উত্তৰ-পূবত ‘অপাৰেশ্যন ট্ৰাইডেণ্ট’ৰ বৃহৎ সফলতা: অসম, মিজোৰাম আৰু মণিপুৰত উৎখাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰ, ১৮ জন গ্ৰেপ্তাৰ

Story by  atv | Posted by  [email protected] • 1 d ago
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
 
নতুন দিল্লী
 
নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে এক বৃহৎ সফলতা অৰ্জন কৰিছে দেশৰ নিৰাপত্তা বাহিনীয়ে। শেহতীয়াকৈ ‘অপাৰেশ্যন ট্ৰাইডেণ্ট’ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ ৰাজ্য ক্ৰমে— অসম, মিজোৰাম আৰু মণিপুৰত চলোৱা এক যৌথ তথা সু-পৰিকল্পিত অভিযানত এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে।
 
বিগত ২৩ অক্টোবৰ, শুকুৰবাৰে একাধিক নিচাজাতীয় দ্ৰব্য বিৰোধী সংস্থা আৰু আৰক্ষী বাহিনীয়ে একত্ৰিত হৈ তিনিওখন ৰাজ্যৰ প্ৰায় ৩৮ টা ভিন্ন স্থানত একেলগে এই মাৰথন অভিযান চলায়। এই অভিযানৰ ফলশ্ৰুতিত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত প্ৰায় ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। এই অভিযান কেৱল গ্ৰেপ্তাৰৰ মাজতে সীমাবদ্ধ নাছিল, বৰঞ্চ ই এক বিশাল বিত্তীয় কেলেংকাৰীৰ তথ্যও পোহৰলৈ আনে।
 
কৰ্তৃপক্ষই জব্দ কৰা তথ্য অনুসৰি ১০০ কোটি টকাৰ বৃহৎ হাৱালা লেনদেনৰ তথ্য পোহৰলৈ আহে। ড্ৰাগছ মাফিয়াৰ সৈতে জড়িত ১৪২৪ টা বেংক একাউণ্ট তাৎক্ষণিকভাৱে ফ্ৰীজ কৰা হয়। প্ৰায় ১৭.৮২ কোটি টকাৰ সম্পত্তি কৰ্তৃপক্ষই জব্দ কৰে। নগদ ১২ লাখ টকাৰ লগতে ৫০০ টা ডিটনেটৰ উদ্ধাৰ কৰা হয়, যিয়ে চক্ৰটোৰ ভয়াবহতা প্ৰমাণ কৰে।
দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যম এক্স যোগে এই বৃহৎ সফলতাৰ কথা দেশবাসীৰ আগত সদৰী কৰে আৰু এই যৌথ অভিযানত জড়িত তিনিওখন ৰাজ্যৰ কেন্দ্ৰীয় সংস্থা তথা আৰক্ষী বাহিনীৰ দলসমূহক অভিনন্দন জ্ঞাপন কৰে।
 
তেওঁ এই অভিযানক মোদী চৰকাৰৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আন এক শক্তিশালী পদক্ষেপ বুলি অভিহিত কৰি এক্সত কয়, "মোদী চৰকাৰে ‘অপাৰেশ্যন ট্ৰাইডেণ্ট’ৰ জৰিয়তে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আন এক বৃহৎ দমন অভিযান আৰম্ভ কৰিছে। এই অপৰাধী নেটৱৰ্কটোৱে ভাৰত, ম্যানমাৰ আৰু বাংলাদেশৰ সীমান্তৰে এক ভয়ংকৰ 'ডেথ ট্ৰাইএংগল কৰিডৰ'ৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰিছিল।
 
গৃহমন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে, "এই কাৰ্যই ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰতিটো ড্ৰাগছৰ নেটৱৰ্ক নিৰ্মূল কৰাৰ বাবে ভাৰতৰ দৃঢ়তা প্ৰদৰ্শন কৰে। ড্ৰাগছ সৰবৰাহৰ চক্ৰ সম্পূৰ্ণৰূপে নিৰ্মূল নোহোৱালৈকে ভাৰতে এই অভিযান অব্যাহত ৰাখিব।"
 
উল্লেখ্য যে, দেশৰ পৰা নক্সালবাদ নিৰ্মূল হোৱাৰ পিছত এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা ২১ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা ‘আৰক্ষী স্মৃতি দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী শ্বাহে ঘোষণা কৰিছিল যে, অহা চাৰে তিনি বছৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ড্ৰাগছৰ বিৰুদ্ধে এক নিৰ্ণায়ক যৌথ যুঁজ আৰম্ভ কৰিব। 'অপাৰেশ্যন ট্ৰাইডেণ্ট'ৰ এই সফলতাই চৰকাৰৰ সেই দৃঢ় সংকল্পৰেই এক বলিষ্ঠ প্ৰতিফলন হিচাপে বিবেচিত হৈছে।


শেহতীয়া খবৰ