নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
 
নতুন দিল্লী
 
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ১৯ অক্টোবৰত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি শাৰদীয় দুৰ্গাপূজা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। অসম লোকভৱনৰ তৰফৰ পৰা প্ৰকাশ কৰা এক চৰকাৰী বিবৃতিত এই কথা জানিবলৈ দিয়া হৈছে।
 
সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে শেহতীয়াকৈ মংগোলিয়া ভ্ৰমণৰ সময়ত লাভ কৰা অভিজ্ঞতাসমূহ প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে। ইয়াৰ লগতে যুৱপ্ৰজন্মৰ কল্যাণ, ৰাষ্ট্ৰীয় চেতনাৰ বিকাশ আৰু যুৱসমাজৰ মাজত দেশপ্ৰেমৰ ভাবনা জগাই তোলাৰ উদ্দেশ্যে অসম লোকভৱনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে।
 
বিশেষকৈ ৰাজ্যপালগৰাকীয়ে ‘নিচামুক্ত যুৱ ফৰ বিকশিত ভাৰত’ আৰু ‘নমো মাতৃভূমি সুৰক্ষা এৱং স্বাৱলম্বন সংকল্প সপ্তাহ’ শীৰ্ষক দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে। 
 
লোকভৱনৰ বিবৃতি অনুসৰি, এই পদক্ষেপসমূহৰ মূল উদ্দেশ্য হৈছে যুৱপ্ৰজন্মক সবল আৰু আত্মনিৰ্ভৰশীল কৰি তোলা, নিচাযুক্ত দ্ৰব্য সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু দেশৰ সুৰক্ষা, স্বাৱলম্বিতা তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যুৱসমাজৰ দায়িত্ববোধ অধিক শক্তিশালী কৰা।
 
এই কাৰ্যসূচীসমূহৰ জৰিয়তে যুৱপ্ৰজন্মক সমাজ আৰু দেশৰ প্ৰতি অধিক সচেতন আৰু দায়িত্বশীল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হয়। সাক্ষাতৰ অন্তত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিহা-পৰামৰ্শ আৰু তেওঁৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে বুলিও লোকভৱনৰ বিবৃতিত জানিবলৈ দিয়া হৈছে।