নতুন দিল্লী
পুনৰ আন এক বৃহৎ ঘোষণাৰে বিশ্বৰ ৰাজনীতি তথা অৰ্থনীতিত ধুমুহাৰ সৃষ্টি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে এইবাৰ ইৰানত চৰকাৰ বিৰোধী প্ৰদৰ্শনকাৰীৰ ওপৰত চলি থকা দমনমূলক নীতিৰ প্ৰতিবাদ জনাই ইৰানৰ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে প্ৰবল গণবিক্ষোভে বিগত কিছুদিন ধৰি উত্তাল কৰি ৰাখিছে ইৰান। এই প্ৰতিবাদৰ সময়ত প্ৰায় ৬০০ লোকৰ মৃত্যু হোৱা বুলি খবৰ পোহৰলৈ আহিছে। এই ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আমেৰিকাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানক কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে দেশখনৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা দেশসমূহকো সাৱধান বাণী শুনাইছে।
ইৰান চৰকাৰে যদি নিৰীহ প্ৰদৰ্শনকাৰীৰ ওপৰত মাৰাত্মক শক্তি প্ৰয়োগ কৰা বন্ধ নকৰে, তেতিয়া আমেৰিকাই এক কল্পনাতীত উচিত প্ৰত্যুত্তৰ দিব বুলি ট্ৰাম্পে স্পষ্ট কৰি দিছে। এই চাপ বৃদ্ধি কৰিবলৈকে ট্ৰাম্পে ইৰানৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত এতিয়া ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰিছে।
সোমবাৰে ছচিয়েল মিডিয়াৰ এটা পোষ্টৰ জৰিয়তে ট্ৰাম্পে এই সিদ্ধান্ত ঘোষণা কৰে আৰু এই নিয়ম তৎকালীনভাৱে কাৰ্যকৰী হ’ব বুলি স্পষ্ট কৰি দিয়ে। ইৰানৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা চীন, ব্ৰাজিল, তুৰস্ক আৰু ৰাছিয়াৰ দৰে দেশসমূহে এতিয়া আমেৰিকাৰ এই নতুন নিয়মৰ ফলত লোকচানৰ সন্মুখীন হ’ব লাগিব।
এই নতুন শুল্কৰ ফলত চীনৰ পৰা আমেৰিকালৈ যোৱা সামগ্ৰীৰ ওপৰত মুঠ শুল্কৰ হাৰ ৪৫% লৈ বৃদ্ধি পাব পাৰে। যিহেতু চীনৰ ওপৰত পূৰ্বৰে পৰা ২০% শুল্ক আছিল, তাৰ লগত নতুন ২৫% যোগ হৈ ইয়াৰ পৰিমাণ যথেষ্ট হ’ব। যোৱা বছৰ চীনৰ সামগ্ৰীৰ ওপৰত ট্ৰাম্পে টেৰিফৰ পৰিমাণ ১৪৫% লৈ বৃদ্ধি কৰি গোলকীয় বজাৰ কঁপাই দিছিল।
আনহাতে, ভাৰতৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত। চীনৰ উপৰি ভাৰত, ইউ.এ.ই আৰু তুৰস্কক ইৰানৰ ডাঙৰ বাণিজ্যিক অংশীদাৰ হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰপতি ট্ৰাম্পে ইতিমধ্যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহক শাস্তি দিয়াৰ উদ্দেশ্যে ভাৰতৰ পৰা অহা সামগ্ৰীৰ ওপৰত শুল্ক দুগুণ কৰি ৫০% লৈ বৃদ্ধি কৰাৰ ভাবুকি দিছে। একেধৰণৰ ভাবুকি তেওঁ ৰাছিয়াৰ তেল ক্ৰয় কৰা চীনসহ অন্যান্য দেশসমূহকো দিছে।
অৱশ্যে, এই শুল্ক কেৱল সামগ্ৰীৰ ওপৰত নে সেৱা খণ্ডৰ ওপৰতো লাগিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বৰ্তমান ইৰানত ফোন আৰু ইণ্টাৰনেট সেৱা বিচ্ছিন্ন হৈ থকাৰ সময়তে আমেৰিকাই সামৰিক হস্তক্ষেপৰো ইংগিত দিছে। ট্ৰাম্পৰ এনে ভাবুকিয়ে বিশ্বজুৰি আন এক শংকাৰ সৃষ্টি কৰিছে।