বৰপেটা
দেওবাৰে পুৱতি নিশা অসমৰ বৰপেটা জিলাৰ মাইলকুছি গাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আহত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, বৰপেটা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে ড্ৰাগছ মাফিয়াটোক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। আহত লোকজনক মাইলকুছি গাঁৱৰ আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। ঘটনাটো দেওবাৰে পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত হয়।
ইয়াৰ পূৰ্বে, ৬ নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এখন এল্ট’ বাহনৰ পৰা সন্দেহযুক্ত হেৰ'ইন ভৰ্তি ১১ টা চাবোনৰ বাকচ জব্দ কৰিছিল। আৰক্ষীৰ অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে বাহনখন এৰি পলায়ন কৰিছিল।
শনিবাৰে নিশা ড্ৰাগছ সৰবৰাহকাৰী নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ এজন লোকক আটক কৰে। ড্ৰাগছৰ সন্ধান তথা উদ্ধাৰৰ বাবে আৰক্ষীয়ে তেওঁক লৈ গৈ থকাৰ সময়তে তেওঁ আৰক্ষীৰ কৰ্মীসকলক ঠেলা মাৰি পলাবলৈ চেষ্টা চলায়। লগে লগে আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে আৰু বাওঁ উৰুত গুলী লাগি তেওঁ আঘাতপ্ৰাপ্ত হয়।
আনোৱাৰ হুছেইন বৰ্তমান বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ আছে।
বৰপেটাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) বিদুৎ বিকাশ বৰা ভূঞা আৰু সদৰ DSP জিতেশ বৰ্মনে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।