অসমৰ প্ৰতিৰক্ষা কৰিডৰ: উত্তৰ পূবৰ উন্নতিৰ এক গুৰুত্বপূৰ্ণ কৌশল

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
পল্লৱ ভট্টাচাৰ্য
 
২০২৫ চনৰ ২৭ মে'ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত হোৱা আলোচনাৰ পিচত ভাৰতৰ তৃতীয় প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰ স্থাপনৰ দিশত লোৱা পদক্ষেপে এক উল্লেখযোগ্য কৌশলগত আৰু অর্থনৈতিক উন্নয়নৰ সূচনা কৰিছে। সেই অনুসৰি গুৱাহাটীৰ পৰা নগাঁৱলৈকে বিস্তৃত এই প্ৰস্তাৱিত কৰিডৰৰ লক্ষ্য হৈছে চীন, বাংলাদেশ, ম্যানমাৰ সীমান্তৰ সমীপৰ অসমৰ কৌশলগত অৱস্থানৰ লগতে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে ইয়াৰ ভূমিকাক শক্তিশালী কৰা।
 
এই কৰিডৰৰ আধাৰতেই আছে ২০২৫ চনৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা অসম মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন নীতি ২০২৫, য'ত স্টার্টআপৰ বাবে ২৫ লাখ টকা পর্যন্ত বীজ অনুদান, ভূমি ক্রয়ত ৫০% ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি যন্ত্রপাতিৰ ওপৰত ৩০% মূলধনী ৰাজসাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। পাঁচ বছৰৰ বাবে বার্ষিক ৰাজহৰ ৫% উৎপাদন-সংলগ্ন ৰাজসাহায্যৰ দৰে সুযোগ প্রদান কৰা হৈছে। প্রতিৰক্ষা ক্রয়ত বর্তমানৰ ৫৮% আমদানিৰ নিৰ্ভৰশীলতা হ্রাস কৰাৰ বাবে 'আত্মনিৰ্ভৰ ভাৰত' লক্ষ্যৰ সৈতে সংগতি ৰাখি এই কৰিডৰটোৰে বিমান নির্মাণ, প্রতিৰক্ষা সঁজুলি উৎপাদন, এভিয়নিকছ, এম আৰ অ' (ৰক্ষণাবেক্ষণ, মেৰামতি আৰু কাৰ্যকৰীকৰণ) সেৱা আৰু অনুসন্ধান আৰু বিকাশক লক্ষ্য কৰি লৈছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
অসমত প্রতিষ্ঠা হ'ব লগা এই প্রতিৰক্ষা ঔদ্যোগিক কৰিডৰ পূৰ্বে কাৰ্যকৰী হোৱা দুটা কৰিডৰক আৰ্হি হিচাপে লোৱা হৈছে। প্রথমটো হ'ল উত্তৰ প্ৰদেশ প্রতিৰক্ষা ঔদ্যোগিক কৰিডৰ (ইউ পি ডি আই চি)। ই ছটা ন'ডক (কেন্দ্রবিন্দু) সামৰি লৈছে- লক্ষ্ণৌ, কানপুৰ, ঝান্সী, আগ্রা, আলিগড় আৰু চিত্রকূট। প্রায় ৩০ হেজাৰ কোটি টকাৰ ১৭০টা বুজাবুজি চুক্তি সম্পন্ন কৰি এই কৰিডৰে প্ৰায় ৫০ হেজাৰ চাকৰিৰ সৃষ্টি কৰিছে।
 
পৰৱৰ্তী প্ৰতিৰক্ষা কৰিডৰ হ'ল তামিলনাডু প্রতিৰক্ষা ঔদ্যোগিক কৰিড'ৰ।২০১৯ চনৰ ২০ জানুৱাৰীত ইয়াৰ উদ্বোধন কৰা হৈছিল। ইয়াত চেন্নাই, তিৰুচিৰাপল্লী, কইম্বাটুৰ, চালেম আৰু হোছুৰৰ ন'ডসমূহ অন্তর্ভুক্ত কৰা হৈছে। দুয়োটা কৰিডৰে আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্রাস কৰি, স্থানীয় উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে কর্মসংস্থাপনৰ সৃষ্টি কৰি অসমৰ প্রস্তাৱিত কৰিডৰৰ বাবে এক নজিৰ সৃষ্টি কৰিছে।
 
অসম প্ৰতিৰক্ষা কৰিডৰে কৃষি আৰু পৰম্পৰাগত উদ্যোগৰ বাহিৰেও আঞ্চলিক অর্থনীতিত বৈপ্লৱিক পৰিবৰ্তন আনিব পাৰে। ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন দলং, ছিংগাপুৰৰ সহায়ত গুৱাহাটীৰ সমীপত এখন উপগ্রহীয় চহৰ সৃষ্টি, ৰে'ল সংযোগৰ উন্নতি সাধনকে ধৰি পৰিকল্পিত এক লাখ কোটি টকাৰ আন্তঃগাঁথনি বিনিয়োগে ঔদ্যোগিক শক্তি বৃদ্ধিত সহায় কৰিব। এই কৰিডৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আকৰ্ষণ কৰি অসমক বিশ্বৰ প্ৰতিৰক্ষা যোগান শৃংখলৰ সৈতে একত্ৰিত কৰি বৈদেশিক মুদ্রাৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে।
 
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
 
কেঁচামাল যোগানকাৰী আৰু লজিষ্টিক প্রদানকাৰীৰ দৰে উদ্যোগসমূহক সহায় কৰিলে এক অনুকূল পৰিবেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বিদ্যমান। ইউ পি কৰিডৰে সৃষ্টি কৰা ৫০,০০০ চাকৰিৰ দৰেই নিয়োগৰ সৃষ্টি হ'ব। অনুসন্ধান আৰু বিকাশ আৰু প্রযুক্তি ষ্টার্টআপৰ ওপৰত গুৰুত্ব দিলে অসামৰিক প্রয়োগৰ উদ্ভাৱনৰ উৎকর্ষ সাধন নিশ্চিত।
 
কৌশলগতভাৱে এই কৰিডৰে ভাৰতৰ পূব সীমান্তৰ প্ৰতিৰক্ষাক শক্তিশালী কৰিব। অঞ্চলটোৰ ভূখণ্ড আৰু শত্রুতাপূর্ণ সীমান্তৰ ওচৰত থকাৰ বাবে সশস্ত্র বাহিনীয়ে সন্মুখীন হোৱা লজিষ্টিক প্রত্যাহ্বানসমূহৰ মোকাবিলা কৰিব। স্থানীয় এম আৰ অ'ৰ সুবিধাসমূহে সুৰক্ষামূলক কাৰ্যকৰীকৰণ টনকিয়াল কৰিব। আনহাতে কৰিডৰৰ উৎপাদনৰ বুনিয়াদে চীন আৰু ম্যানমাৰৰ পৰা অহা ভাবুকি বোধ কৰিবলৈ সক্ষম হ'ব। এটা জটিল চিন্তা হৈছে শিলিগুৰি কৰিডৰৰ দুর্বলতা।
 
২০২৫ চনৰ মাৰ্চ মাহত মহম্মদ ইউনুছৰ চীন ভ্রমণ আৰু চীনৰ ২.১ বিলিয়ন ডলাৰৰ বাংলাদেশত বিনিয়োগে শেহতীয়াকৈ উত্তৰ-পূব ভাৰতক পৃথক কৰাৰ আশংকাৰ সৃষ্টি কৰিছে। অসম কৰিডৰে স্বাৱলম্বী প্ৰতিৰক্ষা সামর্থ্য আৰু বিকল্প লজিষ্টিক নেটৱৰ্ক সুনিশ্চিত কৰি ইয়াক প্রতিহত কৰাৰ সম্ভাৱনা আছে। এই কৰিডৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে উল্লেখযোগ্য নিয়োগ আৰু উদ্যোগীকৰণৰ সুযোগ প্রদান কৰিব পাৰে। অসম মহাকাশ আৰু প্ৰতিৰক্ষা উৎপাদন নীতিয়ে দক্ষতা বিকাশ কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে স্থানীয় যুৱক-যুৱতীসকলক মহাকাশ, ৰবটিক্স আৰু চাইবাৰ প্রতিৰক্ষাৰ প্ৰশিক্ষণ ল'বলৈ উৎসাহিত কৰিব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সংৰক্ষণ নীতি আৰু লক্ষ্যভিত্তিক প্রশিক্ষণে যুৱক-যুৱতীসকলৰ এই প্রচেষ্টাত অন্তর্ভুক্তি নিশ্চিত কৰিব। আনহাতে উদ্যোগীকৰণৰ সমর্থনে যোগান শৃংখলত তেওঁলোকৰ অংশগ্রহণ নিশ্চিত কৰিব। অৱশ্যে সম্প্ৰদায়ৰ সম্প্রীতি বজাই ৰাখিবলৈ সাংস্কৃতিক সংবেদনশীলতা সম্পন্ন পৰিকল্পনা, পৰম্পৰাগত জ্ঞানৰ অন্তর্ভুক্তিকৰণ আৰু ভূমিৰ অধিকাৰ সুৰক্ষিতকৰণ অপৰিহাৰ্য হ'ব।
 
এই উদ্যোগৰ সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক অধিসূচনা জাৰিকৰণ, নীতিৰ অনুমোদন আৰু এটা নির্দিষ্ট প্রকল্প পৰিচালনা কার্যালয় তাৎক্ষণিক অগ্রাধিকাৰ ভিত্তিত নিশ্চিত কৰাটো সময়ৰ আহ্বান। ইয়াৰ বাহিৰেও যথেষ্ট আর্থিক সাহায্য প্রদান, প্রযুক্তিৰ হস্তান্তৰৰ বাবে নিয়ন্ত্রণ কাঠামোৰ স্থাপন আৰু মন্ত্ৰ্যালয়সমূহৰ (ৰক্ষা, বাণিজ্য, বৈদেশিক পৰিক্ৰমা) মাজত সমন্বয় অতি গুৰুত্বপূর্ণ। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ দৰে উদ্ভাৱনীমূলক বিত্তীয় সাহায্যৰ সন্ধান কৰাও উচিত।
 
ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত ভূমি অধিগ্রহণৰ কাম সুশৃংখলিত কৰা, আন্তঃগাঁথনি প্রকল্পক অগ্ৰাধিকাৰ দিয়া, দক্ষতা বিকাশৰ বাবে কাৰিকৰী প্রতিষ্ঠান স্থাপন কৰাটো মূল কথা। অনুমতি প্ৰদানৰ ক্ষেত্ৰত কাৰ্যকৰী 'একক খিৰিকী'ৰ দ্বাৰা অনুমোদনৰ ব্যৱস্থা প্ৰৱন সম্প্ৰদায়ৰ পৰামৰ্শ ৰূপায়ণৰ দক্ষতা আৰু অন্তর্ভুক্তি বৃদ্ধি কৰিব মঙলদৈত থকা অসম দক্ষতা বিশ্ববিদ্যালয়ৰ দ্রুতগতিত কাৰ্যকৰীকৰণ আৰু অসম দক্ষতা বিকাশ অভিযানক পর্যাপ্তভাৱে শক্তিশালী কৰাটো অতি প্রয়োজন।
 
প্ৰতিনিধিত্বমূলক ছবি
 
অসম কৰিডৰে বহিঃযোগানৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰি আৰু স্থানীয় প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি কৰি শিলিগুৰি কৰিডৰক বাংলাদেশ আৰু চীনে আক্ৰমণ কৰাৰ আশংকা প্রতিহত কৰিব পাৰে। এইক্ষেত্ৰত উপযুক্ত কৌশলগত বিকল্প লজিষ্টিক যেনে- যোগান পথ সুৰক্ষিত কৰিবলৈ ভূগর্ভস্থ সুৰংগ আৰু 'মাল্টি মডেল' পৰিবহণ ব্যৱস্থাৰ প্ৰৱৰ্তক, আগ্রাসনক বাধা দিবলৈ ক্ষেপণাস্ত্ৰ আৰু উন্নত অস্ত্র উৎপাদন, ৰাষ্ট্ৰীয় নিৰাপত্তা নেটৱৰ্কৰ সৈতে উন্নত আগতীয়া সতর্কবাণী ব্যৱস্থাৰ সংহতি আদি পদক্ষেপ অতি জৰুৰী। ইয়াৰ বাহিৰেও ভূগর্ভস্থ উৎপাদন আৰু মজুতকৰণৰ সুবিধা নির্মাণে এক স্থিতিস্থাপক আন্তঃগাঁথনি নির্মাণ নিশ্চিত কৰিব। এই পদক্ষেপসমূহে অসমক দক্ষিণ-পূব এছিয়াৰ গেটৱে'ৰ মর্যাদা দিয়াটো নিশ্চিত।
 
প্রণিধানযোগ্য যে, ইতিমধ্যে প্ৰতিৰক্ষা কৰিডৰ পৰিবেশতন্ত্রত সম্ভাব্য আবেদনকাৰী হিচাপে কেইবাটাও অসমীয়া উদ্যোগে আত্মপ্রকাশ কৰিছে। উদাহৰণস্বৰূপে 'স্পেচফেৰিং টেকন'লজিছ প্রাইভেট লিমিটেড, বেংগালুৰু (ডাঃ সৰগ জে শইকীয়া প্রতিষ্ঠাপক আৰু মুখ্য প্রযুক্তিবিদ), 'ক'পটাৰ্ছ প্রাইভেট লিমিটেড, কামৰূপ (প্রতিষ্ঠাপক/পৰিচালক মানসপ্রতিম কাকতি, প্রীতম বসুমতাৰী, শেখৰ সুমন কলিতা), 'মৰুত ড্র'নেটেক প্রাইভেট লিমিটেড, তেলেংগানা (প্রতিষ্ঠাপক প্রেম কুমাৰ বিশ্বাস আৰু সহঃপ্রতিষ্ঠাপক ছাই কুমাৰ, সুৰজ পেডী আই আই টি গুৱাহাটীৰ প্রাক্তন ছাত্র হোৱাৰ বাবে তেওঁলোকৰ অসমীয়া প্রীতি বিদ্যমান), ছ'চাইটি অব ইণ্ডিয়ান ডিফেন্স মেনুফেকচাৰ্ছ (অধ্যক্ষ ৰাজিন্দৰ সিং ভাটিয়াই অসমৰ প্ৰতিৰক্ষা ষ্টার্টআপক সহায় কৰাৰ প্রতিশ্রুতি প্রকাশ কৰিছে আৰু ৰাজ্যত এছ আই ডি এমৰ অসম অধ্যায় মুকলি কৰাৰ কথা চিন্তা কৰিছে, ফলত স্থানীয় ইচ্ছাকৃত যুৱকৰ এই উদ্যোগত প্ৰৱেশৰ অনুকূল বাতাৱৰণ সৃষ্টি হ'ব) আৰু 'আভগার্ড ছিষ্টেম' (ডি আৰ ডি অ'ৰ শেহতীয়া 'ডেয়াৰ টু ড্রীম চেলেঞ্জ' প্রতিযোগিতাত জয়ী হোৱা নীলোৎপল চৌধুৰীৰ চি ই অ' আৰু সহঃপ্রতিষ্ঠাপক আৰু এম ডি মানস ভূঞা)ৰ কথা ক'ব পাৰি। অসম চৰকাৰৰ আন্তৰিক সহযোগত প্রতিৰোধ কৰিডৰৰ লগত জড়িত এই প্রকল্পটো হয়তো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে 'গেম চেঞ্জাৰ 'ৰূপে আত্মপ্রকাশ হ'ব পাৰে।
 
(লেখক অসম আৰক্ষীৰ বিশেষ শাখাৰ প্রাক্তন সঞ্চালকপ্ৰধান)