মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ; আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ ব্যাপক মূল্যবৃদ্ধি

Story by  atv | Posted by  [email protected] • 1 h ago
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ ব্যাপক মূল্যবৃদ্ধি
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ ব্যাপক মূল্যবৃদ্ধি
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ এতিয়া সমগ্ৰ বিশ্বৰ অৰ্থনীতিত পৰিবলৈ ধৰিছে। শেহতীয়া পৰিস্থিতিৰ পোনপটীয়া ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম, যিয়ে সমগ্ৰ বিশ্বৰ ইন্ধন বজাৰত এক বৃহৎ অস্থিৰতাৰ সৃষ্টি কৰিছে।
 
প্ৰাপ্ত তথ্য অনুসৰি, খাৰুৱা তেলৰ মূল্যই একেবাৰে আকাশলংঘী ৰূপ ধাৰণ কৰিছে। ভাৰতীয় বজাৰৰ প্ৰেক্ষাপটত 'ইণ্ডিয়ান বাস্কেট'-ৰ খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১৫.৫৫ ডলাৰলৈ বৃদ্ধি পাইছে।
 
আনহাতে, গোলকীয় মানদণ্ড হিচাপে পৰিচিত ব্ৰেণ্ট খাৰুৱা তেলৰ দামেও ইতিমধ্যে ১০০ ডলাৰৰ ঘৰ অতিক্ৰম কৰিছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১০.১০ ডলাৰত উপনীত হৈছেগৈ।
 
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে যে, যুদ্ধৰ এই প্ৰভাৱৰ বাবে আগন্তুক সময়ত বিশ্বৰ খাৰুৱা তেলৰ বজাৰত আৰু অধিক ব্যাপক হাৰত দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এক কথাত ক’বলৈ গ’লে, মধ্যপ্ৰাচ্যৰ এই সংঘাটৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ খাৰুৱা তেলৰ বজাৰ গভীৰ সংকটৰ দিশে আগবাঢ়িছে।