হ্ৰাস পালে ৰিছাৰ্জৰ মূল্য, ন্যূনতম ১৮৫ টকাতেই উপলব্ধ হ'ব নতুন প্ৰিপেইড প্লেন

Story by  atv | Posted by  [email protected] • 3 h ago
হ্ৰাস পালে ৰিছাৰ্জৰ মূল্য, ন্যূনতম ১৮৫ টকাতেই উপলব্ধ হ'ব নতুন প্ৰিপেইড প্লেন
হ্ৰাস পালে ৰিছাৰ্জৰ মূল্য, ন্যূনতম ১৮৫ টকাতেই উপলব্ধ হ'ব নতুন প্ৰিপেইড প্লেন
 
নতুন দিল্লী
 
এয়াৰটেলে শেহতীয়াকৈ তেওঁলোকৰ ৰিছাৰ্জৰ মূল্য হ্ৰাস কৰি কেইটামান নতুন আৰু সুলভ মূল্যৰ প্ৰিপেইড প্লেন মুকলি কৰিছে। এতিয়াৰে পৰা এয়াৰটেলৰ গ্ৰাহকসকলে ন্যূনতম ১৮৫ টকা, ২০৩ টকা আৰু ২০৬ টকাত নিজৰ ম'বাইল ৰিছাৰ্জ কৰিব পাৰিব। অৱশ্যে এই নতুন প্লেনসমূহত গ্ৰাহকসকলে কোনো ধৰণৰ ম'বাইল ডাটা অৰ্থাৎ ইণ্টাৰনেট সেৱা লাভ নকৰিব যদিও ভইচ কলিং আৰু এছএমএছ সেৱা সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰিব।
 
ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই ভাৰতী এয়াৰটেলে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই নতুন সেৱা মুকলি কৰাৰ লগে লগে এয়াৰটেল সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে কেৱল ভইচ আৰু এছএমএছ সেৱা সম্বলিত প্ৰিপেইড প্লেন আগবঢ়োৱা প্ৰথমটো টেলিকম অপাৰেটৰ হিচাপে পৰিগণিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এই প্ৰতিটো প্লেনতে ম'বাইল ডাটা অন্তৰ্ভুক্ত নহ'লেও গ্ৰাহকসকলে আনলিমিটেড ফোন ক'ল, এছটিডি আৰু ৰোমিং কলৰ সুবিধা লাভ কৰাৰ লগতে মুঠ ৩০০ টা এছএমএছ প্ৰেৰণ কৰাৰ সুবিধা পাব।
 
এই নতুন প্লেনসমূহৰ ভিতৰত গ্ৰাহকে ১৮৫ টকাৰ ৰিছাৰ্জ কৰিলে ২৮ দিনৰ বাবে বৈধতা লাভ কৰিব, য'ত আনলিমিটেড ফোন ক'ল, এছটিডি, ৰোমিং আৰু এছএমএছ সেৱা উপলব্ধ থাকিব। আনহাতে, ২০৩ টকীয়া প্লেনৰ বৈধতা হ'ব ৩০ দিন। অৰ্থাৎ, ১৮৫ টকীয়া প্লেনটোতকৈ মাত্ৰ ১৮ টকা অতিৰিক্তভাৱে ব্যয় কৰি গ্ৰাহকে অতিৰিক্ত দুদিনৰ বাবে এই একেখিনি সেৱা লাভ কৰিবলৈ সক্ষম হ'ব।
 
ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে ২০৬ টকাৰ আন এটি বিশেষ এমহীয়া প্লেনো মুকলি কৰা হৈছে। গ্ৰাহকে ২০৬ টকাৰ ৰিছাৰ্জ কৰিলে সম্পূৰ্ণ এমাহৰ বাবে বৈধতা লাভ কৰিব। ই সাধাৰণ ৩০ দিনীয়া চক্ৰতকৈ পৃথক, কিয়নো এই প্লেনটো প্ৰতি মাহৰ একেটা তাৰিখতে স্বয়ংক্ৰিয়ভাৱে নৱীকৰণ হ'ব। বাকী দুটা প্লেনৰ দৰেই ইয়াতো আনলিমিটেড ক'লিং আৰু এছএমএছৰ সকলো সুবিধা উপলব্ধ থাকিব।
 
এই তিনিওটা ৰিছাৰ্জ প্লেনৰ আন এক আকৰ্ষণীয় দিশ হ'ল বিনামূলীয়া 'হেলোটুন্‌ছ' সেৱা। গ্ৰাহকসকলে কোনো ধৰণৰ অতিৰিক্ত মাচুল প্ৰদান নকৰাকৈয়ে প্ৰতি ৩০ দিনৰ মূৰে মূৰে নিজৰ পছন্দৰ নতুন টিউন বাছনি কৰিব পাৰিব। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, যিসকল ম'বাইল ব্যৱহাৰকাৰীৰ বাবে ইণ্টাৰনেট বা ম'বাইল ডাটাৰ সলনি কেৱল ফোন ক'ল আৰু মেছেজিং সেৱাৰহে বেছি প্ৰয়োজন হয়, মূলতঃ তেওঁলোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই বিশেষ অফাৰসমূহ প্ৰস্তুত কৰা হৈছে।