Thu May 22 2025 11:57:04 AM
  • Follow us on
  • Subcribe

জ্ঞানবাপী মছজিদ নে মন্দিৰ ? বৈজ্ঞানিক জৰীপৰ নিৰ্দেশ বাৰাণসী আদালতৰ

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Years ago
জ্ঞানবাপী মছজিদ
জ্ঞানবাপী মছজিদ
 
নতুন দিল্লী

বাৰাণসী জিলা আদালতে শুকুৰবাৰে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (এ এছ আই)ৰ দ্বাৰা সমগ্ৰ জ্ঞানবাপী মছজিদ চৌহদৰ বৈজ্ঞানিক জৰীপৰ অনুমতি দিছে। অৱশ্যে হিন্দু মোকৰ্দমাকাৰীয়ে ‘শিৱলিংগ’ বুলি দাবী কৰা বেৰিকেডযুক্ত ‘ৱাজুখানা’ক এই জৰীপে সাঙুৰি ল'ব নোৱাৰে।
 
মছজিদটো হিন্দু মন্দিৰৰ পূৰ্বৰ গাঠনিৰ ওপৰত নিৰ্মাণ কৰা হৈছে নে নাই সেই বিষয়ে জানিবলৈ আদালতে জৰীপৰ নিৰ্দেশ দিছে। এই নিৰ্দেশক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা আছে। যোৱা বছৰ উচ্চতম ন্যায়ালয়ে ‘ৱাজুখানা’ এলেকা ছীল কৰাৰ নিৰ্দেশ দিছিল।
 
গোচৰটোত হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰা বিষ্ণু শংকৰ জৈনে সংবাদ সংস্থা এএনআইক  কয়, "মোক জনোৱা হৈছে যে মোৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱা হৈছে আৰু আদালতে ছীল কৰা ৱাজুখানাক বাদ দি জ্ঞানবাপী মছজিদৰ সমগ্ৰ চৌহদৰ এ এছ আই জৰীপ কৰিবলৈ নিৰ্দেশ দিছে।"
কাশী বিশ্বনাথ মন্দিৰৰ কাষতে অৱস্থিত জ্ঞানবাপী মছজিদত প্ৰাচীন হিন্দু মন্দিৰৰ চিন থকা বুলি দাবী কৰা চাৰিগৰাকী মহিলা উপাসকে চলিত বৰ্ষৰ মে’ মাহত এই আবেদন দাখিল কৰিছিল। আবেদনখনত উল্লেখ কৰা হৈছে যে লাখ লাখ বছৰ ধৰি এই স্থানত জ্যোতিৰ্লিংগৰ অস্তিত্ব আছিল, যদিও ১০১৭ খ্ৰীষ্টাব্দত মাহমুদ গাজনীৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি কাফিৰ আৰু মূৰ্তি উপাসকৰ বিৰুদ্ধে ঘৃণা থকা মুছলমান আক্ৰমণকাৰীসকলে ইয়াক কেইবাবাৰো ধ্বংস কৰিছিল।
 
জৈনে ইয়াৰ পূৰ্বে যুক্তি আগবঢ়াইছিল যে কাশী বিশ্বনাথ মন্দিৰ আৰু জ্ঞানবাপী মছজিদৰ বিবাদ প্ৰত্নতাত্ত্বিক জৰীপৰ দ্বাৰাহে সমাধান কৰিব পৰা যাব। যোৱা বছৰ উচ্চতম ন্যায়ালয়ে ভিডিঅ’গ্ৰাফিক জৰীপৰ সময়ত জ্ঞানবাপি মছজিদ কমপ্লেক্সৰ “শিৱলিংগ”ৰ কাৰ্বন ডেটিঙকে ধৰি বৈজ্ঞানিক জৰীপ স্থগিত ৰাখিছিল।
চলিত বৰ্ষৰ আৰম্ভণিতে জ্ঞানবাপী মছজিদৰ সৈতে জড়িত এটা মূল গোচৰত মছজিদ সমিতিখনে মোক্ষম আঘাতৰ সন্মুখীন হৈছিল, কিয়নো এলাহাবাদ উচ্চ ন্যায়ালয়ে স্থানীয় আদালতত শুনানি চলি থকা দেৱানী মামলা বাতিল কৰিবলৈ অনুৰোধ জনোৱা আবেদন খাৰিজ কৰিছিল।
 
বাৰাণসীৰ জ্ঞানবাপি মছজিদ কমপ্লেক্সত প্ৰাৰ্থনা কৰাৰ অধিকাৰ বিচাৰি হিন্দু মহিলা উপাসকৰ এটা দলে দাখিল কৰা গোচৰটো বৈধ বুলি ৰায় দি আদালতে গোচৰটো বাৰাণসী জিলা আদালতত চলি থাকিবলৈ অনুমতি দিয়ে।