ফ্ৰান্সৰ সাম্প্ৰতিক হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত পেৰিছস্থিত ভাৰতীয় দূতাবাসৰ জৰুৰী সতৰ্কতবাণী

Story by  atv | Posted by  [email protected] • 1 h ago
ফ্ৰান্সৰ সাম্প্ৰতিক হিংসাত্মক পৰিস্থিতি
ফ্ৰান্সৰ সাম্প্ৰতিক হিংসাত্মক পৰিস্থিতি
 
নতুন দিল্লী
 
ফ্ৰান্সত শেহতীয়াভাৱে বৃদ্ধি পোৱা চৰকাৰবিৰোধী প্ৰতিবাদ আৰু ক্ৰমাৎ অৱনতি ঘটা আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পেৰিছস্থিত ভাৰতীয় দূতাবাসে এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। দেশখনৰ কেইবাখনো চহৰত প্ৰতিবাদকাৰীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত, ফ্ৰান্সত থকা সকলো প্ৰৱাসী ভাৰতীয় নাগৰিক আৰু ভ্ৰমণকাৰীক সৰ্বোচ্চ পৰ্যায়ৰ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।
 
ফ্ৰান্সত বসবাস কৰি থকা প্ৰৱাসী ভাৰতীয়, অধ্যয়নৰত শিক্ষাৰ্থী তথা ভ্ৰমণৰ বাবে যোৱা পৰ্যটকসকলক নিজৰ ব্যক্তিগত সুৰক্ষা নিশ্চিত কৰাৰ লগতে স্থানীয় প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলিবলৈ দূতাবাসে অনুৰোধ জনাইছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকসকলৰ বাবে তলত উল্লেখ কৰা সতৰ্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছে:
 
প্ৰতিবাদ চলি থকা স্থান, যিকোনো ধৰণৰ ৰেলী বা জনসমাগম হোৱা উত্তপ্ত এলেকালৈ নাযাবলৈ আৰু সেইবোৰৰ পৰা সম্পূৰ্ণৰূপে নিৰাপদ দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে।
 
বজাৰ-সমাৰ, মেট্ৰ' ষ্টেচন, পৰ্যটন কেন্দ্ৰ বা অধিক ভিৰ হোৱা ৰাজহুৱা স্থানসমূহলৈ অপ্ৰয়োজনীয়ভাৱে যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
 
ফ্ৰান্স চৰকাৰ আৰু স্থানীয় আৰক্ষী প্ৰশাসনে জাৰি কৰা সান্ধ্য আইন (কাৰ্ফিউ) বা যিকোনো সুৰক্ষা সম্বন্ধীয় নীতি-নিয়মসমূহ কঠোৰভাৱে আৰু সঠিকভাৱে পালন কৰিবলৈ কোৱা হৈছে।
 
ইপিনে, এই অনিশ্চয়তাৰ মাজত ফ্ৰান্সত থকা কোনো ভাৰতীয় নাগৰিক অপ্ৰত্যাশিত বিপদৰ সন্মুখীন হ’লে বা জৰুৰীকালীন সহায়ৰ প্ৰয়োজন হ’লে তাৎক্ষণিকভাৱে যোগাযোগ কৰিবলৈ পেৰিছস্থিত ভাৰতীয় দূতাবাসে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে দূতাবাসে এটা ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা হেল্পলাইন নম্বৰ আৰু ই-মেইল আই ডি মুকলি কৰিছে।
 
যিকোনো জৰুৰীকালীন অৱস্থাত সহায় বিচাৰিবলৈ ভাৰতীয় নাগৰিকসকলক দূতাবাসৰ হেল্পলাইন নম্বৰ +33 648340063 ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।