ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ মোকাবিলাৰ বাবে সম্পূৰ্ণ সাজু ওড়িশা চৰকাৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ভুৱনেশ্বৰ
 
ধুমুহাৰ ৰূপ লৈ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে আগবাঢ়ি অহা ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ওড়িশা চৰকাৰ। অহা ২৭ অথবা ২৮ অক্টোবৰত এই ঘূৰ্ণীবতাহে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলত আঘাত হানিব পাৰে বুলি আশংকা কৰা হৈছে। সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সমন্বয় বজাই ৰাখিছে। 
 
ওড়িশাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) সঞ্জয় কুমাৰে সংবাদ সংস্থা এএনআইক জনোৱা মতে, ঘূৰ্ণীবতাহজাকৰ সম্ভাব্য তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে উচ্চ পৰ্যায়ৰ কেইবাখনো বৈঠক অনুষ্ঠিত কৰা হৈছে। এই বৈঠকসমূহত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলৰ সৈতেও বিস্তৃত আলোচনা কৰা হৈছে। 
 
তেওঁ কয়, “এক শক্তিশালী ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা নিশ্চিত হৈছে। অৱশ্যে আশাৰ কথা এয়ে যে, এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ওড়িশা সম্পূৰ্ণৰূপে সাজু। ৰাজ্য আৰু জিলা প্ৰশাসনৰ লগতে আৰক্ষী তথা বিশেষ দুৰ্যোগ সঁহাৰি বাহিনী অ’ড্ৰাফ (ODRAF) সকলো দিশৰ পৰা প্ৰস্তুত হৈ আছে।”
 
ঘূৰ্ণীবতাহৰ সম্ভাব্য ক্ষয়-ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যে ইতিমধ্যে ওড়িশা দুৰ্যোগ দ্ৰুত সঁহাৰি বাহিনীৰ প্ৰায় ২০টা দল মোতায়েন কৰা হৈছে। এই দলসমূহে বিভিন্ন অঞ্চলত আগতীয়া প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছে। দুৰ্যোগ মোকাবিলাৰ বাবে তিনিটা পৰ্যায়ত মুঠ ৬০টা দল মোতায়েন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
 
এই সন্দৰ্ভত সঞ্জয় কুমাৰে কয়, “প্ৰথম পৰ্যায়ত ২০টা দলৰ ব্যৱস্থা কৰা হৈছে। তিনিটা পৰ্যায়ত মুঠ ৬০টা দল মোতায়েন কৰা হ’ব। ইয়াৰ উপৰি পূৰ্বতে প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ অ’ড্ৰাফ কৰ্মীসকলকো এই অভিযানত জড়িত কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF)ৰ সৈতেও সুসমন্বয় ৰক্ষা কৰা হৈছে। জিলা পৰ্যায়ৰ পৰা খণ্ড পৰ্যায়লৈকে সকলো স্থানতে প্ৰয়োজনীয় প্ৰস্তুতি নিশ্চিত কৰা হৈছে।”
 
ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, পূব-মধ্য আৰু সংলগ্ন পশ্চিম-মধ্য বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপটো অধিক শক্তিশালী হৈ ‘অৰ্ণৱ’ নামৰ ঘূৰ্ণীবতাহত পৰিণত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অন্ধ্ৰপ্ৰদেশ আৰু সংলগ্ন দক্ষিণ ওড়িশাৰ উপকূলীয় অঞ্চলসমূহলৈ ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। 
 
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, ঘূৰ্ণীবতাহজাক পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰি ২৬ অক্টোবৰৰ মাজনিশাৰ ভিতৰত পশ্চিম-মধ্য বংগোপসাগৰত এক প্ৰবল ঘূৰ্ণীবতাহৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী সময়ত, অৰ্থাৎ ২৭ অক্টোবৰত ই অধিক শক্তিশালী হৈ অতি প্ৰবল ঘূৰ্ণীবতাহত পৰিণত হ’ব পাৰে। 
 
আনহাতে, কটকৰ কেন্দ্ৰীয় ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সত্যজিৎ নায়কে দেওবাৰে জনায় যে, ওড়িশাৰ ঘূৰ্ণীবতাহৰ আশংকা থকা উপকূলীয় জিলাসমূহত ইতিমধ্যে আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনীৰ দল মোতায়েন কৰা হৈছে। সকলো জিলা আৰক্ষী অধীক্ষকক আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যিকোনো জৰুৰী পৰিস্থিতিত জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
 
সম্ভাব্য দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত সকলো কৰ্মীৰ ছুটী বাতিল কৰিছে। একে সময়তে, বিপদৰ আশংকা থকা জিলাসমূহত মুঠ ২২৫টা উদ্ধাৰকাৰী দলক সৰ্বোচ্চ সতৰ্ক অৱস্থাত ৰখা হৈছে। সত্যজিৎ নায়কে লগতে জনায় যে পুৰী, জগতসিংহপুৰ, কটক আৰু খোৰ্ধা জিলাৰ প্ৰতিখনতে অ’ড্ৰাফৰ চাৰিটাকৈ দল মোতায়েন কৰা হৈছে।
 
জৰুৰীকালীন সহায়ৰ বাবে সকলো জিলাতে দিনে-নিশাই সক্ৰিয় হৈ থকা নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰা হৈছে। যিকোনো বিপদ বা জৰুৰী পৰিস্থিতিৰ সন্মুখীন হ’লে জনসাধাৰণক এই নিয়ন্ত্ৰণ কক্ষসমূহৰ সৈতে যোগাযোগ কৰিবলৈ আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে আহ্বান জনাইছে।
 
ঘূৰ্ণীবতাহৰ সম্ভাব্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ, আৰক্ষী, দুৰ্যোগ সঁহাৰি বাহিনী আৰু জিলা প্ৰশাসনে সন্মিলিতভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি যথাসম্ভৱ হ্ৰাস কৰিব পৰা যায়।


শেহতীয়া খবৰ