অবৈধ বন্যপ্ৰাণী ব্যৱসায় ৰোধত প্ৰত্যাহ্বানৰ সন্মুখীন CISF : আৰণ্যকৰ উদ্যোগত গুৱাহাটী বিমানবন্দৰত সজাগতা কৰ্মশালা

Story by  atv | Posted by  [email protected] • 2 Months ago
আৰণ্যকৰ উদ্যোগত গুৱাহাটী বিমানবন্দৰত সজাগতা কৰ্মশালা
আৰণ্যকৰ উদ্যোগত গুৱাহাটী বিমানবন্দৰত সজাগতা কৰ্মশালা
 
গুৱাহাটী 
 
দেশৰ বিভিন্ন বিমানবন্দৰেৰে চলি থকা অবৈধ বন্যপ্ৰাণীৰ ক্ৰমবৰ্ধমান সৰবৰাহে দেশৰ প্ৰতি সৃষ্টি কৰা গুৰুতৰ ভাবুকি সন্দৰ্ভত গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিয়োজিত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ (চি আই এছ এফ) প্ৰায় ৬০ জন জোৱানৰ মাজত সজাগতা সৃষ্টি কৰা হয়। 
 
 
আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱা (USFWS)ৰ সহযোগত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সমল গোটে ২২ আৰু ২৩ ফেব্ৰুৱাৰীত একেলেঠাৰিয়ে অনুষ্ঠিত কৰা দুখন কৰ্মশালাতৰ চি আই এছ এফৰ জোৱানসকলক বিমানবন্দৰৰ জৰিয়তে সংঘটিত হোৱা বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় ৰোধৰ কেতবোৰ দিশৰ বিষয়ে ব্যাখা কৰা হয় । 
 
কৰ্মশালাত আৰণ্যকৰ এগৰাকী জ্যেষ্ঠ প্ৰৱন্ধক ড০ জিমি বৰা আৰু প্ৰকল্প বিষয়া আইভী ফাৰহিন হুছেইনে বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ সৰবৰাহৰ গোলকীয় দৃশ্যপট আৰু দেশৰ লগতে সমগ্ৰ বিশ্বজুৰি বিমান বন্দৰেদি গোপনে বন্যপ্ৰাণী সৰবৰাহ কৰা চোৰাং ব্যৱসায়ী চক্ৰৰ অপৰাধ পদ্ধতিৰ ওপৰত বিশদ উপস্থাপন কৰে। তেওঁলোকে মহিলা জোৱানকে ধৰি অংশগ্ৰহণকাৰী চি আই এছ এফ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ বিভিন্ন প্ৰশনৰ উত্তৰ দিয়ে।
 
অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাটোৰ বিষয়াদ্বযে গোলকীয় ড্ৰাগছ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ী চক্ৰৰ সৈতে জটিল সম্পৰ্ক থকা আৰু প্ৰায় ২০০ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰা এই ক্ৰমবৰ্ধমান অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ গোলকীয় বজাৰখনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ বিষয়ে চি আই এছ এফৰ জোৱানসকলক সজাগ কৰে।
 
দ্ৰুত স্থানান্তৰকৰণ, উন্নত সুবিধা, তুলনামূলকভাৱে কম খৰচী পদ্ধতি,  ধৰা পৰাৰ কম সম্ভাৱনা আৰু বিভিন্ন বিমান বন্দৰত থকা একাংশ দুৰ্নীতিগ্ৰস্ত লোক আদি কাৰকবোৰৰ বাবে বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ গোলকীয় অপৰাধী চক্ৰটোৰ মাজত বিমান পথ ব্যৱহাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বিষয়ে আৰণ্যকৰ সম্পদ দলটোৱে অংশগ্ৰহণকাৰী চি আই এছ এফৰ কৰ্মীসকলক সতৰ্ক কৰি দিয়ে। 
 
অন্য বহু দায়িত্বৰ লগতে দেশৰ বিমানবন্দৰসমূহ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত অভিজাত সুৰক্ষা সংস্থাটোৱে বন্যপ্ৰাণীৰ ক্ৰমবৰ্ধমান অবৈধ ব্যৱসায়ৰ পৰিপ্ৰেক্ষিতত দেশৰ বিমান বন্দৰসমূহত বন্যপ্ৰাণীজাত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত ক্ৰমাগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। 
 
আৰণ্যকৰ দলটোৱে গোলকীয় ধাৰাৰ ভিত্তিত অধিক সৰবৰাহ হোৱা অবৈধ বন্যপ্ৰাণী সামগ্ৰীৰ ওপৰতো আলোকপাত কৰে। তেওঁলোকে জনায় যে অধিক ব্যৱসায় হোৱা বনৰৌৰ বাকলি, বাঘৰ অংগ প্ৰত্যংগ, হাতীদাঁতৰ সামগ্ৰী, গঁড়ৰ খৰ্গৰ উপৰিও গোলকীয় চক্ৰটোৱে সৰীসৃপ আৰু অন্যান্য বহু মূল্যৱান প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতিৰো সৰবৰাহ কৰে। তেওঁলোকে বিমান বন্দৰত কৰ্তব্য পালন কৰাৰ সময়ত চি আই এছ এফৰ লোকসকলক এই দিশটোৰ ওপৰত অতি অধিক কাৰ্যক্ষমতাৰে চকু ৰাখিবলৈ পৰামৰ্শ দিয়ে।