ভাৰতত চৰকাৰ পৰিৱৰ্তনৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ RSS প্ৰধান মোহন ভাগৱতৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
RSS প্ৰধান মোহন ভাগৱত
RSS প্ৰধান মোহন ভাগৱত
 
নাগপুৰ
 
ভাৰতক দুৰ্বল কৰাৰ উদ্দেশ্যে বিশ্বৰ একাংশ  অপশক্তিয়ে দেশখনক লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) সৰসংঘচালক মোহন ভাগৱতে। তেওঁৰ মতে, ভাৰতত চৰকাৰ পৰিৱৰ্তনৰ লক্ষ্যৰে বিভিন্ন প্ৰচেষ্টা চলি আছে আৰু ক্ষমতাৰ প্ৰতি অত্যধিক আকাংক্ষা থকা একাংশ নেতাই ব্যক্তিগত স্বাৰ্থৰ বাবে এনে প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে।  
 
নাগপুৰত আৰএছএছৰ বিজয়াদশমী উদযাপন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ভাগৱতে কয় যে, ভাৰত, হিন্দু সমাজ আৰু সংঘক কেনেদৰে দুৰ্বল বা ধ্বংস কৰিব পাৰি, সেই বিষয়ে কিছুমান অশুভ শক্তিয়ে অহৰহ চিন্তা-চৰ্চা আৰু পৰিকল্পনা কৰি আহিছে।
 
তেওঁ কয়, “ভাৰত, হিন্দু আৰু সংঘক কেনেদৰে ধ্বংস কৰিব পাৰি, সেই কথাকে কিছুমান আসুৰিক শক্তিয়ে চিন্তা কৰে, পৰিকল্পনা কৰে আৰু সেই অনুসৰি কাম কৰে। নিজৰ স্বভাৱ অনুসৰিয়েই কিছুমান মানুহে এনে প্ৰচেষ্টাত সহযোগিতা আগবঢ়ায়।”
 
ভাগৱতে লগতে মন্তব্য কৰে যে, ক্ষমতাৰ ক্ষুদ্ৰ স্বাৰ্থ আৰু দূৰদৰ্শিতাৰ অভাৱৰ বাবে একাংশ উচ্চাকাংক্ষী নেতাও এনে কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰে।
 
ফ্ৰান্স, আলবেনিয়া, বাংলাদেশ আৰু নেপালৰ শেহতীয়া অস্থিৰতাৰ প্ৰসংগ উল্লেখ কৰি আৰএছএছ প্ৰধানগৰাকীয়ে কয় যে, পশ্চিমীয়া দেশসমূহৰ পৰা এনে এক ধৰণৰ ধুমুহা আহিছে, যিয়ে সমাজৰ শৃংখলা, শালীনতা, কল্যাণ আৰু সাংস্কৃতিক তথা মানৱীয় মূল্যবোধ ধ্বংস কৰিব বিচাৰিছে।
 
তেওঁৰ ভাষ্য অনুসৰি, একাংশ শক্তিয়ে চৰকাৰ পৰিৱৰ্তন কৰিলেই পৰিস্থিতিৰ উন্নতি হ'ব বুলি প্ৰচাৰ কৰে। কিন্তু ইতিহাসত এনে পৰিৱৰ্তনে সমস্যাৰ সমাধান কৰা দেখা যোৱা নাই আৰু বৰ্তমানো তাৰ কোনো ইতিবাচক ফল পোৱা নাই বুলি ভাগৱতে মন্তব্য কৰে।
 
ভাগৱতে কয়, "তেওঁলোকে কয় যে চৰকাৰ পৰিৱৰ্তন হ’লেই পৰিস্থিতি সলনি হ’ব। কিন্তু অতীতত তেনে হোৱা নাই আৰু বৰ্তমানো তেনে হোৱা দেখা যোৱা নাই।"
 
আৰএছএছ প্ৰধানগৰাকীয়ে অভিযোগ কৰে যে বিশ্বৰ বিভিন্ন দেশত নিজৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে একাংশ শক্তিয়ে চৰকাৰ পৰিৱৰ্তনৰ প্ৰচেষ্টা চলাই আহিছে। তেওঁৰ মতে, এই শক্তিসমূহে নিজৰ প্ৰভাৱ আৰু আধিপত্য বজাই ৰাখিবলৈ নিজৰ অনুগত ব্যক্তি আৰু গোষ্ঠীক ক্ষমতাৰ কেন্দ্ৰত ৰাখিব বিচাৰে।
 
ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰগতি এনে স্বাৰ্থান্বেষী শক্তিসমূহৰ বাবে বাধা হৈ পৰিছে বুলি উল্লেখ কৰি ভাগৱতে কয় যে সেই কাৰণেই ভাৰত তেওঁলোকৰ অন্যতম প্ৰধান লক্ষ্য হৈ পৰিছে।
 
“ভাৰততো এনে প্ৰচেষ্টা চলি আছে,” বুলি দাবী কৰি তেওঁ কয় যে, বিগত কেইটামান দশকত দেশে গ্ৰহণ কৰা দৃঢ় নীতি আৰু শক্তিশালী নেতৃত্বৰ অধীনত হোৱা অগ্ৰগতিয়ে বিশেষ প্ৰভাৱ পেলাইছে।
 
ভাগৱতে লগতে ভাৰতৰ যুৱপ্ৰজন্মৰ ভূমিকা সম্পৰ্কেও আলোকপাত কৰে। তেওঁৰ মতে, দেশৰ নতুন প্ৰজন্মৰ মাজত ৰাষ্ট্ৰ আৰু সমগ্ৰ বিশ্বৰ প্ৰতি দায়িত্ববোধ বৃদ্ধি পাইছে। সমাজৰ ভিতৰত গঢ় লৈ উঠা এই সচেতনতা আৰু দায়িত্ববোধে তেওঁ উল্লেখ কৰা শক্তিসমূহৰ পৰিকল্পনা প্ৰতিহত কৰাত সহায় কৰিছে। 
 
ইয়াৰ লগতে দেশৰ বিভিন্ন সমস্যা আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰয়োজনীয়তা সম্পৰ্কেও ভাগৱতে নিজৰ মত প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত এতিয়াও সম্পূৰ্ণৰূপে উন্নত ৰাষ্ট্ৰ হৈ উঠা নাই। সেয়েহে দেশত বিভিন্ন সমস্যা থকাটো স্বাভাৱিক। সমস্যা থাকিলে তাৰ বিৰুদ্ধে আন্দোলনো হ’ব আৰু গণতান্ত্ৰিক ব্যৱস্থাত আন্দোলনৰ স্থান আছে। ভাগৱতে কয়, “সমস্যা থাকিলে আন্দোলন হ’ব। গণতন্ত্ৰত আন্দোলন থাকিবই।"
 
অৱশ্যে, তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে কোনো আন্দোলনৰ উদ্দেশ্য কেৱল প্ৰতিবাদ সাব্যস্ত কৰাত সীমাবদ্ধ থাকিব নালাগে। আন্দোলনৰ মূল লক্ষ্য হ’ব লাগে সমস্যাৰ বাস্তৱসন্মত সমাধান বিচাৰি উলিওৱা।
 
তেওঁৰ ভাষাত, “আন্দোলন কিয় হ’ব লাগে? সমস্যাৰ সমাধানৰ বাবে আন্দোলন হ’ব লাগে। আন্দোলনৰ উদ্দেশ্যই হৈছে সমাধান।”
 
ভাগৱতে লগতে কয় যে, আন্দোলনৰ নেতৃত্ব দিয়া সংগঠনসমূহেই হওক অথবা শান্তি-শৃংখলা বজাই ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰা চৰকাৰ, প্ৰশাসন আৰু ৰাজনৈতিক নেতাসকলেই হওক, সকলোৰে মূল লক্ষ্য হ’ব লাগে সমস্যাৰ সমাধান বিচাৰি উলিওৱা। 
 
তেওঁৰ মতে, সমাজৰ বিভিন্ন পক্ষই নিজৰ দায়িত্ব উপলব্ধি কৰি সমাধানমুখী দৃষ্টিভংগীৰে আগবাঢ়িলেহে সমস্যা দূৰ কৰাৰ পথ মুকলি হ’ব।