নতুন দিল্লীত দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ উদ্বোধনী অনুষ্ঠানত বিদেশী প্ৰতিনিধিসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Story by  atv | Posted by  Munni Begum • 1 h ago
নতুন দিল্লীত দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ উদ্বোধনী অনুষ্ঠানত বিদেশী প্ৰতিনিধিসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
নতুন দিল্লীত দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ উদ্বোধনী অনুষ্ঠানত বিদেশী প্ৰতিনিধিসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
 
নতুন দিল্লী
 
সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিকছৰ সদস্য আৰু সহযোগী দেশসমূহৰ পৰা অহা বিদেশী প্ৰতিনিধিসকলক উষ্ম আদৰণি জনায়।
 
এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়ান ফেডাৰেচনৰ ফেডাৰেল এছেম্বলীৰ নিম্ন সদন ষ্টেট ডুমাৰ অধ্যক্ষ ভ্যাচেছ্লাভ ভলোডিনকো আদৰণি জনায়।
 
ইয়াৰ পূৰ্বে সোমবাৰে পুৱাৰ ভাগত ব্ৰিকছ সংসদীয় মঞ্চত অংশগ্ৰহণৰ উদ্দেশ্যে বিভিন্ন দেশৰ প্ৰতিনিধি দলসমূহ নতুন দিল্লীৰ সংসদ ভৱন চৌহদত উপস্থিত হয়। সংসদৰ বিষয়া আৰু সাংসদসকলে বিদেশী অতিথিসকলক উষ্ম অভ্যৰ্থনা জনায়।
 
উগাণ্ডা, কিউবা, ব্ৰাজিল আৰু ৰাছিয়াৰ প্ৰতিনিধি দলসমূহো সংসদ ভৱন চৌহদত উপস্থিত হয়। উল্লেখযোগ্য যে, ৰাছিয়া আৰু ব্ৰাজিল ব্ৰিকছৰ পূৰ্ণ সদস্য ৰাষ্ট্ৰ হোৱাৰ বিপৰীতে উগাণ্ডা আৰু কিউবাই ২০২৫ চনত সহযোগী দেশৰ মৰ্যাদা লাভ কৰিছিল। 
 
ইফালে, এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰো সংসদ ভৱনত উপস্থিত হয়। বিদেশী প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ সময়ত সাংসদ ৰাজীৱ ৰায় আৰু ৰাজ্যসভাৰ সাংসদ নৰেশ বনছলো উপস্থিত থাকে।
 
এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ নৰেশ বনছলে কয় যে, ব্ৰিকছ হৈছে বিশ্বৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মঞ্চ। ইয়াৰ অন্তৰ্গত দেশসমূহে সামগ্ৰিকভাৱে বিশ্বৰ প্ৰায় আধা জনসংখ্যাক প্ৰতিনিধিত্ব কৰাৰ লগতে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ৪০ শতাংশ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰায় ২৪ শতাংশত অৱদান আগবঢ়ায়। 
 
তেওঁ কয়, “ব্ৰিকছ এক অত্যন্ত গুৰুত্বপূৰ্ণ মঞ্চ। বৰ্তমান ভাৰতে ইয়াৰ অধ্যক্ষতাৰ দায়িত্ব পালন কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু মাৰ্গদৰ্শনত এই মঞ্চই বিশ্বৰ বিভিন্ন প্ৰত্যাহ্বান, বিশেষকৈ উন্নয়নশীল দেশসমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”
 
আনহাতে, সাংসদ ৰাজীৱ ৰায়ে আশা প্ৰকাশ কৰে যে, ব্ৰিকছৰ এই মঞ্চৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অত্যধিক প্ৰভাৱ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক শক্তিশালী কণ্ঠস্বৰ উত্থাপিত হ’ব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে, বৈদেশিক নীতি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ত দেশ সদায় ঐক্যবদ্ধ হৈ আহিছে। 
 
ৰাজীৱ ৰায়ে কয়, “প্ৰথমেই আমি ভাৰতলৈ অহা সকলো বিদেশী প্ৰতিনিধিক আন্তৰিক আদৰণি জনাইছোঁ। আমাৰ আশা, এই মঞ্চৰ পৰা এনে এক শক্তিশালী বাৰ্তা প্ৰকাশ পাব, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অত্যধিক প্ৰভাৱ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। শান্তি, উন্নয়ন আৰু বৈদেশিক নীতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ দেশ সদায় একত্ৰিত হৈ আহিছে। এনে বিষয়ত সংকীৰ্ণ ৰাজনীতি বা পৰস্পৰক সমালোচনা কৰাৰ কোনো স্থান নাই।”
 
উল্লেখযোগ্য যে, ভাৰতীয় সংসদৰ উদ্যোগত নতুন দিল্লীৰ সংসদ ভৱন চৌহদত দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ আয়োজন কৰা হৈছে। এই সন্মিলনত ব্ৰিকছৰ ১১খন সদস্য ৰাষ্ট্ৰ আৰু ১০খন সহযোগী দেশৰ সংসদীয় প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছে। 
 
সোমবাৰে পুৱা ১০ বজাত এই মঞ্চৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান আৰম্ভ হয়। লোকসভাৰ অধ্যক্ষ তথা ব্ৰিকছ সংসদীয় মঞ্চৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধনী ভাষণ প্ৰদান কৰে। এই দুদিনীয়া সন্মিলনত সদস্য আৰু সহযোগী দেশসমূহৰ মাজত সংসদীয় সহযোগিতা বৃদ্ধি, পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সুযোগ সৃষ্টি হৈছে।


শেহতীয়া খবৰ