আৰিফুল ইছলাম/গুৱাহাটী
আজি শিক্ষক দিৱস। শিক্ষক দিৱস উপলক্ষে আজি অসম চৰকাৰে চলিত বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটা প্ৰদান কৰিব। ২০২৬ চনৰ ৰাজ্যিক শিক্ষক বঁটাৰ বাবে মনোনীত হোৱা আজিজুৰ ৰহমান এগৰাকী ব্যতিক্ৰমী শিক্ষক। শিক্ষাৰ প্ৰতি একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে সুদীর্ঘ ২৩ বছৰ কাল শিক্ষকতা কৰা আজিজুৰ ৰহমানে ছাত্ৰ-ছাত্ৰীক কেৱল শ্ৰেণীকোঠাৰ পাঠদানতেই সীমাবদ্ধ ৰখা নাই। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদৰূপে গঢ় দিয়াত গুৰুত্ব আৰোপ কৰি আহিছে।
আজিজুৰ ৰহমান বৰ্তমান ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ শালমাৰাত অৱস্থিত পিএম শ্ৰী জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ এগৰাকী বিষয় শিক্ষক (স্নাতকোত্তৰ শিক্ষক)। তেওঁ ২০০৪ চনৰ পৰা শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈছিল। শিক্ষক আজিজুৰ ৰহমানে ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কাম-কাজৰ সৈতে জড়িত আছিল। তেওঁ শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ স্কিল ডেভলপমেণ্টৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে।
এক অনুষ্ঠানত শিক্ষক আজিজুৰ ৰহমান
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিক্ষক আজিজুৰ ৰহমানে কয়; "শিক্ষকতা কৰাৰ আগতে মই নেহৰু যুৱক কেন্দ্ৰীয় সংগঠনৰ ভাৰত চৰকাৰৰ যুৱ কল্যান ক্ৰীড়া বিভাগত ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিলোঁ। তাত মই প্ৰায় ৪-৫ বছৰ এজন স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিলোঁ। তাত মই সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ বাবে কাম কৰাৰ সুযোগ পাইছিলোঁ আৰু আৰ্তজনৰ বাবে কাম কৰাৰ হেঁপাহ জন্মিছিল।"
শিক্ষক আজিজুৰ ৰহমান এগৰাকী শিক্ষক হ'লেও, নতুন নতুন বিষয় শিকাৰ হেঁপাহ তেওঁৰ অপৰিসীম। পাঠদানৰ উপৰিও বিভিন্ন বিভাগৰ প্ৰশিক্ষণসমূহত তেওঁ অংশগ্ৰহণ কৰে। মীন পালন, কেৰিয়াৰ কাউন্সেলিং, লাইফ স্কিল এডুকেচন, এইচ আই বি এইচ আদিৰ দৰে বহুত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তেওঁ প্ৰশিক্ষণ লৈছে আৰু ছাত্ৰ-ছাত্ৰীসমূহক সময়ে সময়ে এইবোৰৰ বিষয়ে অৱগত কৰি গৈছে।
"মই এইচ আই বি এইচৰ সজাগতাৰ কামৰ লগতো জড়িত। ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে বুজি পোৱাৰ উদ্দেশ্যে মই ২০১৪ চনত CWSN (Children With Special Needs) নামৰ এক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিলোঁ। তেতিয়াৰ পৰাই মই আমাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বহু কেইখন বিদ্যালয়ৰ বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে কাম কৰি আছো। তাৰোপৰি সকলো ছাত্ৰ-ছাত্ৰীক নিজৰ জীৱনশৈলী আৰু ভৱিষ্যত পৰিকল্পনাক আগত ৰাখি পঢ়া-শুনা কৰাৰ বাবে উৎসাহিত কৰোঁ", আজিজুৰ ৰহমানে কয়।
ছাত্ৰ-ছাত্ৰীৰ সৈতে শিক্ষক আজিজুৰ ৰহমান
২০২৬ চনৰ ৰাজ্যিক শিক্ষক বঁটা লাভ কৰাৰ বাবে আজিজুৰ ৰহমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰক ধন্যবাদ জনাই কৃতজ্ঞতা প্ৰকাশ কৰে। তাৰোপৰি তেওঁ ধুবুৰী জিলাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক, জামাদাৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। "এই বঁটা লাভ কৰাৰ বাবে মই যথেষ্ট সুখী আৰু এই বঁটাই মোক অনাগত দিনত নিজৰ শিক্ষকতাৰ জৰিয়তে বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল ভাল কাম কৰিবৰ কাৰণে প্ৰেৰণা যোগাব", আজিজুৰ ৰহমানে কয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও আজিজুৰ ৰহমানে বিভিন্ন বঁটা তথা সন্মান লাভ কৰিছে। ১৯৯৯ চনত নেহৰু যুৱক সংঘই তেওঁক ধুবুৰী জিলাৰ শ্ৰেষ্ঠ যুৱক সন্মানেৰে সন্মানিত কৰিছিল। বিশেষ ভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে কাম কৰাৰ বাবে তেঁওক ২০১৯ চনত বিশিষ্ট সমল ব্যক্তি হিচাপে বঁটা প্ৰদান কৰা হৈছিল। ২০১৭ চনত তেওঁ নেপালৰ কাঠমান্দুত তেওঁ এছিয়ান এক্সেলেন্স বঁটা লাভ কৰিছিল। ২০২১ চনত ধুবুৰী জিলা শিক্ষক সন্থাই তেওঁক শ্ৰেষ্ঠ শিক্ষক হিচাপেও বঁটা প্ৰদান কৰিছিল। তাৰোপৰি তেওঁ স্থানীয় ভাবে বহুকেইটা কৃতি শিক্ষকৰ বঁটা লাভ কৰিছে।
ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষক আজিজুৰ ৰহমানে কয়; "সকলো বস্তু যুগৰ লগত অলপ পৰিৱৰ্তন হৈছে। সকলোবোৰ ডিজিটেল হৈছে। মোবাইলৰ ব্যৱহাৰ বৃদ্ধি পাইছে। আগৰ আৰু এতিয়াৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কিছু পার্থক্য আছে। আগৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল পাঠ্যপুথিৰ জৰিয়তে একান্ত মনে অধ্যয়ন কৰিছিল। আজিকালি মোবাইলৰ জৰিয়তেও অধ্যয়ন কৰে। কিন্তু বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলক মোবাইলে বিচলিত কৰা দেখা যায়। সকলো বস্তুৰে ভাল-বেয়া ব্যৱহাৰ আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে প্ৰযুক্তিৰ সদব্যৱহাৰ কৰি আগবাঢ়ি যাওক।"
শিক্ষক আজিজুৰ ৰহমান
দীৰ্ঘদিনীয়া শিক্ষকতা জীৱনত শিক্ষাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰতো শিক্ষকগৰাকীয়ে আগবঢ়াই অহা উল্লেখযোগ্য অৱদান সলাগিবলগীয়া। তেওঁৰ নিষ্ঠা, কৰ্তব্যপৰায়ণতা আৰু আদৰ্শ শিক্ষকতাৰ প্ৰতি সন্মান জনাই আগবঢ়োৱা এই স্বীকৃতিয়ে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা অঞ্চলৰ লগতে সমগ্ৰ অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজৰ মাজলৈ আনন্দ কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে আজি প্ৰদান কৰিবলগীয়া ২০২৬ বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটাৰ বাবে ৰাজ্যৰ ১৪ খন জিলাৰ মুঠ ১৫ গৰাকী শিক্ষকে স্থান লাভ কৰিছে। চৰকাৰে বঁটাৰ বাবে বাছনি কৰা শিক্ষকসকল ক্রমে যোৰহাট জিলাৰ মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলিমা বৰুৱা, কামৰূপ মহানগৰ জিলাৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজয় বয় ভৌমিক, নলবাৰীৰ গৰ্ডন স্কুলৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক বিজু কুমাৰ চুতীয়া, ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়পুৰীয়া এম ভি স্কুলৰ সহকাৰী শিক্ষক দিতিমণি দত্ত, শোণিতপুৰ জিলাৰ তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক নবীন কোচ, বৰপেটাৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান আৰু নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মাণিক চন্দ্র নাথ।
একেদৰে, কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বিবি প্রসাদ ব্রহ্ম, গোলাঘাটৰ চৌকিয়াল প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক পুলস্কা ৰাজখোৱা, হোজাই জিলাৰ লামডিঙৰ হাতীখালি অসমীয়া প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৰংগ নিৰ্মালীয়া, দহঙৰ গোবিন্দধাম প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰ জিলাৰ টিকলপাৰ চাহ বাগিচা প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক স্বাস্ত্যয়ন দেৱ আৰু কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট চৰকাৰী এম ভি স্কুলৰ প্ৰধান শিক্ষক কামছিং হাঞ্চে। শিক্ষক দিৱস উপলক্ষে আজি গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত হ'বলগা অনুষ্ঠানত শিক্ষকসকলক আনুষ্ঠানিকভাবে বঁটাসমূহ প্রদান কৰা হ'ব।