উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী চিকিৎসালয়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে GMCHত সফল যকৃত প্ৰতিস্থাপন

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী
 
অসমৰ চিকিৎসা খণ্ডত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে (GMCH)। উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী চিকিৎসালয়সমূহৰ ভিতৰত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন কৰা হ’ল যকৃত প্ৰতিস্থাপনৰ দৰে এক জটিল অস্ত্ৰোপচাৰ। এই কথা সদৰী কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে। 
 
মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, ২৩ অক্টোবৰৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। প্ৰায় ১৬ ঘণ্টা ধৰি চলা অস্ত্ৰোপচাৰটোৰ নেতৃত্ব দিয়ে ডাঃ চেন্থিল কুমাৰে।
 
এই বিশেষ সফলতাত আনন্দ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে কয় যে, যকৃত প্ৰতিস্থাপনৰ দৰে জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰা দেশৰ নিৰ্বাচিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহৰ শাৰীত এতিয়া স্থান লাভ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে। 
 
উল্লেখযোগ্য যে, এই সফলতাই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী স্বাস্থ্যসেৱা খণ্ডত এক গুৰুত্বপূৰ্ণ সংযোজন ঘটাইছে। বিশেষকৈ উচ্চ পৰ্যায়ৰ জটিল চিকিৎসাসেৱা প্ৰদানৰ ক্ষেত্ৰত জিএমচিএইছৰ এই পদক্ষেপ এক উল্লেখনীয় অগ্ৰগতি হিচাপে বিবেচিত হৈছে।
 
অৱশ্যে যকৃত প্ৰতিস্থাপন কৰা ৰোগীগৰাকীৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা অথবা অস্ত্ৰোপচাৰত জড়িত সম্পূৰ্ণ চিকিৎসক দলটোৰ বিষয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বক্তব্যত সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।  


শেহতীয়া খবৰ