অসমৰ মুঠ স্বাস্থ্য ব্যয়ৰ ৫৯.৫ শতাংশ বহন চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
অসমৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰী ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে সাধাৰণ পৰিয়ালসমূহৰ ওপৰত চিকিৎসাৰ আৰ্থিক বোজা হ্ৰাস পাইছে। ৰাজ্যখনৰ মুঠ স্বাস্থ্য ব্যয়ৰ ৫৯.৫ শতাংশ এতিয়া চৰকাৰে বহন কৰিছে। ২০ নৱেম্বৰত এই তথ্য প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপৰ (National Health Accounts) শেহতীয়া তথ্যৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম এক্সত কয় যে, ২০২৩-২৪ বৰ্ষত দেশৰ ২১খন ৰাজ্যৰ ভিতৰত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰী ব্যয়ৰ অংশৰ হিচাপত অসম তৃতীয় স্থানত আছে।
 
মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ মুঠ স্বাস্থ্য ব্যয়ৰ ৩৪.৮ শতাংশ জনসাধাৰণে নিজৰ পকেটৰ পৰা বহন কৰিবলগীয়া হয়। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰ্যায়ত এই ব্যয়ৰ গড় হাৰ হৈছে ৪২.৭ শতাংশ। অৰ্থাৎ দেশৰ গড় হাৰৰ তুলনাত অসমৰ ৰাইজে চিকিৎসাৰ বাবে নিজৰ পকেটৰ পৰা তুলনামূলকভাৱে কম ধন ব্যয় কৰিবলগীয়া হৈছে।
 
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ৰাষ্ট্ৰীয় স্বাস্থ্য হিচাপৰ শেহতীয়া তথ্যই আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতিফলন ঘটাইছে। বৰ্তমান অসমৰ মুঠ স্বাস্থ্য ব্যয়ৰ ৫৯.৫ শতাংশ চৰকাৰে বহন কৰিছে। ইয়াৰ ফলত সাধাৰণ পৰিয়ালসমূহে চিকিৎসাৰ বাবে নিজৰ পকেটৰ পৰা কম ধন খৰচ কৰিবলগীয়া হৈছে।" 
 
এই পৰিসংখ্যাই ৰাজ্যখনৰ সামগ্ৰিক স্বাস্থ্য ব্যয়ত চৰকাৰৰ আৰ্থিক অৱদানৰ পৰিমাণ স্পষ্ট কৰি তুলিছে। একে সময়তে স্বাস্থ্যসেৱাৰ বাবে সাধাৰণ ৰাইজে নিজে বহন কৰিবলগীয়া ব্যয়ৰ ছবিখনো দাঙি ধৰিছে।
 
মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰী ব্যয়ৰ অংশ বৃদ্ধি পোৱাটো ৰাজ্যখনৰ সাধাৰণ পৰিয়ালসমূহৰ চিকিৎসাজনিত আৰ্থিক বোজা হ্ৰাস কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।


অধিক পঢ়ক