দেশজুৰি জৰুৰীকালীন যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ উদ্যোগ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ; জনসাধাৰণৰ পৰা বিচাৰিলে পৰামৰ্শ

Story by  atv | Posted by  Munni Begum • 1 d ago
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়
 
নতুন দিল্লী
 
দেশজুৰি আৰক্ষী বাহিনী আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ সৈতে জড়িত সংস্থাসমূহৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী আৰু আধুনিক কৰি তোলাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ইয়াৰ অংশ হিচাপে সমগ্ৰ ভাৰততে এক সুকীয়া ব্ৰডবেণ্ডভিত্তিক জনসুৰক্ষা আৰু দুৰ্যোগ সাহায্য যোগাযোগ ব্যৱস্থা (BB-PPDR) গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই প্ৰস্তাৱিত ব্যৱস্থাৰ নেটৱৰ্কৰ গাঁথনি সন্দৰ্ভত জনসাধাৰণ আৰু সংশ্লিষ্ট পক্ষসমূহৰ পৰা মতামত তথা পৰামৰ্শ আহ্বান কৰিছে মন্ত্ৰালয়ে।
 
প্ৰস্তাৱিত এই যোগাযোগ ব্যৱস্থাৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), অগ্নিনিৰ্বাপক বাহিনী, চিকিৎসাসেৱাৰ সৈতে জড়িত সংস্থা আৰু অন্যান্য জনসুৰক্ষা সংস্থাসমূহক উন্নত যোগাযোগৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। 
 
এই ব্যৱস্থাত জৰুৰীকালীন পৰিস্থিতিত তাৎক্ষণিকভাৱে কথা পাতিব পৰা মিছন ক্ৰিটিকেল পুছ-টু-টক (MCPTT), গুৰুত্বপূৰ্ণ তথ্য আদান-প্ৰদানৰ সুবিধা আৰু জৰুৰীকালীন ভিডিঅ’ যোগাযোগৰ দৰে অত্যাধুনিক প্ৰযুক্তিগত সুবিধা অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে।
 
প্ৰস্তাৱিত নেটৱৰ্কৰ এক আদৰ্শ কাৰিকৰী গাঁথনি প্ৰস্তুত কৰাৰ উদ্দেশ্যে গৃহ মন্ত্ৰালয়ে ইয়াৰ বিভিন্ন দিশ সন্দৰ্ভত পৰামৰ্শ বিচাৰিছে।প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ (PIB)ৰ এক প্ৰকাশিত তথ্য অনুসৰি, এই নেটৱৰ্কৰ ৰূপৰেখা, ব্যৱহাৰ কৰিবলগীয়া প্ৰযুক্তি, বিভিন্ন পদ্ধতিৰ সুবিধা-অসুবিধা, ব্যয়সাপেক্ষতা আৰু ভাৰতীয় পৰিৱেশত সেইসমূহৰ উপযোগিতা সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহে নিজৰ মতামত আগবঢ়াব পাৰিব। 
 
এই যোগাযোগ ব্যৱস্থাৰ প্ৰস্তাৱিত ধাৰণা আৰু ৰূপৰেখা সন্নিৱিষ্ট কৰা এখন বিশেষ নথি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু আৰক্ষী বেতাঁৰ সমন্বয় সঞ্চালকালয়ৰ (DCPW) চৰকাৰী ৱেবছাইটত উপলব্ধ কৰা হৈছে।
 
গৃহ মন্ত্ৰালয়ৰ ৱেবছাইটৰ হোম / ডকুমেণ্টছ / অৰ্ডাৰ আৰু চাৰ্কুলাৰ (Home / Documents / Orders and Circulars) শিতানত এই নথিখন চাব পাৰিব। একেদৰে ডিচিপিডব্লিউৰ ৱেবছাইটৰ ঘৰ / নথিপত্ৰ / অংশীদাৰৰ পৰামৰ্শ (Home / Documents / Stakeholder Consultations), ঘৰ / ঘোষণা আৰু ঘৰ / নতুন কি (Home / Announcements’ আৰু ‘Home / What's New) শিতানতো  প্ৰৱেশ কৰিব পাৰি।
 
এই সন্দৰ্ভত আগ্ৰহী ব্যক্তি আৰু সংশ্লিষ্ট সংস্থাসমূহে [email protected] আৰু [email protected] ই-মেইল ঠিকনালৈ নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব।মতামত দাখিলৰ অন্তিম দিন ৫ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। ই-মেইল প্ৰেৰণৰ সময়ত বিষয় হিচাপে ‘BB-PPDR Architecture — Stakeholder Feedback’ উল্লেখ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।


শেহতীয়া খবৰ