তেওঁলোকে নিজৰ পত্নীয়ে পৰিধান কৰা ভাৰতীয় শাৰী পাৰ্টীৰ অফিচৰ সন্মুখত জ্বলাই দিব, তেতিয়াহে প্ৰমাণিত হ'ব যে তেওঁলোকে সঁচাকৈয়ে ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"
 
বাংলাদেশৰ প্ৰধানমন্ত্ৰীগকাকীয়ে অভিযোগ কৰে যে বিএনপিৰ নেতা আৰু তেওঁলোকৰ পত্নীয়ে ভাৰতৰ পৰা শাৰী কিনি বাংলাদেশত বিক্ৰী কৰে।  ভাৰতলৈ আহি তেওঁলোকে সৰহকৈ শাৰী কিনি সেইবোৰ বাংলাদেশত বিক্ৰী কৰে।"
শ্বেখ হাছিনাই কেৱল ভাৰতীয় শাড়ীৰ কথাই কোৱা নাই, ভাৰতীয় মছলাৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ কয়, "মোৰ আৰু এটা প্ৰশ্ন আছে। আমি ভাৰতৰ পৰা গৰম মছলা, পিয়াঁজ, নহৰু, আদা আদি আমদানি কৰো। বিএনপিৰ নেতাসকলে ভাৰতীয় মছলা অবিহনে কিয় ৰান্ধিব নোৱাৰে? তেওঁলোকে সেইবোৰ অবিহনে খাদ্য খাব লাগে।"
 
উল্লেখ্য যে, হাছিনাৰ বিজয়ৰ পিছত ফেব্ৰুৱাৰী মাহত ভাৰতীয় সামগ্ৰীৰ বিৰুদ্ধে বাংলাদেশৰ কিছু স্থানত প্ৰতিৰোধৰ খবৰ প্ৰকাশ পাইছিল। সাধাৰণতে ভাৰতীয় সামগ্ৰীৰে ভৰি থকা ঢাকাৰ বজাৰবোৰত নতুন ডেলিভাৰী ল'বলৈ অস্বীকাৰ কৰা হৈছিল। দেশখনত ৰন্ধন তেল, প্ৰচেছড ফুড, প্ৰসাধন আৰু কাপোৰৰ দৰে ভাৰতীয় সামগ্ৰীৰ বিক্ৰী হ্ৰাস পাইছে।
 
খবৰ অনুসৰি বেছিভাগ বাংলাদেশী প্ৰবাসী আৰু ইউৰোপ তথা আমেৰিকাত নিৰ্বাসিত লোকৰ নেতৃত্বত চলি থকা অনলাইন অভিযানত ভাৰতীয় সামগ্ৰী বৰ্জন কৰা হয়। পেৰিছস্থিত পিনাকী ভট্টাচাৰ্যক ‘বয়কট ইণ্ডিয়া’ৰ অন্যতম মূল পৰিচালক বুলি কোৱা হয়। তাৰ পিছত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনায়। পিছলৈ বিএনপিকেৰ একাংশ নেতাইও এই আহ্বানৰ প্ৰতি সমৰ্থন জনায়।