ভাৰত–মালয়েছিয়া আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱত তিনি দেশৰ যুৱ শিল্পীৰ সমাৱেশ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
কুৱালালামপুৰ
 
শিল্প-সংস্কৃতিৰ আদান-প্ৰদান আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আয়োজিত ভাৰত–মালয়েছিয়া আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱ ২০২৬ত একত্ৰিত হৈছে ভাৰত, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ যুৱ শিল্পীসকল। সংগীত, নৃত্য, চিত্ৰকলা আৰু বিভিন্ন শিক্ষামূলক কাৰ্যসূচীৰে মুখৰিত হৈ পৰিছে এই সাংস্কৃতিক মহোৎসৱ।
 
ভাৰতৰ আৰ্ট এণ্ড এস্থেটিকছ ফাউণ্ডেশ্যন (TAAF)ৰ উদ্যোগত ১৭ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ আয়োজিত এই মহোৎসৱত তিনিওখন দেশৰ ছয়খন বিদ্যালয়ৰ ১৫০ৰো অধিক শিক্ষাৰ্থীৰ লগতে ৫০গৰাকী শিক্ষক আৰু অধ্যক্ষই অংশগ্ৰহণ কৰে। 
 
মহোৎসৱৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী আছিল ১৯ অক্টোবৰত মালয়া বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল কলা বিভাগত অনুষ্ঠিত বিশেষ কণ্ঠসংগীতৰ প্ৰশিক্ষণ শিবিৰ। এই প্ৰশিক্ষণ পৰিচালনা কৰে নতুন দিল্লীৰ বিশিষ্ট ছ’প্ৰানো কণ্ঠশিল্পী তথা কণ্ঠসংগীতৰ প্ৰশিক্ষক চানশ্বিম মাকুংগাই।
 
নাগালেণ্ড কনজাৰ্ভেটৰী অৱ মিউজিকৰ প্ৰাক্তন শিক্ষাৰ্থী মাকুংগা পাশ্চাত্য শাস্ত্ৰীয় সংগীত, আধুনিক কণ্ঠসংগীত আৰু সমবেত সংগীতৰ ক্ষেত্ৰত বিশেষ দক্ষতাসম্পন্ন। এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত তেওঁৰ অংশগ্ৰহণে বিশ্বৰ সংগীত শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীসকলৰ অৱদানক বিশেষভাৱে উজলাই তোলে। 
 
উল্লেখযোগ্য যে, ১৭ অক্টোবৰত কুৱালালামপুৰস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত মহোৎসৱখনৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মালয়েছিয়াত নিযুক্ত ভাৰতৰ উচ্চায়ুক্ত সোমনাথ ঘোষ, উপ-উচ্চায়ুক্ত হিতেশ ৰাজপালৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি, শিল্পী আৰু সাংস্কৃতিক প্ৰতিনিধি উপস্থিত থাকে।
 
উদ্বোধনী অনুষ্ঠানত তিনিওখন দেশৰ যুৱ শিল্পীসকলে শাস্ত্ৰীয়, লোক আৰু আধুনিক নৃত্য-সংগীত পৰিৱেশন কৰি নিজ নিজ দেশৰ চহকী সাংস্কৃতিক পৰম্পৰা দাঙি ধৰে। এই অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ সাংস্কৃতিক ঐতিহ্য বিশ্বৰ আগত তুলি ধৰাৰ লগতে আন দেশৰ শিল্প-সংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰে।
 
ইয়াৰ পৰৱৰ্তী সময়ত ইউনিভাৰ্চিটি অৱ চাইবাৰজায়া আৰু মালয়া বিশ্ববিদ্যালয়তো বিভিন্ন সাংস্কৃতিক আৰু শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছতে ইপোহ চহৰতো এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীসমূহত অভিজ্ঞ শিল্পী, গুৰু আৰু বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক কলা-সংস্কৃতিৰ বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰে।
 
মহোৎসৱত অনুষ্ঠিত সংগীত-নৃত্যৰ পৰিৱেশনা, বিশেষ প্ৰশিক্ষণ শিবিৰ আৰু যৌথ কাৰ্যসূচীসমূহে শিক্ষাৰ্থীসকলক নিজৰ প্ৰতিভা বিকাশৰ লগতে নতুন চিন্তা-ধাৰা আৰু অভিজ্ঞতা বিনিময়ৰ সুযোগ দিয়ে। বিভিন্ন দেশৰ সমনীয়াৰ সৈতে বন্ধুত্ব গঢ়ি তোলা আৰু পৰস্পৰৰ সংস্কৃতিক ওচৰৰ পৰা জনাৰ ক্ষেত্ৰতো এই মহোৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 
 
আনহাতে, শিক্ষক, শিল্পী আৰু সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ অংশগ্ৰহণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষা আৰু সংস্কৃতিৰ সহযোগিতামূলক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশতো বিশেষ তাৎপৰ্য বহন কৰে। সামগ্ৰিকভাৱে ভাৰত, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ যুৱ প্ৰজন্মক এক সাংস্কৃতিক মঞ্চত একত্ৰিত কৰি পাৰস্পৰিক বুজাবুজি, শিল্পকলাৰ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনে এই মহোৎসৱে।  


শেহতীয়া খবৰ