“পেৰিছ অতিশীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব”: ফ্ৰান্সৰ তীব্ৰ প্ৰতিবাদকলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

Story by  atv | Posted by  [email protected] • 4 h ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
ফ্ৰান্সত শেহতীয়াকৈ সংঘটিত হৈ থকা ভয়াৱহ আৰু ব্যাপক প্ৰতিবাদক কেন্দ্ৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গভীৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰিছে। দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনলৈ এক সকীয়নিমূলক বাৰ্তা প্ৰেৰণ কৰিছে। মঙলবাৰে হোৱাইট হাউচত সংবাদ মাধ্যমৰ আগত মত বিনিময় কৰি ট্ৰাম্পে এক চাঞ্চল্যকৰ মন্তব্য কৰি কয় যে ফ্ৰান্সৰ ৰাজধানী পেৰিছ অতিশীঘ্ৰেই এখন 'মুছলিম চহৰ' হিচাপে পৰিগণিত হ’বলৈ গৈ আছে।
 
প্ৰব্ৰজনকাৰী সমস্যাক লৈ সৰৱ হৈ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ফ্ৰান্সৰ বৰ্তমানৰ নীতিৰ তীব্ৰ সমালোচনা কৰে। তেওঁ দৃঢ়তাৰে উল্লেখ কৰে যে অপৰিকল্পিত প্ৰব্ৰজনৰ ফলশ্ৰুতিত ফ্ৰান্সৰ জনগাঁথনিত দ্ৰুতগতিত পৰিৱৰ্তন ঘটিছে। ৰাষ্ট্ৰপতি মেক্ৰনক নিজৰ 'বন্ধু' বুলি সম্বোধন কৰি ট্ৰাম্পে কয়, “তেওঁ মোৰ বন্ধু। মই তেওঁক বহু আগতেই কৈছিলো যে আপুনি ফ্ৰান্সক লৈ এক ডাঙৰ ভুল কৰি আছে। আপুনি সমগ্ৰ বিশ্বৰ পৰা মানুহ আহিবলৈ দিছে।” প্ৰব্ৰজনৰ প্ৰসংগ টানি তেওঁ পুনৰ কয়, “সমগ্ৰ বিশ্বৰ পৰা মানুহ ফ্ৰান্সলৈ আহি আছিল আৰু আপোনালোকে জনাৰ দৰে, পেৰিছ অতিশীঘ্ৰেই এখন মুছলিম চহৰ হ’বলৈ গৈ আছে, আৰু এইটো কোনো চুক্তি নাছিল।”
 
আনহাতে, ফ্ৰান্সৰ বাস্তৱিক পৰিস্থিতি বৰ্তমান অতিশয় স্পৰ্শকাতৰ হৈ পৰিছে। সমগ্ৰ দেশজুৰি ৫ লাখতকৈ অধিক লোকে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ফ্ৰান্সৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কেৱল শনিবাৰে হোৱা প্ৰতিবাদতেই প্ৰায় ৫,৫০,০০০ (ছাড়ে পাঁচ লাখ) লোকে অংশগ্ৰহণ কৰিছিল। এই বিশাল প্ৰতিবাদী কাৰ্যসূচীয়ে ফ্ৰান্সৰ কেইবাখনো আগশাৰীৰ চহৰক স্তব্ধ কৰি পেলাইছে আৰু লাখ লাখ সাধাৰণ নাগৰিকৰ জীৱনযাত্ৰা বেয়াকৈ প্ৰভাৱিত হৈছে।
 
এই প্ৰতিবাদৰ মাজতে সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত হাজাৰ হাজাৰ সাধাৰণ লোক আহত হৈছে। ফ্ৰান্সৰ গৃহ মন্ত্ৰালয়ৰ তথ্য মতে, হিংসাত্মক কাৰ্যকলাপৰ দ্বাৰা প্ৰভাৱিত এই প্ৰতিবাদসমূহৰ সময়ত এতিয়ালৈকে মুঠ ২,৩৯৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ৯৯৭ গৰাকী আৰক্ষী বিষয়া আৰু জোৱান আহত হৈছে, যাৰ ভিতৰত সাতজন নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
 
দেশত উদ্ভৱ হোৱা এই অশান্ত পৰিস্থিতিক লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তেওঁ স্পষ্ট কৰি দিছে যে প্ৰতিবাদৰ সময়ত হিংসা বিয়পোৱা আৰু ইয়াৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমানলৈকে এই তীব্ৰ প্ৰতিবাদৰ ফলত দেশখনৰ কেইবাখনো চহৰ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।