গুৱাহাটী
কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযান চলাই প্ৰায় ৭৮,৪০০ টা য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ১৯.৬ কোটি টকা বুলি অনুমান কৰা হৈছে। ইয়াৰ লগতে আটক কৰা হৈছে এজন লোকক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডেলত এই সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰিছে, "মিছন অসম্ভৱ? অসমত নহয়! সীমান্তত বাহন সলনি কৰিলেই শেষটো সলনি নহয়৷ কাছাৰ আৰক্ষীয়ে ১৯.৬ কোটি টকা মূল্যৰ ৭৮,৪০০ টা য়াবা টেবলেট জব্দ কৰাৰ লগতে এজনক আটক কৰিছে। অসম আৰক্ষীয়ে বেয়া মানুহে যাতে কোনো সুৰুঙা নাপায় সেয়া নিশ্চিত কৰি আহিছে।"
উল্লেখ্য যে, কাছাৰ যিহেতু অসমৰ সীমামূৰীয়া জিলা, সেয়ে বিদেশৰ পৰা কাছাৰ সীমান্তৰে এই সৰবৰাহ কৰা দেখা যায় ৷ ম্যানমাৰৰ পৰা মণিপুৰ আৰু মিজোৰাম হৈ অসমলৈ ড্ৰাগছ সৰবৰাহ হোৱা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উঠি আহিছে ৷ কাছাৰৰ লগতে শ্ৰীভূমি জিলাতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে বিগত সময়ছোৱাত ব্যাপক সফলতা লাভ কৰা দেখা গৈছে ৷