গুৱাহাটী
"অসমত অসমীয়াৰ কোনোবা বেলেগ ঠাই আছে নেকি? অসমৰ মাটিতে অসমীয়া গীত-মাত পৰিৱেশন কৰাৰ বাবে শিল্পীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিবলৈ দুৰ্বৃত্তই সাহস পালে কেনেকৈ?" শ্ৰীভূমি জিলাৰ বদৰপুৰত এটা বিহু দলৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাক লৈ এইদৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। ঘটনাটোক কোনো কাৰণতে সমৰ্থন কৰিব নোৱাৰি বুলি উল্লেখ কৰি আছুৰ সভাপতিগৰাকীয়ে দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। লগতে কাৰ আশীৰ্বাদ বা পৃষ্ঠপোষকতাত দুৰ্বৃত্তসকলে এনে কাণ্ড সংঘটিত কৰিবলৈ সাহস পালে, তাক লৈও প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে।
উল্লেখযোগ্য যে, ২৩ অক্টোবৰৰ নিশা শ্ৰীভূমি জিলাৰ বদৰপুৰৰ বিসৰ্জন ঘাটত স্থানীয় ‘হিন্দুস্তান ক্লাৱ’ৰ উদ্যোগত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত বিহু পৰিৱেশন কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হৈছিল ‘বৰগুল-আদৰকোনা বিহু দল’। অভিযোগ অনুসৰি, অসমীয়া গীত পৰিৱেশনক কেন্দ্ৰ কৰি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতে বাঁহ আৰু লাঠিৰে বিহু দলটোৰ সদস্যসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰে। আক্ৰমণকাৰীয়ে শিল্পীসকলক মাৰপিট কৰাৰ লগতে বিহুৰ বাদ্যযন্ত্ৰসমূহো ভাঙি তহিলং কৰে।
এই ঘটনাক তীব্ৰ গৰিহণা দি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "যি বৰ্বৰ কাণ্ড সংঘটিত হৈছে, সেই কাণ্ড অসমৰ্থনীয়, ক্ষমাৰ অযোগ্য। আমি ছাত্ৰ সন্থাই ঘটনাটোৰ বিষয়ে জানিব পৰাৰ লগে লগে বিহু দলটোৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰিছোঁ। ছাত্ৰ সন্থাৰ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ বিষয়ববীয়াসকলেও সেই সন্মানীয় শিল্পীসকলৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোকৰ খবৰ লৈ আছে।"
উৎপল শৰ্মাই লগতে কয়, "অসমৰ মাটিত অসমীয়া গীত-মাত পৰিৱেশন কৰাৰ বাবে শিল্পীসকলক গুৰুলা-গুৰুলকৈ পিটিবলৈ সাহস পালে কেনেকৈ? বিহুগীত পৰিৱেশন কৰাৰ বাবে শিল্পী দলটোক প্ৰহাৰ কৰা হৈছে। অসমৰ স্বাভিমানৰ প্ৰতীক মৰমৰ ঢোল ভাঙি টুকুৰা-টুকুৰ কৰি পেলোৱা হৈছে। আনকি বিহু দলটোৰ সৈতে থকা যুৱতীসকলো ৰক্ষা পৰা নাই। তেওঁলোককো অপদস্থ কৰা হৈছে। কোনোমতেহে আৰক্ষীৰ সহায়ত শিল্পীসকলে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে।"
আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰি আছুৰ সভাপতিগৰাকীয়ে কয়, "ইয়াৰ পাছতে যি অভিযোগ উত্থাপন হৈছে, সেয়া অতি গুৰুতৰ। আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাৰ পাছতো নিশাৰ ভিতৰতে এৰি দিয়া বুলি অভিযোগ উঠিছে। এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে? কোনোবা ডাঙৰ মানুহৰ আশীৰ্বাদপুষ্ট নহ’লে আৰক্ষীয়ে ধৰাৰ পাছত এনেদৰে ওলাই যাব পাৰে নেকি?"
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কঠোৰ হস্তক্ষেপ দাবী কৰি উৎপল শৰ্মাই কয়, "আমি মুখ্যমন্ত্ৰীগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ আৰু কঠোৰ পদক্ষেপ কামনা কৰিছোঁ। ব্যৱস্থাটো এনে দৃষ্টান্তমূলক হ’ব লাগিব, যাতে ভৱিষ্যতে কোনেও এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে। অসমত সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। এনে ঘটনাই আমাৰ সমাজৰ সমন্বয় বিনষ্ট কৰিব নালাগে। সেয়েহে দোষীক কঠোৰ শাস্তি প্ৰদান কৰি এক দৃষ্টান্ত স্থাপন কৰিবলৈ আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ।"
আনহাতে, ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে বিহুক অসমৰ আত্মা, গৌৰৱ আৰু জাতীয় পৰিচয়ৰ প্ৰতীক আখ্যা দি এনে ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে। লগতে ঘটনাৰ সৈতে জড়িত দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছে।
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে জনোৱা অনুসৰি, ঘটনা সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজু কৰি ১৩ জন লোকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে। ঘটনাৰ সৈতে জড়িত আন ব্যক্তিসকলক চিনাক্ত কৰাৰ বাবে তদন্ত অব্যাহত আছে।
অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে জড়িত এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এতিয়া দোষীৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কেনেধৰণৰ দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে।