নতুন দিল্লী
যোৱা ১৮ অক্টোবৰত বলীউডৰ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফলৈ লক্ষ্য কৰি সংঘটিত হোৱা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাৰ তদন্তই এক গুৰুত্বপূৰ্ণ মোৰ লৈছে। মুম্বাই আৰক্ষীৰ ক্ষীপ্ৰ তদন্তৰ ফলশ্ৰুতি স্বৰূপে এই হাই-প্ৰফাইল গোচৰটোত আৰক্ষীৰ জালত পৰিছে ১১ নম্বৰটো অভিযুক্ত।
বিশেষ চোৰাংচোৱা সূত্ৰৰ পম খেদি মুম্বাই ক্ৰাইম ব্ৰাঞ্চ আৰু ইন্দোৰৰ স্থানীয় ক্ৰাইম ব্ৰাঞ্চে যুটীয়াভাৱে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰদেশীপুৰা অঞ্চলত এক সফল অভিযান চলায়। এই অভিযানত প্ৰাঞ্জল ঠাকৰান নামৰ ২২ বছৰীয়া এগৰাকী ইঞ্জিনিয়াৰিঙৰ স্নাতক যুৱকক গ্ৰেপ্তাৰ কৰা হয়। হাৰিয়ানাৰ ছোনিপট জিলাৰ বাসিন্দা প্ৰাঞ্জলে নিজৰ পক্ষাঘাতগ্ৰস্ত ভাতৃৰ চিকিৎসাৰ অজুহাত দেখুৱাই পাঁচ দিন পূৰ্বে ইন্দোৰত আশ্ৰয় লৈছিলহি। প্ৰাঞ্জলৰ গ্ৰেপ্তাৰৰ লগে লগে এই গোচৰটোত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পালে।
তদন্তকাৰী সংস্থাসমূহে প্ৰকাশ কৰা অনুসৰি, জুহুত সংঘটিত এই আক্ৰমণৰ আঁৰত প্ৰাঞ্জলৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। গুলীচালনাকাৰীসকলক লজিষ্টিক সমৰ্থন প্ৰদান কৰা, তেওঁলোকৰ মাজত নিৰাপদ যোগাযোগ ব্যৱস্থা পৰিচালনা কৰা আৰু সমগ্ৰ আক্ৰমণটোৰ সমন্বয় ৰক্ষা কৰাৰ দায়িত্বত আছিল এইগৰাকী উচ্চ শিক্ষিত যুৱক। প্ৰাথমিক তদন্তৰ পৰা স্পষ্ট হৈছে যে প্ৰাঞ্জল কুখ্যাত লৰেঞ্চ বিষ্ণই গেঙৰ মাষ্টাৰমাইণ্ড আৰু অপৰাধমূলক নেটৱৰ্কৰ মূল নেতাসকলৰ সৈতে পোনপটীয়া যোগাযোগত আছিল।
আৰক্ষী সূত্ৰই এক উদ্বেগজনক তথ্য সদৰী কৰিছে যে এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা ১১ জন অভিযুক্তৰ ভিতৰত ৭ জনেই হাৰিয়ানাৰ ছোনিপট জিলাৰ বাসিন্দা। এই পৰিসংখ্যাই এটা সুসংগঠিত আৰু কেন্দ্ৰীভূত অপৰাধমূলক চক্ৰ সক্ৰিয় হৈ থকাৰ ইংগিত দিয়ে, যি চক্ৰই হাই-প্ৰফাইল লক্ষ্যস্থানত আক্ৰমণ চলাবলৈ অস্ত্ৰ-শস্ত্ৰৰ যোগান, চোৰাংচোৱা তথ্য সংগ্ৰহ আৰু কৌশলগত সমৰ্থন আগবঢ়াই আহিছে।
প্ৰাঞ্জলক গ্ৰেপ্তাৰ কৰাৰ ঠিক ২৪ ঘণ্টাৰ পূৰ্বে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গুজৰাটৰ চুৰাটৰ এক গোপন স্থানত অভিযান চলাই দুটা মাৰণাস্ত্ৰ আৰু ১০ জাঁই সক্ৰিয় গুলী জব্দ কৰিবলৈ সক্ষম হয়। তদন্তকাৰীসকলৰ দৃঢ় বিশ্বাস যে এই অস্ত্ৰসমূহ টাইগাৰ শ্ৰফক আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা যোগান শৃংখলৰে এটা অংশ। চুৰাটত জব্দ হোৱা অস্ত্ৰ আৰু গুলীৰ সৈতে জুহুৰ অপৰাধস্থলীৰ পৰা উদ্ধাৰ হোৱা খালী কাৰ্টিজৰ কোনো মিল আছে নেকি, সেয়া নিশ্চিত কৰিবলৈ সামগ্ৰীসমূহ ফৰেনছিক আৰু বেলিষ্টিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
ইয়াৰ সমান্তৰালভাৱে, আন্তঃৰাজ্যিক অস্ত্ৰ সৰবৰাহ আৰু বিতৰণৰ সৈতে জড়িত থকাৰ অভিযোগত যতীন নামৰ আন এজন অভিযুক্তক আৰক্ষীয়ে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
জেৰাৰ সময়ত পোহৰলৈ অহা আন এক চাঞ্চল্যকৰ তথ্য অনুসৰি, আক্ৰমণকাৰীসকলে আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ লাইভ নিউজ সম্প্ৰচাৰৰ ওপৰত চকু ৰাখিছিল আৰু এনক্ৰিপ্ট কৰা মাধ্যমৰ জৰিয়তে বহিঃৰাজ্য বা বিদেশত থকা পৰিচালকসকলৰ নিৰ্দেশনা লৈ নিজৰ পলায়নৰ পথ সঘনাই সলনি কৰিছিল।
এই চক্ৰটোৱে কেৱল টাইগাৰ শ্ৰফেই নহয়, বান্দ্ৰাত বসবাস কৰা বলীউডৰ অন্যান্য বিশিষ্ট চলচ্চিত্ৰ ব্যক্তিত্বৰ বাসগৃহৰ চৌপাশতো প্ৰাথমিক অনুসন্ধান চলোৱাৰ প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মুম্বাই আৰক্ষীয়ে এনে বিশেষ ব্যক্তিসকলৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। বৰ্তমান অপৰাধী চক্ৰটোৰ বাকী থকা সদস্যসকলক কৰায়ত্ব কৰাৰ লক্ষ্যৰে আৰক্ষীৰ আন্তঃৰাজ্যিক দলসমূহে হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটত ধাৰাবাহিক অভিযান চলাই আছে।