জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৩০ অক্টোবৰত চচলত বৃহৎ শান্তিপূৰ্ণ প্ৰতিবাদ; ৰাজ্যবাসীলৈ একত্ৰিত হোৱাৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ

Story by  atv | Posted by  [email protected] • 1 h ago
গৰিমা শইকীয়া গাৰ্গ
গৰিমা শইকীয়া গাৰ্গ
 
নতুন দিল্লী
 
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি পুনৰ এক প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰস্তুতি চলোৱা হৈছে। 'জুবিন ফেন ক্লাব'ৰ উদ্যোগত অহা ৩০ অক্টোবৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ চচলত এক বৃহৎ শান্তিপূৰ্ণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
 
এই গুৰুত্বপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত ইতিমধ্যে প্ৰশাসনৰ পৰা প্ৰয়োজনীয় অনুমতি বিচাৰি আনুষ্ঠানিকভাৱে আবেদন জনোৱা হৈছে। এই কাৰ্যসূচীক সৰ্বাত্মক ৰূপ দিবলৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ৰাজ্যৰ প্ৰতিগৰাকী জুবিন অনুৰাগী আৰু শুভাকাংক্ষীক স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যম ফেচবুকত দিয়া এক পোষ্টৰ জৰিয়তে তেওঁ সমগ্ৰ অনুৰাগী সমাজক ন্যায়ৰ এই সংগ্ৰামত একত্ৰিত হ’বলৈ বিশেষভাৱে অনুৰোধ কৰে।
 
ফেচবুকৰ উক্ত পোষ্টটোত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰে, "অহা ৩০ অক্টোবৰ, ২০২৬ তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জুবিন ফেন ক্লাবৰ উদ্যোগত পুনৰবাৰ গুৱাহাটীৰ চচলত এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে ইয়াৰ বাবে প্ৰশাসনিক অনুমতি বিচাৰি আবেদন জনোৱা হৈছে।" তেওঁ লগতে পূৰ্বৰ এক প্ৰতিবাদৰ কথা সুঁৱৰি স্পষ্ট কৰি দিয়ে যে, যোৱা ১২ অক্টোবৰ, ২০২৬ তাৰিখে হঠাৎ লোৱা সিদ্ধান্ত মৰ্মে আয়োজন কৰা কাৰ্যসূচীত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰাৰ প্ৰবল ইচ্ছা থকাৰ পাছতো কেৱল সময়ৰ অভাৱৰ বাবেই উপস্থিত থাকিব পৰা নাছিল।
 
পূৰ্বৰ সেই অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ পৰ্যাপ্ত সময় হাতত লৈ অহা ৩০ অক্টোবৰৰ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। সেয়েহে, অনাগত এই প্ৰতিবাদী কাৰ্যসূচীটোত সকলো জুবিন অনুৰাগী তথা জুবিন গাৰ্গক অন্তৰৰ পৰা ভালপোৱা প্ৰতিগৰাকী ব্যক্তিৰ বিশাল আৰু স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আশা কৰিছে গৰিমা শইকীয়া গাৰ্গে। তেওঁ আৱেগিকভাৱে কয়, "এয়া কেৱল এক সাধাৰণ প্ৰতিবাদ নহয়, বৰঞ্চ এয়া হৈছে আমাৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ স্বাৰ্থত একত্ৰিত হৈ মাত মতাৰ এক প্ৰয়াস।"
 
সকলোৰে ঐক্যবদ্ধ, শান্তিপূৰ্ণ আৰু সমস্বৰে উত্থাপিত হোৱা কণ্ঠই যাতে ন্যায়ৰ দাবীক এক শক্তিশালী ৰূপ দিয়ে, তাৰেই কামনা কৰিছে গৰিমা শইকীয়া গাৰ্গে। প্ৰাণৰ শিল্পীগৰাকীৰ সপক্ষে সকলোৰে কণ্ঠ একেলগে সন্মিলিত হোৱাৰ এই আহ্বান এতিয়া সৰ্বত্ৰে বিয়পি পৰিছে।


শেহতীয়া খবৰ