সংবাদ মাধ্যমক বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় বাতৰি প্ৰকাশত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান আৰণ্যকৰ

Story by  atv | Posted by  [email protected] • 2 Months ago
সংবাদ মাধ্যমক বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় বাতৰি প্ৰকাশত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান আৰণ্যকৰ
সংবাদ মাধ্যমক বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় বাতৰি প্ৰকাশত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান আৰণ্যকৰ
 
গুৱাহাটী
 
বিশ্বৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰা ক্ৰমবৰ্ধমান বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ প্ৰয়োজনীয়তাৰ হকে গণ সজাগতা বৃদ্ধি কৰাৰ বাবে সমগ্ৰ বিশ্বতে বন্যপ্ৰাণী সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ বৰ্ধিত অবৈধ ব্যৱসায় সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ সংবাদ মাধ্যমক অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংস্থা আৰণ্যকে আহ্বান জনাইছে।
 
 
জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম (জে ইউ এ)ৰ উদ্যোগত মৰিগাঁও জিলাৰ বুঢ়া মায়ঙত অনুষ্ঠিত ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়ন (আই জে ইউ)ৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ বাবে সমবেত হোৱা দেশৰ বিভিন্ন স্থানৰ বিশিষ্ট সাংবাদিক সকলৰ সন্মুখত আৰণ্যকৰ এটা সমল দলে বন্যপ্ৰাণী অপৰাধৰ দৃশ্যপট দাঙি ধৰে আৰু এনে অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত সংবাদ মাধ্যমে পালন কৰিবলগা ভূমিকা সম্পৰ্কে বিশদ উপস্থাপন কৰে। বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধত সহায় কৰি সংবাদমাধ্যমে বিশ্বজুৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাৰ প্ৰতি যোগাব পৰা প্ৰভূত অৱদানৰ বিষয়েও আৰণ্যকৰ দলটোৱে আঙুলিয়াই দিয়ে।
 
আৰণ্যকৰ বিষয়া ড০ জিমি বৰা আৰু আইভী ফাৰহিন হুছেইনে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত ফলপ্ৰসুভাৱে অৰিহণা যোগোৱাৰ অৰ্থে সাংবাদিকসকলে ২০২২ চনত সংশোধন কৰা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ ৰ অধীনত সূচিত বন্যপ্ৰাণী প্ৰজাতিসমূহৰ বিষয়ে অৱগত হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সাংবাদিকসকলক ব্যাখা কৰে। 
 
তেওঁলোকে বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধৰ বিষয়ে প্ৰচাৰ কৰাৰ সময়ত সংবাদ মাধ্যমৰ ব্যক্তিসকলে প্ৰজাতি, ঘটনাস্থলী  আৰু জড়িত অপৰাধীসকলৰ বিষয়ে সঠিক তথ্য লাভ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই কথা আঙুলিয়াই দিয়ে আৰু কয় যে সংবাদ মাধ্যমে বন্যপ্ৰাণী অপৰাধ সম্পৰ্কত কৰা এনে শুদ্ধ বাতৰিৰ প্ৰকাশে সজাগতা বৃদ্ধি আৰু অপৰাধ প্ৰতিৰোধ আনকি অপৰাধীক দোষী সাব্যস্ত কৰাত বহু সহায় কৰে।
 
আৰণ্যকৰ সমল দলটোৱে তথ্যভিত্তিক উপস্থাপনৰ জৰিয়তে বিশ্বজুৰি বন্যপ্ৰাণীৰ অবৈধ  ব্যৱসায়ে এক বিপদজনক ৰুপ ধাৰণ কৰাৰ তথ্য দাঙি ধৰে আৰু কয় যে সংবাদ মাধ্যম আৰু আইন বলবতকাৰী সংস্থাসমূহে বন্যপ্ৰাণী অপৰাধৰ ক্ষেত্ৰতো ড্ৰাগছ সৰবৰাহৰ, মানৱ সৰবৰাহৰ আৰু অস্ত্ৰ সৰবৰাহৰ গোচৰত দিয়াৰ দৰে সমানুপাতিক মনোযোগ দিয়াৰ সময় আহি পৰিছে।