গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ হোটেল বিলাছ ইনত গুলীচালনাঃ মহিলাসহ পাঁচজনৰ মৃত্যু, ঘটনাস্থলীত তদন্ত অব্যাহত

Story by  Imtiaz Ahmed | Posted by   Imtiaz Ahmed • 1 h ago
ঘটনাস্থলীৰ দৃশ্য
ঘটনাস্থলীৰ দৃশ্য
গুৱাহাটী

মহানগৰীৰ বৰা ছাৰ্ভিচ অঞ্চলৰ হোটেল বিলাছ ইন আৰু ইয়াৰ সমীপত সোমবাৰে নিশা প্ৰায় ৯ বাজি ৫০ মিনিটত সংঘটিত গুলীচালনাত পাঁচজন লোকৰ মৃত্যু হোৱা বুলি প্ৰাথমিক খবৰ পোৱা গৈছে। ঘটনাত আন কেইবাজনো লোক আহত হোৱাৰ খবৰো প্ৰকাশ পাইছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে স্থানীয় বাসিন্দাসকলৰ মাজত ভয় আৰু উদ্বেগৰ পৰিৱেশ সৃষ্টি কৰিছে। পাঁচজনৰ মৃত্যুৰ প্ৰাথমিক খবৰ প্ৰকাশ পাইছে যদিও এই সংখ্যাৰ চূড়ান্ত আৰক্ষী নিশ্চিতকৰণৰ অপেক্ষা কৰা হৈছে।

সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভাইৰেল ভিডিঅ’ত লাভ কৰা তথ্য অনুসৰি, গুলীচালনাৰ স্থান হৈছে কল্যাণ জুৱেলাৰ্ছৰ বিপণীৰ কাষেৰে হোটেল বিলাছ ইনলৈ যোৱা গলি আৰু হোটেলখনৰ অভ্যৰ্থনা কক্ষ। প্ৰচাৰিত ভিডিঅ'টোত দেখা গৈছে যে গলিত পৰি থকা এটা মৃতদেহৰ লগলতে হোটেলৰ অভ্যৰ্থনা কক্ষত তেজ লাগি থকা মৃতদেহও গৈছে। অৱশ্যে ভিডিঅ’টোৰ সত্যতা আৰু ঘটনাৰ সঠিক সময়ৰ স্বতন্ত্ৰ নিশ্চিতকৰণ হোৱা নাই। 

নিহতসকলৰ মাজত অন্ততঃ দুগৰাকী মহিলা থকা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি এই গুলীচালনাত হোটেলখনৰ স্বত্বাধিকাৰ হেলেনা ভৰালীৰো মৃত্যু হয়। আন নিহতসকলৰ নাম-পৰিচয় আৰু তেওঁলোকৰ মাজত মহিলাৰ সঠিক সংখ্যা আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। 

আহতসকলৰ মাজত হোটেলৰ কৰ্মচাৰীও থকা বুলিও বিভিন্ন সংবাদমাধ্যমে উল্লেখ কৰিছে। এই তথ্য গুলীবিদ্ধ লোকৰ প্ৰাথমিক হিচাপহে; ইয়াক নিহত আৰু আহতৰ চূড়ান্ত মুঠ সংখ্যা বুলি নিশ্চিত কৰা হোৱা নাই। আহতৰ সঠিক সংখ্যাও এতিয়ালৈকে স্পষ্ট হোৱা নাই।

গুলীচালনাৰ কাৰণ, ঘটনাত জড়িত লোকসকলৰ পৰিচয় আৰু আক্ৰমণৰ পূৰ্বৰ পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে নিহতসকলৰ পৰিচয় নিৰ্ণয় কৰাৰ লগতে ঘটনাৰ আঁৰৰ কাৰণ আৰু দায়ী ব্যক্তিসকলক চিনাক্ত কৰিবলৈ তথ্য সংগ্ৰহ কৰি আছে। তদন্ত আগবঢ়াৰ লগে লগে ঘটনাৰ সবিশেষ স্পষ্ট হোৱাৰ আশা কৰা হৈছে।

গুলীচালনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তও ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ আৰু চিকিৎসাৰ ব্যৱস্থাৰ বাবে কেইবাখনো এম্বুলেন্স ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। আহতসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাৰ বাবে নিয়া হয়।
 
সংবাদমাধ্যমৰ আগত দিয়া প্ৰাথমিক বক্তব্যত আৰক্ষী আয়ুক্ত মহন্তই কয়: "চাৰিটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাত জড়িত দোষীক শীঘ্ৰে কৰায়ত্ত কৰা হ’ব।" পাঁচজনৰ মৃত্যুৰ প্ৰাথমিক খবৰৰ বিপৰীতে আৰক্ষীৰ এই বক্তব্য সেই সময়লৈকে উদ্ধাৰ হোৱা চাৰিটা মৃতদেহৰ বিষয়েহে আছিল। মৃতকৰ চূড়ান্ত সংখ্যা সন্দৰ্ভত পৰৱৰ্তী আনুষ্ঠানিক তথ্যৰ অপেক্ষা কৰা হৈছে।

আৰক্ষীৰ লগতে ফৰেনছিক দলেও ঘটনাস্থলীত তদন্তত যোগ দিছে। 

এই ঘটনাই মহানগৰীৰ আইন-শৃংখলা আৰু সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ পুনৰ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় বাসিন্দাসকলৰ উদ্বেগৰ মাজতে নিহত আৰু আহতৰ চূড়ান্ত সংখ্যা, তেওঁলোকৰ পৰিচয়, ঘটনাৰ কাৰণ আৰু সম্পূৰ্ণ ঘটনাক্ৰম সন্দৰ্ভত আৰক্ষীৰ পৰৱৰ্তী আনুষ্ঠানিক বিবৃতিৰ অপেক্ষা কৰা হৈছে।



শেহতীয়া খবৰ