৩৪ বছৰৰ পাছত শ্ৰীনগৰৰ ৰাজপথত দেখা গ'ল মহৰমৰ পৰম্পৰাগত শোভাযাত্ৰা

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্ৰীনগৰৰ ৰাজপথত মহৰমৰ শোভাযাত্ৰা উলিয়াইছে ছিয়া সম্প্ৰদায়ৰ লোকসকলে
শ্ৰীনগৰৰ ৰাজপথত মহৰমৰ শোভাযাত্ৰা উলিয়াইছে ছিয়া সম্প্ৰদায়ৰ লোকসকলে
 
বসিত জাৰগৰ / শ্ৰীনগৰ
 
সন্ত্ৰাসবাদীৰ কূটাঘাত আৰু আক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু আৰু কাশ্মীৰ প্ৰশাসনে ১৯৮৯ চনত ধৰ্মীয় শোভাযাত্ৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু কাশ্মীৰ উপত্যকালৈ শেহতীয়াকৈ শান্তি-শৃংখলা উভতি অহাত সূদীৰ্ঘ ৩৪ বছৰৰ পাছত জম্মু আৰু কাশ্মীৰ প্ৰশাসনে ধৰ্মীয় শোভাযাত্ৰাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত শ্ৰীনগৰৰ ৰাজপথত দেখা গৈছে মহৰামৰ শোভাযাত্ৰা। চহৰখনৰ আবিগুজাৰৰ পৰা দলগেটলৈ শতাধিক ছিয়া সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত শোভাযাত্ৰা উলিয়ায়। 
 
গুৰুবজাৰ অঞ্চলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হজৰত মহম্মদৰ নাতি ইমাম হুছেইনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শতাধিক লোক সমবেত হয়। গভীৰ শ্ৰদ্ধাৰে তেওঁলোকে ইমাম হুছেইনৰ ত্যাগ আৰু কষ্টক স্মৰণ কৰে আৰু শোকসন্তপ্ত লোকসকলে শোভাযাত্ৰা কৰি বুডশ্বাহ চক আৰু এম এ ৰোডৰ মাজেৰে পাৰ হৈ অৱশেষত গন্তব্যস্থান দলগেটত শান্তিপূৰ্ণভাৱে শোভাযাত্ৰাৰ সামৰণি মাৰে। 
 
শ্ৰীনগৰৰ ৰাজপথত মহৰমৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে এগৰাকী মহিলা আৰু তেওঁৰ সন্তানে
 
পৰম্পৰাগতভাৱে শোভাযাত্ৰা পাৰ হোৱাৰ বাবে প্ৰশাসনে পুৱা ৬ বজাৰ পৰা ৮ বজালৈ সময় নিৰ্ধাৰণ কৰে। ছিয়া নেতা আৰু ধৰ্মগুৰুসকলে এই পদক্ষেপক আদৰণি জনাইছে আৰু এই ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰশাসনক প্ৰশংসা কৰিছে।
 
কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ শোকসন্তপ্ত লোকে শান্তিৰে শোভাযাত্ৰাত অংশ লয়। তেওঁলোকৰ বহুতে হজৰত ইমাম হুছেইনৰ ওখ পতাকা (আলম) লৈ হজৰত মহম্মদৰ নাতিৰক প্ৰশংসাৰে ওপচায় পেলায়। ‘ইমান দীঘলীয়া ব্যৱধানৰ পিছত শোভাযাত্ৰা উলিয়াবলৈ অনুমতি দিয়াৰ বাবে আমি জম্মু-কাশ্মীৰ প্ৰশাসনৰ প্ৰতি কৃতজ্ঞ। এইটো সঁচাকৈয়ে আমাৰ বাবে এক আনন্দ আৰু এক ডাঙৰ মুহূৰ্ত।’-শোভাযাত্ৰাত অংশ লোৱা আলতাফ হুছেইন নামৰ এজন লোকে এইদৰে কয়।
 
মহৰমৰ শোভাযাত্ৰাত অংগ্ৰহণ কৰা শোকপ্ৰকাশকাৰীসকলক শীতল পানীয় পৰিৱেশন কৰিছে আৰক্ষীয়ে
 
তেওঁ কয় যে মহৰমে প্ৰতিজন মুছলমানলৈ হজৰত ইমাম হুছেইনৰ পদাংক অনুসৰণ কৰিবলৈ সোঁৱৰাই দিয়ে। ইফালে, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে জানিবলৈ দিয়া মতে, বুধবাৰে শ্ৰীনগৰত এখন নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়, য’ত আছুৰা শোভাযাত্ৰাৰ নিষেধাজ্ঞা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়।
 
"শোভাযাত্ৰা শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে নিশা ২ বজাৰ পৰা পথত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়। মই ক’ম যে এইটো শান্তিৰ অন্যতম উদাহৰণ।” শোভাযাত্ৰীৰ সময়ত উপস্থিত থকা  শ্ৰীনগৰৰ উপ আৰক্ষী আয়ুক্ত মহম্মদ আইজাজ আছাদে কয়। তেওঁ কয় যে শোকসন্তপ্ত লোকসকলে প্ৰশাসনক সহযোগিতা আগবঢ়াইছে।
 
মহৰমৰ শোভাযাত্ৰাত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাৰ বাবে নিৰাপত্তা বাহিনী তীক্ষ্ণ দৃষ্টি ৰাখিছে
 
শ্ৰীনগৰৰ মেয়ৰ জুনাইদ আজিম মাট্টুৱে কয় যে শ্ৰীনগৰৰ ৰাজপথত বহুদিনৰ পিছত আজি বিশ্বাসৰ প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে। এই ঐতিহাসিক সিদ্ধান্তৰ বাবে মই শ্ৰীনগৰ জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছো। অংশগ্ৰহণকাৰীসকলে শান্তিপূৰ্ণভাৱে শোভাযাত্ৰাত খোজ কাঢ়িছে আৰু মই আশা কৰিছো যে আছুৰা দশম মহৰমৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব।