ধৰ্মীয় সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শনঃ কেৰালাৰ মন্দিৰত হিন্দু দম্পতীৰ বিয়া অনুষ্ঠিত কৰিলে মুছলিম লীগে

Story by  atv | Posted by  [email protected] • 9 Months ago
বিবাহ অনুষ্ঠানৰ এক মুহূৰ্ত
বিবাহ অনুষ্ঠানৰ এক মুহূৰ্ত
 
নতুন দিল্লী

সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰি ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ যুৱ শাখাই দেওবাৰে মালাপ্পুৰম মন্দিৰত এখন হিন্দু বিবাহ অনুষ্ঠান সম্পন্ন কৰে। বিষ্ণু আৰু গীতা নামৰ দম্পতীহালৰ বিবাহ ভেংগাৰা শ্ৰী আম্মাঞ্চেৰী ভাগৱতী মন্দিৰত গাম্ভীৰ্যপূৰ্ণভাৱে সম্পন্ন কৰা হয়।
 
মুছলিম লীগৰ ৰাজ্যিক সভাপতি চৈয়দ ছাদিকালি শ্বিহাব থাংগালৰ লগতে জ্যেষ্ঠ নেতা তথা বিধায়ক পি কে কুনহালিকুট্টীয়ে উপস্থিত থাকি দম্পতীহালক আশীৰ্বাদ দিয়ে। এই অনুষ্ঠানত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) আৰু কংগ্ৰেছৰ আন কেইবাজনো নেতাও উপস্থিত থাকে।
 
পালাক্কাডৰ বাসিন্দা গীতা ভেংগাৰাৰ মানাট্টিপাৰম্বুৰ ৰোজ মেন’ৰ শ্বৰ্ট নামৰ ষ্টে হোমৰ বাসিন্দা আছিল। ভেংগাৰা মানাট্টিপাৰম্বুৰ মুছলিম লীগৰ কৰ্মীসকলে গীতাৰ বিয়াৰ আয়োজন কৰে। ষ্টে হোমৰ অধীক্ষকে বিষ্ণুৰ সৈতে গীতাৰ বিবাহ ঠিক কৰাৰ বিপৰীতে আই ইউ এম এলৰ যুৱ শাখাই আৰ্থিক সাহায্য আগবঢ়ায়। আম্মাঞ্চেৰী ভাগৱতী মন্দিৰৰ চোতালত বিবাহ উপলক্ষে স্থাপন কৰা হৈছিল ডাঙৰ ‘মণ্ডপ’।
 
ফেচবুকত বিধায়ক পি কে কুনহালিকুট্টীয়ে লিখিছে, "আজি মন্দিৰৰ চোতালখন আমাৰ দেশৰ ঐক্য আৰু সম্প্ৰীতিৰ প্ৰমাণ দাঙি ধৰা এক সুন্দৰ মুহূৰ্তৰ সাক্ষী আছিল। এয়া সমাজৰ সকলো ধৰ্মৰ লোকৰ বাবে এক ডাঙৰ বাৰ্তা। সকলোৱে ইয়াক অনুসৰণ কৰা উচিত। বিষ্ণু আৰু গীতাক যুগ্ম জীৱনৰ অশেষ শুভেচ্ছা জনাইছো।"
 
মনকৰিবলগীয়া যে, দেশত এটা দুষ্ট চক্ৰই সাম্প্ৰদায়িক সংঘাত আৰু বিবাদ সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা চলাই থকাৰ সময়তে এইধৰণৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ কাহিনীয়ে সমাজৰ বান্ধোন কটকটীয়া কৰে।