অসমৰ ৭২.৮ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত, দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম

Story by  atv | Posted by  Munni Begum • 12 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
বৰ্তমান অসমৰ ২০ৰ পৰা ৫৯ বছৰ বয়সৰ ৭২.৮ শতাংশ মহিলা ৰক্তহীনতা অৰ্থাৎ এনিমিয়াত আক্ৰান্ত। অৰ্থাৎ ৰাজ্যখনৰ প্ৰতি এশগৰাকী মহিলাৰ প্ৰায় ৭৩ গৰাকীয়েই ৰক্তহীনতাৰ চিকাৰ হৈছে। ৰক্তহীনতাত আক্ৰান্ত মহিলাৰ হাৰৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে অসম। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। 
 
প্ৰতিবেদন অনুসৰি, ২০ৰ পৰা ৫৯ বছৰ বয়সৰ মহিলাৰ ৰক্তহীনতাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে ত্ৰিপুৰা। ৰাজ্যখনৰ এই বয়সৰ ৭৩.৩ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত। আনহাতে, ২০ৰ পৰা ৫৯ বছৰ বয়সৰ মহিলাৰ ভিতৰত পশ্চিমবংগৰ ৭০.৭ শতাংশ, ছত্তীশগড়ৰ ৭১.৫ শতাংশ, পঞ্জাবৰ ৭০.১ শতাংশ আৰু গুজৰাটৰ ৬৩.৮ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত। এই বয়সৰ মহিলাৰ ৰক্তহীনতাৰ সৰ্বভাৰতীয় হাৰ হৈছে ৫৯.৮ শতাংশ। 
 
কেৱল এয়াই নহয়, ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ ৰক্তহীনতাৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে অসম। ৰাজ্যখনৰ এই বয়সৰ ৭১.৯ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত। আনহাতে, ৭২.৪ শতাংশৰে এই তালিকাৰ শীৰ্ষস্থানত আছে পশ্চিমবংগ। একেটা বয়সৰ মহিলাৰ ভিতৰত ছত্তীশগড়ৰ ৭১.৫ শতাংশ, পঞ্জাবৰ ৭০.৫ শতাংশ, ত্ৰিপুৰাৰ ৭০ শতাংশ আৰু গুজৰাটৰ ৬৬.২ শতাংশ মহিলা ৰক্তহীনতাৰ চিকাৰ হৈছে। ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ ৰক্তহীনতাৰ সৰ্বভাৰতীয় হাৰ হৈছে ৫৫.৯ শতাংশ।
 
এই ক্ষেত্ৰত উন্নত ফলাফল প্ৰদৰ্শন কৰা ৰাজ্যখন হৈছে কেৰালা। ৰাজ্যখনত তুলনামূলকভাৱে অতি কমসংখ্যক মহিলা ৰক্তহীনতাত আক্ৰান্ত হৈছে। সমীক্ষাত ৰক্তহীনতাৰ বাবে কেইবাটাও কাৰক চিহ্নিত কৰা হৈছে। আইৰনৰ অভাৱৰ লগতে বংশগত কাৰণ, থালাছেমিয়া, বৃক্ক আৰু যকৃতৰ সমস্যা, কৰ্কট ৰোগ, সংক্ৰমণ তথা অন্যান্য বিভিন্ন ৰোগৰ ফলতো মহিলাসকল ৰক্তহীনতাত আক্ৰান্ত হয়। এই সমস্যা সমাধানৰ বাবে চৰকাৰসমূহে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও সমীক্ষাত উল্লেখ কৰা হৈছে।