মুছলমান জনসাধাৰণে বিজেপিক ভোট নিদিয়া কথাটো ভুল ব্যাখ্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  [email protected] • 2 Years ago
মুছলমান জনসাধাৰণে বিজেপিক ভোট নিদিয়া কথাটো ভুল ব্যাখ্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুছলমান জনসাধাৰণে বিজেপিক ভোট নিদিয়া কথাটো ভুল ব্যাখ্যাঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী

বিজেপিয়ে কেতিয়াও হিন্দু-মুছলমানক লৈ তুষ্টিকৰণৰ ৰাজনীতি কৰা নাই। অৰুণোদয় আঁচনিৰ লাভালাভ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে লাভ কৰিছে। ৰেচন কাৰ্ডো হিন্দু-মুছলমান উভয়ে লাভ কৰিছে।
 
সাংসদ বদৰুদ্দিন আহমেদৰ দৰে কিছুমান নেতাই মুছলমান সমাজত বিজেপিৰ বিষয়ে ভূল ব্যাখ্যা দিছে আৰু তেওঁলোকক ভুল পথে পৰিচালিত কৰিছে। এই গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

ধুবুৰীৰ বিলাসীপাৰাত এখন জনসভাত অংশ লৈ তেওঁ কয় যে কংগ্ৰেছ আৰু এআইইউডিএফৰ গ্ৰাসত থকালৈ মুছলমান সমাজৰ উন্নয়ন অসম্ভৱ। বিজেপিয়ে দেশী আৰু খিলঞ্জীয়া মুছলমানক তেওঁলোকৰ মৰ্যাদা দিছে। ১০ জন ল'ৰা-ছোৱালী জন্ম দি খোৱাব নোৱাৰাটো আল্লাহৰ চকুত পাপ। দুজন ল'ৰা-ছোৱালী জন্ম দি বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে পঠিওৱাটোহে মুছলমান সমাজৰ লক্ষ্য হ'ব লাগে। 

এইবাৰ আপোনালোকে ধুবুৰীত হিন্দু-মুছলমান উভয়ে মিলি জয় নিশ্চিত কৰক। ধুবুৰীত বিজেপিৰ জয়ে ইয়াৰ উন্নয়ন ক্ষিপ্ৰ কৰি তুলিব। মুছলমান ৰাইজে বিজেপিক ভোট নিদিয়াৰ কথাটো এটা ভুল ব্যাখ্যা বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।