ভাৰতীয় সেনাবাহিনীৰ হাতত অত্যাধুনিক ‘নাগাস্ত্ৰ-২’ আত্মঘাতী ড্ৰোন: ৫০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত হানিবলৈ সক্ষম

Story by  atv | Posted by  Munni Begum • 2 h ago
ভাৰতীয় সেনাবাহিনীৰ হাতত অত্যাধুনিক ‘নাগাস্ত্ৰ-২’ আত্মঘাতী ড্ৰোন
ভাৰতীয় সেনাবাহিনীৰ হাতত অত্যাধুনিক ‘নাগাস্ত্ৰ-২’ আত্মঘাতী ড্ৰোন
 
নতুন দিল্লী
 
ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। নাগপুৰস্থিত ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডে (Solar Defence and Aerospace Ltd.) ভাৰতীয় সেনাবাহিনীক অত্যাধুনিক ‘নাগাস্ত্ৰ-২’ (Nagastra-2) টেংকবিধ্বংসী লয়টাৰিং মিউনিচন ব্যৱস্থা যোগান ধৰিছে।
 
অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত নাগাস্ত্ৰ-২ত দিন আৰু ৰাতি দুয়ো সময়তে নিৰীক্ষণ কৰিব পৰা কেমেৰা সংযোজন কৰা হৈছে। ইয়াৰ লগতে আছে ৪ কিলোগ্ৰাম ওজনৰ টেণ্ডেম শ্বেপড-চাৰ্জ ৱাৰহেড, যিয়ে ৬৫০ মিলিমিটাৰ পৰ্যন্ত ৰ’ল্ড হোম’জিনিয়াছ আৰ্মাৰ (RHA) সুৰক্ষাৰে আবৃত লক্ষ্যবস্তু ভেদ কৰিবলৈ সক্ষম।
 
নাগাস্ত্ৰ-২ৰ আন এক বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ দূৰত্ব অতিক্ৰম কৰাৰ ক্ষমতা। অভিযান সম্পন্ন কৰাৰ পিছত ঘূৰি আহি পুনৰ ব্যৱহাৰ কৰিব পৰা ব্যৱস্থাত ই ২৫ কিলোমিটাৰ পৰ্যন্ত কাৰ্যক্ষম। আনহাতে, এবাৰ নিক্ষেপ কৰাৰ পিছত নিজে লক্ষ্যবস্তুত আঘাত হনা ‘ফায়াৰ এণ্ড ফৰগেট’ ব্যৱস্থাত ইয়াৰ কাৰ্যক্ষম দূৰত্ব ৫০ কিলোমিটাৰ পৰ্যন্ত। এই ড্ৰোন আকাশত সৰ্বাধিক ৬০ মিনিটলৈ উৰি থাকিব পাৰে। এনে বৈশিষ্ট্যই শত্ৰুৰ সাঁজোৱা বাহন আৰু অন্যান্য নিৰ্দিষ্ট লক্ষ্যবস্তুত নিখুঁতভাৱে আঘাত হনাৰ ক্ষেত্ৰত ভাৰতীয় সেনাক অধিক সুবিধা প্ৰদান কৰিব।
 
নাগাস্ত্ৰ-২ৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত বৈশিষ্ট্য হৈছে ইয়াৰ ইলেক্ট্ৰনিক কাউণ্টাৰ-কাউণ্টাৰমেজাৰ্ছ (ECCM) ব্যৱস্থা। এই প্ৰযুক্তিয়ে বৈদ্যুতিন যুদ্ধৰ পৰিস্থিতিতো ড্ৰোনখনৰ কাৰ্যক্ষমতা অক্ষুণ্ণ ৰখাত সহায় কৰে। বিশেষকৈ শত্ৰুপক্ষই যোগাযোগ ব্যৱস্থাত বাধা সৃষ্টি কৰা, জিপিএছ সংকেত জাম কৰা অথবা ভুৱা জিপিএছ সংকেতৰ জৰিয়তে বিভ্ৰান্ত কৰাৰ চেষ্টা চলালেও এনে প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ এই ব্যৱস্থা প্ৰস্তুত কৰা হৈছে।
 
নাগাস্ত্ৰ-২ৰ উন্নয়ন আৰু ভাৰতীয় সেনাবাহিনীক ইয়াৰ যোগান ভাৰতৰ স্বদেশী প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে ভাৰতীয় সেনাবাহিনী অধিক আধুনিক আৰু উন্নত প্ৰযুক্তিনিৰ্ভৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হোৱাৰ পথ মুকলি হৈছে।
 
ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৬ চনৰ আগষ্ট মাহত মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত (MFFR) নাগাস্ত্ৰ-২ৰ কাৰিকৰী পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হয়। এই পৰীক্ষাৰ সময়ত সেনাবাহিনীৰ সংশ্লিষ্ট প্ৰতিনিধিসকলে ড্ৰোনখনৰ কাৰ্যক্ষমতা আৰু ECCM ব্যৱস্থাৰ নিৰ্ধাৰিত সকলো মানদণ্ড পূৰণ হোৱাৰ বিষয়টো প্ৰত্যক্ষ কৰে।
 
উল্লেখযোগ্য যে, ২০২৫ চনত ভাৰতীয় সেনাবাহিনীয়ে ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডক প্ৰায় ৪৫০টা ‘নাগাস্ত্ৰ-১আৰ’ (Nagastra-1R) লয়টাৰিং মিউনিচন ক্ৰয়ৰ অৰ্ডাৰ দিছিল। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি, নাগাস্ত্ৰ-১আৰ হৈছে তুলনামূলকভাৱে কম ব্যয়বহুল এক অত্যাধুনিক অস্ত্ৰ ব্যৱস্থা, যাৰ উৎক্ষেপণ ব্যৱস্থা সম্পূৰ্ণৰূপে পুনৰ ব্যৱহাৰ কৰিব পাৰি।
 
নাগাস্ত্ৰ-১আৰত ৩৬০ ডিগ্ৰী ঘূৰিব পৰা গিম্বল কেমেৰা সংযোজন কৰা হৈছে। ইয়াৰ উপৰি নিশাৰ অভিযানৰ বাবে থাৰ্মেল কেমেৰা সংযোজন কৰাৰো সুবিধা আছে।
 
এই ব্যৱস্থাত ভিডিঅ’ আৰু টেলিমেট্ৰি যোগাযোগৰ সুৰক্ষাৰ বাবে নিজস্ব এনক্ৰিপচন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। লগতে ইয়াত এক উচ্চ-নিখুঁত লক্ষ্য নিৰ্ধাৰণ ব্যৱস্থা সংযোজন কৰা হৈছে, যাৰ চাৰ্কুলাৰ এৰ’ৰ প্ৰ’বেবল (CEP) মাত্ৰ ২ মিটাৰ। অৰ্থাৎ লক্ষ্যবস্তুত আঘাত হনাৰ ক্ষেত্ৰত এই ব্যৱস্থাই উচ্চ পৰ্যায়ৰ নিখুঁততা প্ৰদান কৰে।
 
আনহাতে, নাগাস্ত্ৰ-১আৰ নিৰ্মাণত ৮০ শতাংশতকৈ অধিক স্বদেশী সামগ্ৰী আৰু উপাদান ব্যৱহাৰ কৰা হৈছে। এই অস্ত্ৰ ব্যৱস্থাৰ পৰীক্ষা লাডাখৰ লগতে উত্তৰ প্ৰদেশৰ ঝাঁচীৰ সমীপৱৰ্তী বাবিনাকে ধৰি দেশৰ বিভিন্ন স্থানত সম্পন্ন কৰা হৈছে বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে।
 
স্বদেশতে নিৰ্মিত নাগাস্ত্ৰ শৃংখলাৰ এনে উন্নত অস্ত্ৰ ব্যৱস্থাই ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন খণ্ডক অধিক শক্তিশালী কৰাৰ লগতে আধুনিক যুদ্ধক্ষেত্ৰত ভাৰতীয় সেনাবাহিনীৰ সামৰিক সামৰ্থ্য বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।